প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিনয় আৰু নিঃস্বাৰ্থ সেৱাৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
07 JUL 2026 10:01AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সমৃদ্ধিৰ প্ৰকৃত সৌন্দৰ্য্য হ’ল বিনয় আৰু নিঃস্বাৰ্থ সেৱা। তেওঁ উল্লেখ কৰে যে সফলতা কেৱল তেতিয়াহে অৰ্থপূৰ্ণ হয় যেতিয়া ইয়াক জনকল্যাণ আৰু সমাজৰ কল্যাণৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হয়।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে -
“भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभि-र्दूर-विलम्बिनो घनाः। अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥”
এই হিতোপদেশে প্ৰকাশ কৰে যে যেনেকৈ ফলেৰে ভৰা গছ আৰু ডাৱৰেৰে ভৰা বৰষুণ পৃথিৱীৰ ফালে নামি আহে, ঠিক তেনেদৰে পৰোপকাৰী আৰু মহানসকলে ধন আৰু খ্যাতি লাভ কৰাৰ পাছতো নম্র হৈ থাকে। গৌৰৱৰ পৰিৱৰ্তে তেওঁলোকে সমাজৰ উন্নতিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
"সমৃদ্ধিৰ সৌন্দৰ্য বিনয় আৰু পৰোপকাৰত নিহিত হয় থাকে। সফলতা তেতিয়াহে সাৰ্থক হয় য'ত জনকল্যাণৰ ভাৱনাহে হ’ল মূল।
भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभि-र्दूर-विलम्बिनो घनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥”
***************
MJPS/SS/ST/HS
(रिलीज़ आईडी: 2281892)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam