প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছেচিলছৰ স্বাধীনতাৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

प्रविष्टि तिथि: 29 JUN 2026 8:00AM by PIB Guwahati

ছেচিলছৰ ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছেচিলছৰ স্বাধীনতাৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ছেচিলছত স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।

ভাৰত আৰু ছেচিলছৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০বছৰ পূৰ্ণ হোৱাৰ একে সময়তে স্বাধীনতা দিৱস উদযাপনৰ এই কাৰ্যসূচী ৰূপায়িত হৈছে। এই বিশেষ অনুষ্ঠান উপলক্ষে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কেইবাটাও গোটে ছেচিলছৰ স্বাধীনতাৰ সোণালী জয়ন্তীৰ সৈতে সংগতি  ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় কুচকাৱাজত অংশগ্ৰহণ কৰিছে। ভাৰতীয় দলটোত থকা অসম ৰাইফলছ, ভাৰতীয় নৌবাহিনী আৰু ভাৰতীয় নৌবাহিনীৰ মাৰ্চিং বেণ্ডৰ জোৱানসকলৰ জৰিয়তে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া প্ৰতিৰক্ষা অংশীদাৰিত্ব প্ৰতিফলিত হৈছে। উদযাপনৰ অংশ হিচাপে আৰু প্ৰতিষ্ঠিত পৰম্পৰা অনুসৰি, ভাৰতীয় নৌসেনাৰ জাহাজ তৰকাশ আৰু ইক্ষকে পোৰ্ট ভিক্টোৰিয়াত অৱস্থান লৈছে।

উদযাপনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে দুয়োখন দেশৰ মাজত গভীৰ অংশীদাৰিত্ব আৰু দীৰ্ঘদিনীয়া বন্ধুত্ব প্ৰতিফলিত কৰে।

 

***

MJPS/SS/VJ/DD


(रिलीज़ आईडी: 2278789) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam