কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

মুঠ ৭১৪৫.১৪ কোটি টকাৰ মূলধনী ব্যয়ৰে উত্তৰ প্ৰদেশৰ ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪/৬ লেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত কানপুৰ-কাব্ৰাই অংশ বি অ’ টি (টোল) মোডত নিৰ্মাণত অনুমোদন কেবিনেটৰ

प्रविष्टि तिथि: 01 JUL 2026 3:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে  ৰাষ্ট্ৰীয় ঘাইপথ (অ)ৰ অধীনত ভূপাল–কানপুৰ অৰ্থনৈতিক কৰিডৰৰ ভৱিষ্যতে  ছয় লেনিঙৰ বাবে ডিজাইন কৰা চাৰিলেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত কৰিড’ৰৰ ১১৭.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ কানপুৰ–কাব্ৰাই প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড ঘাইপথ নিৰ্মাণত অনুমোদন জনায় । আনুমানিক মুঠ মূলধনী ব্যয় ৭১৪৫.১৪ কোটি টকাৰে এই প্ৰকল্পটো ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই বিঅ’টি (টোল) মোডত ৰূপায়ণ কৰিব, লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমানৰ কানপুৰ-কাব্ৰাই অংশৰ পৰিচালনা তথা ৰক্ষণাবেক্ষণৰ কামো কৰিব। এই প্ৰকল্পৰ জৰিয়তে কানপুৰ আৰু কাব্ৰাইৰ মাজত নিৰৱচ্ছিন্ন, দ্ৰুতবেগী সংযোগ নিশ্চিত কৰাৰ লগতে সাগৰ, ভূপাল আৰু মধ্যপ্ৰদেশৰ অন্যান্য অঞ্চলৰ সৈতে সংযোগ শক্তিশালী কৰি তুলিব। যাৰ ফলত উত্তৰ প্ৰদেশৰ ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহক মধ্যপ্ৰদেশৰ খনিজ সমৃদ্ধ, উৎপাদন তথা  কৃষিৰে জড়িত  অঞ্চলসমূহৰ সৈতে সংযোগ কৰা আধুনিক প্ৰৱেশ নিয়ন্ত্ৰিত অৰ্থনৈতিক কৰিডৰ সৃষ্টি হ’ব । ই মধ্যপ্ৰদেশৰ খনিজ সমৃদ্ধ, উৎপাদন আৰু কৃষি অঞ্চলসমূহৰ সৈতে সংযোগ স্থাপনত সহায় কৰিব ।

ঘণ্টাত ৮০–১০০ কিলোমিটাৰ গতিবেগৰ বাবে ডিজাইন কৰা এই কৰিড’ৰে কানপুৰ আৰু কাব্ৰাইৰ মাজত যাত্ৰাৰ সময় ৩.৫ ঘণ্টাৰ পৰা ১.৫ ঘণ্টা (৫৮%)লৈ হ্ৰাস কৰাৰ উপৰি পথ সুৰক্ষাৰ ক্ষেত্ৰতো উন্নতি সাধন কৰিব।  ইয়াৰ ফলত যান-বাহন চলোৱাৰ খৰচ হ্ৰাস পাব  আৰু যাত্ৰী তথা মালবাহী যাতায়তৰ কাৰ্যক্ষমতা বৃদ্ধি পাব। এই প্ৰকল্পই ৰাষ্ট্ৰীয় ঘাইপথ ৩৪ , ৰাষ্ট্ৰীয় ঘাইপথ ৩৫, বুণ্ডেলখণ্ড এক্সপ্ৰেছৱে, কানপুৰ ৰিং ৰোড আৰু ৰাজ্যিক ঘাইপথ এছ এইচ-৪৬, এছ এইচ-৯১, এছ এইচ-১০বি আৰু এছ এইচ-৪২ৰ সৈতেও  সংযোগ স্থাপন কৰিব, যাৰ ফলত আঞ্চলিক ঘাইপথ নেটৱৰ্ক শক্তিশালী হ’ব।

কৰিডৰটোৱে কাব্ৰাইৰ খনি বেল্টৰ সৈতে সংযোগ আৰু অধিক শক্তিশালী কৰিব , খনিজ পদাৰ্থ, ঔদ্যোগিক সামগ্ৰী, নিৰ্মাণ সামগ্ৰী আৰু কৃষিজাত সামগ্ৰীৰ চলাচল উন্নত কৰিব, যাৰ ফলত লজিষ্টিক দক্ষতা, যোগান শৃংখলৰ স্থিতিস্থাপকতা আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়ন বৃদ্ধি পাব।

পি এম গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ সৈতে সংগতি ৰাখি উন্নাও, বান্থেৰ, পংকি, ৰাণিয়া, জৈনপুৰ, ৰুমা, চাকেৰী, চুমেৰপুৰ আৰু ভূৰাগড় ঔদ্যোগিক এলেকা, ট্ৰেন্স গংগা সংহত টাউনশ্বিপ, গ্ৰ’থ চেণ্টাৰ জয়পুৰ, কানপুৰ নগৰ ন’ড আৰু বেংগল কেমিকেলছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেডকে ধৰি ১৬টা অৰ্থনৈতিক ন’ডৰ সংযোগ উন্নত কৰিব ৯টা সামাজিক ন’ড, যথা ফতেহপুৰ, মহোবা, কানপুৰ প্ৰাণীবিজ্ঞান উদ্যান, বুদ্ধ উদ্যান, জে.কে. মন্দিৰ তথা উদ্যান , ৰাধা কৃষ্ণ মন্দিৰ, সিদ্ধেশ্বৰ মহাদেৱ মন্দিৰ, গোপেশ্বৰ মন্দিৰ আৰু মহোবা পৰ্যটন স্থান তথা কানপুৰ, ঘাটামপুৰ, হামিৰপুৰ, মহোবা, কাব্ৰাই, ভৰৱা চুমেৰপুৰ আৰু বাণ্ডা ৰে'লৱে ষ্টেচনকে ধৰি ১০টা লজিষ্টিক ন’ড, একেলগে কানপুৰ, চাকেৰী আৰু খাজুৰাহো বিমানবন্দৰৰ সংযোগ উন্নত কৰিব । সামগ্ৰিকভাৱে ই  সমগ্ৰ বুণ্ডেলখণ্ড আৰু উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ কাষৰীয়া অঞ্চলসমূহত লজিষ্টিক , ঔদ্যোগিক উন্নয়ন আৰু অৰ্থনৈতিক বৃদ্ধি উন্নত কৰাৰ লগতে পি এম গতিশক্তিৰ লক্ষ্যসমূহ আগুৱাই নিব। এই প্ৰকল্পটোৱে নিৰ্মাণৰ সময়ত প্ৰতি কিলোমিটাৰ  লেনত প্ৰায় ১১,১৮৮টা প্ৰত্যক্ষ আৰু ১৩,৯৮৫ পৰোক্ষ ব্যক্তি-দিনৰ নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে আৰু ২০২৮ বিত্তীয় বৰ্ষৰ ভিতৰত ইয়াৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক, লজিষ্টিক আৰু পৰিবহণৰ তাৎপৰ্য্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰায় ১৮,০৬৯খন যাত্ৰীবাহী বাহন ইউনিট (পিচিইউ) বাৰ্ষিক গড় দৈনিক যাতায়ত (এএডিটি) কৰিব বুলি ধাৰণা  কৰা হৈছে। এইদৰে প্ৰস্তাৱিত প্ৰকল্পটোৱে প্ৰায় ১.২ কোটি ব্যক্তি-দিনৰ প্ৰত্যক্ষ নিয়োগ আৰু পৰোক্ষ নিয়োগৰ সৃষ্টি কৰিব।

কৰিডৰৰ মানচিত্ৰ:

***

MJPS/ DM


(रिलीज़ आईडी: 2279876) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , Odia , English , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam