প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সাহস আৰু স্থিতিস্থাপকতাৰ শক্তিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
प्रविष्टि तिथि:
08 JUL 2026 7:48AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সাহস হৈছে এখন ৰাষ্ট্ৰৰ সৰ্ববৃহৎ শক্তি। তেওঁ কয় যে কঠিন প্ৰত্যাহ্বানৰ সময়তো ঐক্যবদ্ধ হৈ থাকিবলৈ আৰু প্ৰগতি, সমৃদ্ধি তথা আত্মনিৰ্ভৰশীলতাৰ দিশত স্থিৰভাৱে আগবাঢ়ি যাবলৈ ই দেশক অনুপ্ৰাণিত কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-
“चलन्ति गिरयः कामं युगान्तपवनाहताः।
कृच्छ्रेऽपि न चलत्येव धीराणां निश्चलं मनः।। ”
সুভাশিতমত এইবুলি কোৱা হৈছে যে ধুমুহা-বতাহে আঘাত কৰা পৰ্বতবোৰো বিলুপ্তিৰ সময়ত জোকাৰণি খাই গতিশীল হৈ পৰে; তথাপিও আটাইতকৈ গুৰুতৰ প্ৰত্যাহ্বানৰ সময়ত অটলসকলৰ মন অদম্য আৰু অবিক্ষিপ্ত হৈ থাকে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘ধৈৰ্য্য হৈছে এখন ৰাষ্ট্ৰৰ সৰ্ববৃহৎ শক্তি। ই দেশক কঠিন প্ৰত্যাহ্বানৰ সময়তো ঐক্যবদ্ধ হৈ থকাৰ লগতে প্ৰগতি, সমৃদ্ধি তথা আত্মনিৰ্ভৰশীলতাৰ দিশত সুস্থিৰভাৱে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।
चलन्ति गिरयः कामं युगान्तपवनाहताः।
कृच्छ्रेऽपि न चलत्येव धीराणां निश्चलं मनः।।’
***
MJPS/SS/ST/NB
(रिलीज़ आईडी: 2282348)
आगंतुक पटल : 11