ৰাষ্ট্ৰপতি সচিবালয়
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মধ্যপ্ৰদেশৰ জবলপুৰত সমূহীয়া যোগাসন কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
যোগ হৈছে ব্যক্তিক আত্মাৰ সৈতে, সমাজক প্ৰকৃতিৰ সৈতে, আৰু মানৱতাক বিশাল সাৰ্বজনীন চেতনাৰ সৈতে সংযোগ কৰাৰ এক শক্তিশালী মাধ্যম: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
प्रविष्टि तिथि:
21 JUN 2026 12:56PM by PIB Guwahati
আজি (২১ জুন, ২০২৬)আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যে মধ্যপ্ৰদেশৰ জবলপুৰত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এক সমূহীয়া যোগ প্ৰদৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

এই উপলক্ষ্যে আগবঢ়োৱা ভাষণত ৰাষ্ট্ৰপতিয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সমগ্ৰ বিশ্বৰ যোগ সাধকসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে আজি আমি ভাৰতৰ সেই মহান পৰম্পৰাক উদযাপন কৰিছো, যিয়ে মানৱতাক সুস্থ, সুষম আৰু অৰ্থপূৰ্ণ জীৱনৰ পথ দেখুৱাইছে। যোগ হৈছে বিশ্ব সমাজলৈ আমাৰ সাংস্কৃতিক ঐতিহ্যৰ এক অমূল্য উপহাৰ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যোগ হৈছে ব্যক্তিক আত্মাৰ সৈতে, সমাজক প্ৰকৃতিৰ সৈতে, আৰু মানৱতাক বিশাল সাৰ্বজনীন চেতনাৰ সৈতে সংযোগ কৰাৰ এক শক্তিশালী মাধ্যম। যিটো সময়ত বিশ্বই অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেই সময়ত যোগে মানৱতাক শান্তি, ভাৰসাম্য, সম্প্ৰীতি আৰু সামূহিক মংগলৰ দিশত পৰিচালিত কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ পদক্ষেপৰ বাবেই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল। সেই ঘোষণাই যোগক বিশ্ব মংগলৰ এক শক্তিশালী মাধ্যম হিচাপে স্বীকৃতি প্ৰদানৰ লগতে ইয়াক অধিক শক্তিশালী কৰি তুলিছে। আজি বহু দেশৰ লাখ লাখ লোকে যোগাসনক নিজৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গ্ৰহণ কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০২৬ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু ‘সুস্থ বাৰ্ধক্যৰ বাবে যোগ’-এ সমাজৰ জ্যেষ্ঠ সদস্যসকলৰ বাবে সুস্থ, সক্ৰিয়, স্বাৱলম্বী আৰু মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰাৰ ক্ষেত্ৰত যোগৰ ভূমিকাক উজ্জ্বল কৰি তুলিছে। আজি আমি যি জীৱনশৈলী গ্ৰহণ কৰিম, সেইটোৱেই আমাৰ ভৱিষ্যতৰ স্বাস্থ্য আৰু সুস্থতাৰ ভেটি গঢ়িব। যোগে ব্যক্তিক বয়স বৃদ্ধিৰ লগে লগে সক্ৰিয় আৰু আত্মনিৰ্ভৰশীল হৈ থকাত সহায় কৰে। একে সময়তে ই মানসিক শান্তি আৰু আৱেগিক ভাৰসাম্যতাৰ পোষকতা কৰে।
ভাৰত চৰকাৰে যোগশিক্ষা, গৱেষণা, প্ৰশিক্ষণ আৰু জনসচেতনতাৰ জৰিয়তে যোগক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ অৰ্থে অহৰহ কাম কৰি আছে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে কয়।তেওঁ কয় যে সমগ্ৰ বিশ্বৰ মানুহক যোগাসন গ্ৰহণ কৰিবলৈ অসংখ্য সংস্থাই অনুপ্ৰাণিত কৰি আহিছে। যোগ সম্পৰ্কীয় সংস্থাসমূহৰ নিষ্ঠাবান প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত হৈ যোগাসন প্ৰতিজন ব্যক্তিৰ কাষ চাপিব আৰু সমগ্ৰ মানৱতাৰ মংগলৰ বাবে এক মূল শিলাস্তম্ভ হৈ পৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। যোগাসনক দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈও তেওঁ আহ্বান জনায়। তেনে কৰিলে সকলোৱে সুস্থ ব্যক্তি, সুস্থ পৰিয়াল, সুস্থ সমাজ, সুস্থ দেশ আৰু এখন সুস্থ পৃথিৱী গঢ়ি তোলাৰ লক্ষ্যত অৰিহণা যোগাব পাৰিব বুলিও তেওঁ কয়।
Please click here to see the President's Speech-
***
MJPS/SS/ST/DM
(रिलीज़ आईडी: 2278794)
आगंतुक पटल : 35