গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ বৰ্ষৰ নীট পুনৰ অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু স্থানীয় প্ৰস্তুতি সন্দৰ্ভত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতা

পোষ্ট কৰা হৈছে: 15 JUN 2026 8:58PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ সচিবে আজি ছাত্ৰ-ছাত্ৰীৰ সুবিধা, নিৰাপত্তা ব্যৱস্থা আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ অখণ্ডতাৰ ওপৰত বিশেষ গুৰুত্ব দি ২০২৬  চনৰ নীট (ইউ জি)ৰ পুনৰ পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ; বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব; উচ্চ শিক্ষা বিভাগৰ সচিব; ডাক বিভাগৰ সচিব; চিআৰপিএফ, চিআইএছএফ, বিসিএএছ, আৰু ডিজি, এনটিএৰ ডিজি; প্ৰতিৰক্ষা মন্ত্ৰালয় তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল এই বৈঠকত উপস্থিত আছিল।

কেন্দ্ৰীয় গৃহ সচিবে সকলো ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাসমূহক নিৰাপত্তা প্ৰট’কলসমূহ কঠোৰভাৱে পালন কৰা আৰু নিখুঁতভাৱে পৰীক্ষা অনুষ্ঠিত কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক শিক্ষাৰ্থীসকলৰ মসৃণ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হয়। ৰে’ল ব’ৰ্ডৰ অধ্যক্ষগৰাকীয়ে সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে।

***

RK/RR/PR/PS/MK


(ৰিলিজ আই ডি : 2280261) অতিথি কক্ষ : 26