প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ তালিকা: ১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে কৰা জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সুফলসমূহ

प्रविष्टि तिथि: 02 JUL 2026 10:03PM by PIB Guwahati

 

ক্ৰমিক নং.

ফলাফল

বিৱৰণ

১.

অৰ্থনৈতিক সুৰক্ষাৰ বিষয়ত  ভাৰত-জাপান যৌথ ঘোষণা

অৰ্ধপৰিবাহী, জটিল খনিজ পদাৰ্থ, এআই, স্বচ্ছ শক্তি আৰু ঔষধকে ধৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তিকে ধৰি মূল খণ্ডসমূহত যৌথ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে প্ৰকল্পভিত্তিক সহযোগিতাৰ প্ৰসাৰঘটোৱাৰ বিষয়ত সহমত প্ৰকাশ কৰে। ভাৰত-জাপান তথ্য পত্ৰ ২.০ য়ে এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাৰত-জাপানৰ জি টু জি আৰু বি টু বি সংযোগক ক্ৰমবৰ্ধমান ৰূপত  ধৰি ৰাখিছে।

কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত  ভাৰত-জাপানৰ যৌথ বিবৃতি

ভাৰত-জাপানৰ সম্পৰ্কক এআই ডমেইনত কৌশলগত গৱেষণা আৰু উন্নয়ন অংশীদাৰিত্বলৈ উন্নীত কৰাৰ পোষকতা । ভাৰত-জাপান এআই পদক্ষেপৰ বিষয়ত প্ৰদান কৰা যৌথ বিবৃতিটোৱে নিৰাপদ, সুৰক্ষিত, বিশ্বাসযোগ্য, অন্তৰ্ভুক্ত আৰু মানৱকেন্দ্ৰিক এআইৰ ভাগ-বাটোৱাৰা কৰা  দৃষ্টিভংগীক প্ৰতিফলিত কৰে। সমগ্ৰ এআই প্ৰযুক্তি ষ্টেকটোত অধিক সহযোগিতাৰ বাবে এক ৰোডমেপ প্ৰদান কৰাত সহমত প্ৰকাশ কৰা হয়।

শক্তি স্থিতিস্থাপকতাৰ বিষয়ত প্ৰদান কৰা যৌথ বিবৃতি  আৰু এমইটিআই-

খাৰুৱা তেল তথা পেট্ৰলিয়াম সামগ্ৰীৰ বাবে কৌশলগত মজুতকৰণ আৰু সংৰক্ষণ ব্যৱস্থাত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত সহমত প্ৰকাশ কৰা হয়। সামুদ্ৰিক শক্তি পৰিবহণ মূল্য শৃংখলত যৌথ বিনিয়োগত সহযোগিতাক প্ৰসাৰিত কৰিবলৈ দুয়োখন দেশ সন্মত হয়।

ভাৰত-জাপান কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন

কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰীয়া জয়ন্তী ২০২৭ বৰ্ষক ভাৰত-জাপানৰ ভাগ-বাটোৱাৰা কৰা বৰ্ষ হিচাপে উদযাপন কৰিবলৈ দুয়োখন দেশে অনুষ্ঠানৰ ৰূপৰেখা দাঙি ধৰে।

ভাৰত-জাপান সমবায় বায়’গেছ ফৰ গ্ৰ’থ (চিবিজি) পদক্ষেপ

দুগ্ধ সমবায়ৰ বিস্তৃত নেটৱৰ্কৰ সহায় লৈ সমগ্ৰ ভাৰততে ১০০০টা জৈৱ গেছ আৰু জৈৱিক সাৰ উদ্যোগ স্থাপনৰ লক্ষ্যৰ দিশত সহযোগিতাক প্ৰসাৰিত কৰাৰ বিষয়ত চুক্তি হয়।

বেটাৰীৰ ক্ষেত্ৰত সহযোগিতাৰ পদক্ষেপ

বেটাৰী-সম্পৰ্কীয় প্ৰকল্পসমূহত সহযোগিতাক প্ৰসাৰিত কৰিবলৈ  আৰু এটা বিশ্বাসযোগ্য, স্থিতিস্থাপক তথা বহনক্ষম বেটাৰী যোগান শৃংখল গঢ়ি তোলাৰ লক্ষ্যৰে ব্যৱসায়িক সুযোগসমূহ সম্প্ৰসাৰণ কৰিবলৈ দুয়োখন দেশ সন্মত হয়।

ফাৰ্মাচিউটিকেল আৰু চিকিৎসা সঁজুলি খণ্ডৰ ক্ষেত্ৰত সহযোগিতা

ফাৰ্মাচিউটিকেল আৰু চিকিৎসা সঁজুলি খণ্ডৰ ক্ষেত্ৰত সহযোগিতা তথা দ্বিপাক্ষিক বিনিয়োগ আৰু ব্যৱসায়িক সংযোগ বৃদ্ধি , কাৰিকৰী সহযোগিতা আৰু উদ্যোগ-শৈক্ষিক সহযোগিতাৰ প্ৰসাৰৰ জৰিয়তে সক্ৰিয় ঔষধ উপাদান (এপিআই) আৰু মূল আৰম্ভণি সামগ্ৰী (কেএছএম)কে ধৰি ফাৰ্মা যোগান শৃংখল শক্তিশালী কৰাৰ বিষয়ত দুয়োখন দেশে সহমত ব্যক্ত কৰে।

ভূতত্ত্ব আৰু খনিজ অন্বেষণৰ ক্ষেত্ৰত সহযোগিতাৰ 

ভূতত্ত্ব আৰু খনিজ অন্বেষণৰ ক্ষেত্ৰত সহযোগিতাৰ  জড়িয়তে কাৰিকৰী বিশেষজ্ঞতাৰ বিনিময়ৰে  উৰ্ধমুখী জটিল খনিজ অন্বেষণৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত সমহমত ব্যক্ত কৰা হয় ।

৯.

ইণ্ডিয়াএআই মিছন আৰু অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় (এমইটিআই), জাপানৰ মাজত সহযোগিতা

ইণ্ডিয়াএআই মিছন আৰু অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় (এমইটিআই), জাপানৰ মাজত সহযোগিতাৰে ইণ্ডিয়াএআই মিছন আৰু জাপানৰ জেনিয়াক পদক্ষেপৰ মাজত প্ৰতিষ্ঠানিক সহযোগিতাক প্ৰসাৰিত কৰা – বি টু বি মেচমেকিং, এআই নীতি আৰু প্ৰত্যাহ্বানৰ ওপৰত ৱেবিনাৰ আৰু কম্পিউটিং সম্পদৰ প্ৰৱেশৰ জৰিয়তে যৌথ প্ৰকল্পৰ বাবে সমৰ্থনৰ  ক্ষেত্ৰত সহমত ব্যক্ত কৰা হয়।

১০.

পৰৱৰ্তী প্ৰজন্মৰ গতিশীলতাৰ বাবে  অংশীদাৰিত্বৰ সহযোগিতা (এনজিএমপি)

২০২৫ চনৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা ১৫ সংখ্যক বাৰ্ষিক সন্মিলনত ঘোষণা কৰা পৰৱৰ্তী প্ৰজন্মৰ গতিশীলতা অংশীদাৰিত্ব (এনজিএমপি) কাৰ্যকৰী কৰাৰ বাবে এক কাঠামো স্থাপন কৰা হৈছে ।এনজিএমপিয়ে ৰেল, অটোমোটিভ আৰু পথ আন্তঃগাঁথনি, বিমান পৰিবহণ, জাহাজ নিৰ্মাণ আৰু বন্দৰ, লজিষ্টিক, আৰু নগৰ উন্নয়ন আদিৰ ক্ষেত্ৰত  ভাৰতক তৃতীয় স্থানত থকা  দেশ হিচাবে  “মেক ইন ইণ্ডিয়া ফৰ দ্য ৱৰ্ল্ড” ৰপ্তানিৰ কেন্দ্ৰ হিচাপে স্থান দিছে।

১১

ভাৰতৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ প্লেটফৰ্ম (চি-কেম্প) আৰু ৰাইকেন, জাপানৰ মাজত  চুক্তি

ভাৰতৰ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ প্লেটফৰ্ম (চি-কেম্প) আৰু ৰাইকেন, জাপানৰ মাজত  চুক্তিয়ে স্বাস্থ্যসেৱা, কৃষি আৰু পৰিৱেশ সামৰি গভীৰ প্ৰযুক্তি আৰু জীৱন বিজ্ঞানৰ শৈক্ষিক, অনুবাদমূলক গৱেষণা আৰু ষ্টাৰ্ট-আপমুখী উদ্ভাৱনৰ বাবে এক কাঠামো সৃষ্টি কৰিছে।

১২

নেচনেল চেণ্টাৰ ফৰ বায়’লজিকেল ছায়েন্স-টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ আৰু ৰাইকেন, জাপান

নেচনেল চেণ্টাৰ ফৰ বায়’লজিকেল ছায়েন্স-টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ আৰু ৰাইকেন, জাপানৰ মাজত বুজাবুজিৰ স্মাৰকপত্ৰ দুয়োটা আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানৰ মাজত মৌলিক জৈৱ আৰু স্নায়ুবিজ্ঞান গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক কাঠামো সৃষ্টি কৰা

১৩

আই আই টি বোম্বে, ভাৰতজেন টেকন’লজি ফাউণ্ডেশ্যন আৰু নেশ্যনেল ইনষ্টিটিউট অৱ ইনফৰ্মেটিক্স, জাপানৰ মাজত হোৱা  বুজাবুজিৰ চুক্তিখ

আই আই টি বোম্বে, ভাৰতজেন টেকন’লজি ফাউণ্ডেশ্যন আৰু নেশ্যনেল ইনষ্টিটিউট অৱ ইনফৰ্মেটিক্স, জাপানৰ মাজত হোৱা  বুজাবুজিৰ চুক্তিখনে যৌথ গৱেষণা বিনিময়ৰ জৰিয়তে বৰ্ধিত বৈজ্ঞানিক যুক্তিৰ বাবে এল এল এম বিকশিত কৰাত গুৰুত্ব আৰোপ কৰিছে।

১৪

শৰ্ভম এআই (SarvamAI) আৰু এল এএম ডেভেলপমেণ্টৰ  মাজত  হোৱা চুক্তি

এআই প্ৰযুক্তি  সহযোগিতাৰ বাবে এটা কাঠামো সৃষ্টি কৰাৰ ভেটি ৰচনা কৰাৰ লক্ষ্যৰে কৰা হৈছে  এই চুক্তি  ।

১৫

ভাৰতীয় ৰাষ্ট্ৰীয় ইণ্টাৰনেট বিনিময় (NIXI) আৰু জাপান নেটৱৰ্ক তথ্য কেন্দ্ৰ (JPNIC)ৰ মাজত বুজাবুজিৰ চুক্তি

ভাৰতীয় ৰাষ্ট্ৰীয় ইণ্টাৰনেট বিনিময় (NIXI) আৰু জাপান নেটৱৰ্ক তথ্য কেন্দ্ৰ (JPNIC)ৰ মাজত বুজাবুজিৰ চুক্তিৰে ৰাষ্ট্ৰীয় ইণ্টাৰনেট পঞ্জীয়ন কাৰ্য্যকলাপ, আইপিভি৬ গ্ৰহণ, ইণ্টাৰনেট সুৰক্ষা উন্নয়ন, সামৰ্থ্য বিকাশ, ছাত্ৰ/পেছাদাৰী আদান-প্ৰদান আৰু আঞ্চলিক আৰু বিশ্বব্যাপী মঞ্চত ইণ্টাৰনেট শাসনৰ বিষয়ত মত বিনিময়ৰ ক্ষেত্ৰত সহযোগিতাক প্ৰসাৰিত  কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে সহমত ব্যক্ত কৰে।

১৬

আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ কৰ্তৃপক্ষ (আই এফ এছ চি এ) আৰু জাপানৰ বিত্তীয় সেৱা সংস্থা (জে এফ এছ এ)ৰ মাজত আদান-প্ৰদানৰ চুক্তি

আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ কৰ্তৃপক্ষ (আই এফ এছ চি এ) আৰু জাপানৰ বিত্তীয় সেৱা সংস্থা (জে এফ এছ এ)ৰ মাজত আদান-প্ৰদান,  বিত্তীয় সেৱাৰ উন্নয়ন, নিয়ন্ত্ৰণ আৰু তত্বাৱধানৰ লগতে বিত্তীয়-বজাৰৰ ধাৰা আৰু উত্তম পদ্ধতিৰ বিষয়ত তথ্য বিনিময়ৰ বাবে এক কাঠামো স্থাপন কৰা হৈছে। বৈঠকত বিশেষকৈ ফিনটেক আৰু ৰেগটেকত এই ব্যৱস্থা প্ৰযোজ্য কৰাৰ সিদ্ধান্ত লোৱা হয়।

****

MJPS/SS/ST/DM


(रिलीज़ आईडी: 2280615) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Bengali , Gujarati , Malayalam