কৃষি আৰু গ্ৰামোদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান উপস্থিত হয়; প্ৰতিকূল বতৰৰ বাবে আকাশমাৰ্গেৰে পৰিদৰ্শন স্থগিত, আকাশমাৰ্গেৰে পৰ্যালোচনা কৰাৰ পাছত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰিব

ইটানগৰত জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে কয়ঃ "প্ৰতিটো বানাক্ৰান্ত পৰিয়ালে সহায় লাভ নকৰালৈকে আমি বিশ্ৰাম নকৰো"

উত্তৰ-পূব ভ্ৰমণৰ সময়ত শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু আৰু মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু; মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব

प्रविष्टि तिथि: 01 JUL 2026 9:29AM by PIB Guwahati

কেন্দ্ৰীয় কৃষি তথা কৃষক কল্যাণ আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান সোমবাৰে অৰুণাচল প্ৰদেশত উপস্থিত হয়, কিন্তু প্ৰতিকূল বতৰৰ বাবে নিৰ্ধাৰিত আকাশী পৰিদৰ্শন কৰিবলৈ সক্ষম নহ’ল। তেওঁ এতিয়া ১ জুলাইত অৰুণাচল প্ৰদেশ আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ এক বিস্তৃত স্থল আৰু আকাশী পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে গোটেই দিনটো ক্ষতিগ্ৰস্ত কৃষক আৰু অন্যান্য পৰিয়ালৰ পৰিস্থিতিৰ মূল্যায়ন কৰি, প্ৰত্যক্ষভাৱে ক্ষতিৰ পৰিমাণ পৰ্যালোচনা কৰিব আৰু তাৎক্ষণিক সাহায্য তথা দীৰ্ঘম্যাদী সহায় প্ৰদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ চিনাক্ত কৰিব। এই ভ্ৰমণকালত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে তেওঁক সংগ দিব।

সোমবাৰে দুপৰীয়া অৰুণাচল প্ৰদেশত উপস্থিত হোৱাৰ পাছত শ্ৰী চৌহানে স্থানীয় বাসিন্দাসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ অভিযোগসমূহ শুনে। তেওঁ কয় যে যদিও প্রতিকূল বতৰৰ বাবে হেলিকপ্টাৰখনৰ উৰণত বাধাৰ সৃষ্টি হয়, কিন্তু ই চৰকাৰৰ অভিপ্ৰায়ক বাধা দিব নোৱাৰে। কাইলৈ, আমি সমগ্ৰ দিনটো অৰুণাচল প্ৰদেশ আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলত কটাম, মাটিৰ লগতে আকাশমাৰ্গৰ পৰা পৰিস্থিতিৰ মূল্যায়ন কৰিম যাতে প্ৰতিজন ক্ষতিগ্ৰস্ত কৃষক আৰু প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে তেওঁলোকৰ প্ৰয়োজনীয় সহায় লাভ কৰে", তেওঁ কয়।

শ্ৰী চৌহানে দিল্লীৰ পৰা ইটানগৰলৈ যাত্ৰা কৰে, য’ত তেওঁ প্ৰথমে বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাসিন্দা আৰু জনসাধাৰণৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। কেনেদৰে বানৰ ফলত তেওঁলোকৰ খেতি পথাৰ ডুবি গৈছিল, নদন-বদন শস্য ধ্বংস হৈছিল, ঘৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু তেওঁলোকৰ জীৱিকা ব্যাহত হৈছিল সেই বিষয়ে তেওঁলোকে বৰ্ণনা কৰিছিল। তেওঁলোকৰ পৰিয়ালে সন্মুখীন হোৱা ব্যাপক ক্ষতি আৰু তেওঁলোকে সন্মুখীন হোৱা কষ্টৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিটো কথা গুৰুত্ব সহকাৰে শুনে আৰু সাহায্য তথা পুনৰ্বাসন প্ৰক্ৰিয়াত কোনো বানাক্ৰান্ত পৰিয়াল পিছ পৰি নাথাকে বুলি তেওঁলোকক আশ্বাস দিয়ে। তেওঁ পুনৰ কয় যে লোকচানৰ সন্মুখীন হোৱা সকলো লোকৰ বাবে চৰকাৰী সাহায্য নিশ্চিত কৰিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব।

ইটানগৰ সচিবালয়ত অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত শ্ৰী চৌহানে বৰ্তমানৰ বান পৰিস্থিতি, সাহায্য সামগ্ৰীৰ উপলভ্যতা আৰু বিতৰণ, চলি থকা পুনৰ্বাসন ব্যৱস্থা তথা ভৱিষ্যতৰ পদক্ষেপৰ বিষয়ে আলোচনা কৰে। তেওঁ বানৰ ফলত হোৱা ক্ষয়-ক্ষতি, সাহায্য অভিযানৰ অগ্ৰগতি আৰু ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহৰ কাষ চাপিবলৈ বাকী থকা প্ৰত্যাহ্বানসমূহৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে উত্তৰ-পূবৰ কৃষক আৰু গ্ৰাম্য বাসিন্দাসকলৰ উদ্বেগ নতুন দিল্লীত চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰত উপনীত হৈছে আৰু বিষয়াসকলক আশ্বাস দিয়ে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰ সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সকলো সম্ভৱ সহায় আগবঢ়াবলৈ সাজু হৈ আছে।

 

শ্ৰী চৌহানে কয় যে জুলাইত অৰুণাচল প্ৰদেশ আৰু অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ব্যাপক পৰিদৰ্শন কৰা হ'ব। পুৱাৰ পৰা আৰম্ভ কৰি তেওঁ সমগ্ৰ অৰুণাচল প্ৰদেশৰ বানত ক্ষতিগ্ৰস্ত গাঁও আৰু সাহায্য শিবিৰসমূহ ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত বাসিন্দাসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিব। তেওঁ ব্যক্তিগতভাৱে কৃষিক্ষেত্ৰৰ ক্ষতিৰ মূল্যায়ন কৰিব, পশুধনৰ অৱস্থাৰ মূল্যায়ন কৰিব আৰু মানুহৰ দৈনন্দিন জীৱন তথা জীৱিকাৰ ওপৰত বানৰ সামগ্ৰিক প্ৰভাৱ পৰীক্ষা কৰিব। তেওঁ নদী, বান্ধ, পথ, দলং আৰু কৃষি ভূমিৰ অৱস্থা পৰ্যালোচনা কৰিবলৈ আৰু ক্ষতিৰ এক ব্যাপক মূল্যায়ন কৰিবলৈ অৰুণাচল প্ৰদেশ তথা অসমৰ বান প্ৰভাৱিত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰিব। সন্ধিয়া তেওঁ গুৱাহাটীত অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বান ব্যৱস্থাপনা, সাহায্য বিতৰণ, বান্ধ আৰু পথ মেৰামতি, ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰুদ্ধাৰ আৰু ক্ষতিগ্ৰস্ত কৃষকসকলৰ বাবে বিত্তীয় সাহায্য সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে যদিও ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে তাৎক্ষণিক সাহায্য সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আছে, ভৱিষ্যতে বানৰ প্ৰভাৱ হ্ৰাস কৰিব পৰা দীৰ্ঘম্যাদী কৌশল প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো সমানেই গুৰুত্ব দিব লাগিব। তেওঁ কয় যে ভৱিষ্যতৰ বানৰ সময়ত ক্ষয়-ক্ষতি হ্ৰাস কৰিবলৈ আৰু গ্ৰাম্য সম্প্ৰদায়ৰ স্থিতিস্থাপকতা শক্তিশালী কৰিবলৈ উন্নত নিষ্কাশন ব্যৱস্থা, শক্তিশালী বান্ধ, সুৰক্ষিত আশ্ৰয়, উন্নত বান-ব্যৱস্থাপনা আন্তঃগাঁথনি আৰু অধিক ফলপ্ৰসূ শস্য বীমা ব্যৱস্থা অত্যাৱশ্যকীয়।

শ্ৰী চৌহানে অৰুণাচল প্ৰদেশ আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক এই কঠিন সময়ত সাহসী হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰিব আৰু সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁলোকক সহায় কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব। তেওঁ কয় যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সময়মতে সাহায্য, পুনৰ্বাসন আৰু স্বাভাৱিক জীৱন পুনৰুদ্ধাৰৰ বাবে সকলো সম্ভৱ প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শ্ৰী শিৱৰাজ চৌহানে কয় যে অৰুণাচল প্ৰদেশ "এখন আপোন ৰাজ্য", কিন্তু বৰ্তমান বিধ্বংসী প্ৰাকৃতিক দুৰ্যোগৰ বাবে এক অতি গুৰুতৰ সংকটৰ সন্মুখীন হৈছে। ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত পথ, দলং আৰু অসংখ্য ঘৰ ক্ষতিগ্ৰস্ত হৈছে, যাৰ ফলত জনসাধাৰণৰ ব্যাপক ক্ষতি হৈছে। কৃষকসকলে গুৰুতৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে, কমলা, কল আৰু ধানৰ দৰে শস্য সম্পূৰ্ণৰূপে ধ্বংস হৈছে। "প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত শ্ৰী কিৰেন ৰিজিজু আৰু মই মুখ্যমন্ত্ৰীৰ সৈতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰিবলৈ ইয়ালৈ আহিছো। আমি ক্ষয়-ক্ষতিৰ বিশদ মূল্যায়ন কৰিম আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো সম্ভৱ সহায় নিশ্চিত কৰিম", তেওঁ কয়। শ্ৰী চৌহানে লগতে কয় যে এই কঠিন সময়ত জনসাধাৰণক সহায় কৰাৰ ক্ষেত্ৰত কোনো প্ৰচেষ্টা এৰি দিয়া নহ’ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে ৰাজ্যখনক দুৰ্যোগৰ পৰা পুনৰুদ্ধাৰ কৰাত সহায় কৰিবলৈ, যিমান সোনকালে সম্ভৱ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ আৰু সকলো ক্ষতিগ্ৰস্ত পৰিয়ালে যাতে প্ৰয়োজনীয় সহায় লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ সম্পূৰ্ণ শক্তিৰে কাম কৰিব।

 

***

RC/MK/MS/MK


(रिलीज़ आईडी: 2279706) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Bengali-TR , Manipuri , Gujarati , Tamil