গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীৰ ভগৱান আয়াপ্পা মন্দিৰত প্ৰাৰ্থনা কৰে

ভগৱান আয়াপ্পা হৈছে আনন্দ প্ৰদানকাৰী আৰু আমাৰ দেশক একত্ৰিত কৰা পৱিত্ৰ মূল্যবোধৰ মূৰ্তি

গৃহ মন্ত্ৰীগৰাকীয়ে মন্দিৰ পৰিসৰত নৱনিৰ্মিত সবৰীছাম চৌহদ উদ্বোধন কৰে

এই নতুন সুবিধাই মন্দিৰৰ দ্বাৰা পৰিচালিত আধ্যাত্মিক বক্তৃতা আৰু কল্যাণমূলক পদক্ষেপৰ কেন্দ্ৰ হিচাপে কাম কৰিব

ই কেৰালামৰ আমাৰ ভাই-ভনীসকলৰ সাংস্কৃতিক বান্ধোন অধিক শক্তিশালী কৰিব

प्रविष्टि तिथि: 07 JUN 2026 9:46PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীৰ ভগৱান আয়াপ্পা মন্দিৰত প্ৰাৰ্থনা কৰে আৰু মন্দিৰ পৰিসৰত নৱনিৰ্মিত সবৰীছাম চৌহদ উদ্বোধন কৰে।

এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "নতুন দিল্লীৰ আৰ কে পুৰমৰ ভগৱান আয়াপ্পা মন্দিৰত পূজা কৰিবলৈ পাই মই আনন্দিত। ভগৱান আয়াপ্পা হৈছে আনন্দ প্ৰদানকাৰী আৰু আমাৰ দেশক একত্ৰিত কৰা পৱিত্ৰ মূল্যবোধৰ প্ৰতীক। সকলোৰে কল্যাণ আৰু সমৃদ্ধিৰ বাবে দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰিলো।"

"আন এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়", আজি নতুন দিল্লীৰ আয়াপ্পা মন্দিৰ পৰিসৰত নৱনিৰ্মিত সবৰীছাম চৌহদ উদ্বোধন কৰিলো। নতুন সুবিধাটোত মন্দিৰটোৱে হাতত লোৱা আধ্যাত্মিক বক্তৃতা তথা কল্যাণমূলক পদক্ষেপবোৰ থাকিব আৰু কেৰালামৰ আমাৰ ভগ্নী আৰু ভাতৃসকলৰ সাংস্কৃতিক বান্ধোন শক্তিশালী কৰিব।"

******

RK/PR/PS/MK


(रिलीज़ आईडी: 2280267) आगंतुक पटल : 26
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Malayalam