ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

জবলপুৰত ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টিশীল চিন্তা, বৈজ্ঞানিক মানসিকতা আৰু উদ্যোগী মনোভাৱক লালন-পালন কৰাটো উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

আপোনালোকৰ শিক্ষা আৰু প্ৰতিভা কেৱল ব্যক্তিগত সফলতাৰ বাবে নহয়, ইয়াক সমাজৰ বৃহত্তৰ মংগলৰ বাবে ব্যৱহাৰ কৰক: ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

प्रविष्टि तिथि: 21 JUN 2026 4:06PM by PIB Guwahati

আজি (২১ জুন, ২০২৬) মধ্যপ্ৰদেশৰ জবলপুৰত ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ ৩৬ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শোভাবৰ্দ্ধন কৰে।

এই উপলক্ষ্যে দিয়া  ভাষণত  ৰাষ্ট্ৰপতিয়ে কয় যে যিকোনো ব্যক্তি বা সম্প্ৰদায়ৰ বিকাশৰ বাবে শিক্ষাই আটাইতকৈ ফলপ্ৰসূ মাধ্যম। লগতে  জনজাতীয় সম্প্ৰদায়ৰ শৈক্ষিক উন্নতিৰ বাবে চেষ্টা কৰাটো অতি গুৰুত্বপূৰ্ণ। আমি সামূহিকভাৱে নিশ্চিত কৰিব লাগিব যে জনজাতীয় যুৱক-যুৱতীসকলে আধুনিক উন্নয়নত অৰিহণা যোগোৱাৰ সুযোগ লাভ কৰাৰ লগতে একেসময়তে তেওঁলোকৰ জনজাতীয় পৰিচয় তথা স্বকীয়তাক প্ৰামাণিক ৰূপত ৰক্ষা কৰিব লাগিব।

আদিবাসী সমাজৰ পৰম্পৰাগত দক্ষতা তথা  জ্ঞান বিভিন্ন মাধ্যমেৰে প্ৰচাৰ কৰিব লাগে বুলিও তেওঁ কয় । জনজাতীয় জ্ঞান আৰু শিল্প পৰম্পৰাৰ বিস্তৃত অধ্যয়ন দেশৰ সকলো নাগৰিকৰ বাবে উপকাৰী হ’ব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানসমূহে এই ক্ষেত্ৰত বিশেষ প্ৰচেষ্টা চলাব লাগে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ উপৰি উচ্চ শিক্ষানুষ্ঠানসমূহে উদ্ভাৱন আৰু গৱেষণাৰ মূল কেন্দ্ৰ হিচাপে কাম কৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টিশীল চিন্তা, বৈজ্ঞানিক মানসিকতা, উদ্যোগী মনোভাৱৰ পোষকতা কৰাটো এই প্ৰতিষ্ঠানসমূহৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব।

তেওঁ লগতে কয় যে এনে প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু ভাষাৰ প্ৰতি গৌৰৱৰ ভাৱ জগাই তুলিব বুলি আশা কৰা হৈছে। আধুনিকতা আৰু পৰম্পৰাৰ সুসম মিশ্ৰণৰ জৰিয়তে দেশৰ এক সুষম উন্নয়ন সম্ভৱ হ’ব বুলিও তেওঁ কয় ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশ  আৰু সমাজৰ বাবে উপকাৰী অধ্যয়ন আৰু গৱেষণাৰ  বিষয়ত  গুৰুত্ব দিব লাগে। পৰিৱেশ সংৰক্ষণ, নাৰী সবলীকৰণ, সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকৰ বিকাশ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সামাজিক সম্প্ৰীতি আদি বিষয়সমূহ পাঠ্যক্ৰমত সন্নিৱিষ্ট হ’লে সমাজ লাভাৱান্বিত হয়। এনে বিষয়ৰ অধ্যয়ন আৰু গৱেষণায়ো  দেশৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰাত সহায় কৰে বুলি ৰাষ্ট্ৰপতি মুৰ্মুৱে মন্তব্য কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজি পৃথিৱীখন দ্ৰুতগতিত পৰিৱৰ্তন হৈছে। আমাৰ ভাষা আৰু জীৱনশৈলীও দ্ৰুত গতিত পৰিৱৰ্তন হৈছে। কিন্তু আমি পাহৰিব নালাগিব যে কিছুমান চিৰন্তন মূল্যবোধে আমাক সদায় শক্তিশালী কৰি ৰাখে। ছাত্ৰ-ছাত্ৰীসকলক ভাৰতীয় সংস্কৃতিৰ মূল্যবোধ আৰু আদৰ্শক জীৱনৰ ভেটি হিচাপে গঢ়ি তুলিবলৈ তেওঁ পৰামৰ্শ দিয়ে। সত্য, অহিংসা, মমতা, সেৱা আৰু সততা আদি মূল্যবোধ সদায় প্ৰতিটো যুগত মূল চেতনাৰ অংশ হৈ আহিছে বুলিও তেওঁ  কয়  । এই মূল্যবোধক আঁকোৱালি লৈ তেওঁলোকে কঠিন পৰিস্থিতিৰো দৃঢ়তাৰে মুখামুখি হ’ব পাৰে, আদৰ্শ নাগৰিক হ’ব পাৰে আৰু দেশ নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে বুলি তেওঁ মন্তব্য কৰে।

ৰাষ্ট্ৰপতিয়ে ছাত্ৰ-ছাত্ৰীসকলক কয় যে তেওঁলোক কেৱল তেওঁলোকৰ পৰিয়াল বা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি নহয়; তেওঁলোক দেশৰ আকাংক্ষা আৰু ইয়াৰ ভৱিষ্যতৰ স্থপতি। তেওঁলোকৰ জ্ঞান, শক্তি, সংকল্পৰ দ্বাৰাই  বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত হ’ব। তেওঁলোকৰ শিক্ষা আৰু প্ৰতিভাক কেৱল ব্যক্তিগত সফলতাৰ বাবেই নহয়, সমাজৰ বৃহত্তৰ মংগলৰ বাবেও ব্যৱহাৰ কৰিবলৈ তেওঁ  আহ্বান জনায়।  চৌপাশৰ অভাৱগ্ৰস্ত আৰু গ্ৰাম্য জনগোষ্ঠীসমূহে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ বুজিবলৈ, তেওঁলোকৰ প্ৰয়োজন অনুসৰি সমাধান বিকশিত কৰিবলৈ, তেওঁলোকক শক্তিশালী কৰিবলৈ আৰু তেওঁলোকক উন্নয়নৰ মূলসুঁতিলৈ অনাত অৰিহণা যোগাবলৈও তেওঁ ছাত্ৰ-ছাত্ৰীসকলক  পৰামৰ্শ দিয়ে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ডিজিটেল প্ৰযুক্তি, ষ্টাৰ্টআপ, সেউজ শক্তি, মহাকাশ গৱেষণা আৰু আধুনিক আন্তঃগাঁথনিৰ দৰে খণ্ডত দেশে নতুন উচ্চতা লাভ কৰিছে। যুৱক-যুৱতীসকলে  এই সুযোগসমূহ গ্ৰহণ  কৰি বিশ্বৰ মঞ্চত নিজৰ নাম উজলাই তুলিবলৈ তেওঁ  পৰামৰ্শ দিয়ে। তেওঁ  লগতে তেওঁলোকক পৰিৱেশৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈও পৰামৰ্শ দিয়ে। পানী, বনাঞ্চল, আৰু ভূমি সংৰক্ষণ, স্বচ্ছ শক্তিৰ ব্যৱহাৰ, জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা, আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতা তেওঁলোকৰ জীৱন যাত্ৰাৰ অবিচ্ছেদ্য অংশ হ’ব লাগে বুলিও  ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়।

Please click here to see the President's speech-

 

***

MJPS/SS/ST/DM


(रिलीज़ आईडी: 2278538) आगंतुक पटल : 33
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Gujarati , Tamil , Malayalam