MIFF banner

প্ৰযুক্তি বিকশিত হোৱাৰ পাছতো চলচ্চিত্ৰ মহোৎসৱৰ আত্মা অক্ষত থাকিবঃ এম আই এফ এফ মুক্ত মঞ্চৰ বিশেষজ্ঞসকল


আলোচকসকলৰ ‘ভুৱা চলচ্চিত্ৰ মহোৎসৱ’ নিষিদ্ধ কৰিবলৈ চৰকাৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান

আজি মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এম আই এফ এফ)২০২৬-ৰ পঞ্চম আৰু চূড়ান্ত মুকলি ফ’ৰামত বক্তাসকলে কয় যে ষ্ট্ৰীমিং প্লেটফৰ্ম, ডিজিটেল প্ৰযুক্তি আৰু পৰিৱৰ্তিত দৰ্শন অভ্যাসে চলচ্চিত্ৰৰ দৃশ্যপটক পুনৰ গঠন কৰাৰ বিপৰীতে চলচ্চিত্ৰ মহোৎসৱসমূহে আৱিষ্কাৰ, শিক্ষণ আৰু সামূহিক অভিজ্ঞতাৰ স্থান হিচাপে তেওঁলোকৰ প্ৰাসংগিকতা অব্যাহত ৰাখিছে।

এই মহোৎসৱত ভাৰতীয় তথ্যচিত্ৰ প্ৰযোজক সংস্থা (আই ডি পি এ) ৰ দ্বাৰা আয়োজিত ‘পৰিৱৰ্তনশীল প্ৰযুক্তি, পৰিৱৰ্তনশীল দৰ্শকঃ’ শীৰ্ষক অধিৱেশনখন অনুষ্ঠিত হয়। চলচ্চিত্ৰ মহোৎসৱৰ স্থায়ী মূল্য পৰীক্ষা কৰাৰ সময়ত প্ৰযুক্তিয়ে দৰ্শকৰ অংশগ্ৰহণ কেনেদৰে সলনি কৰি আছে সেয়া পৰীক্ষা কৰিবলৈ চলচ্চিত্ৰ মহোৎসৱৰ প্ৰবীণসকলক একত্ৰিত কৰে।

আলোচনা চক্ৰৰ সদস্যসকল আছিল বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিষ্ঠাপক সদস্য তথা প্ৰাক্তন শৈল্পিক পৰিচালক বিদ্যাশংকৰ এন; অধ্যাপক (ড০) কে জি সুৰেশ, ইণ্ডিয়া হেবিটেট চেণ্টাৰৰ সঞ্চালক; চলচ্চিত্ৰ সমালোচক আৰু মহোৎসৱ পৰামৰ্শদাতা প্রেমেন্দ্ৰ মজূমদাৰ আৰু পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (পি আই এফ এফ) আঁৰৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব অদিতি আক্কালকোটকাৰ। এই আলোচনা পৰিচালনা কৰিছিল চলচ্চিত্ৰ নিৰ্মাতা তথা আই ডি পি এ ৰ সভাপতি সংস্কাৰ দেশাইয়ে।

আলোচনাৰ আৰম্ভণি কৰি বিদ্যাশংকৰ এন-এ ২০০০-ৰ দশকৰ আৰম্ভণিৰ ডিজিটেল বিপ্লৱৰ পৰা চলচ্চিত্ৰ মহোৎসৱৰ বিকাশৰ বিষয়ে আলোচনা কৰে। যদিও প্ৰযুক্তিয়ে নাটকীয়ভাৱে চিনেমাৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰিছে, তেওঁ যুক্তি দিয়ে যে মহোৎসৱৰ মৌলিক উদ্দেশ্য অপৰিৱৰ্তিত হৈ আছে। "চলচ্চিত্ৰ মহোৎসৱ হৈছে চলচ্চিত্ৰৰ অভিজ্ঞতা লাভ কৰাৰ বিষয়ে, কেৱল তথ্য লাভ কৰাৰ বিষয়ে নহয়", তেওঁ কয়। সংগ্ৰহালয়ৰ সৈতে সমান্তৰালভাৱে তেওঁ কয় যে অনলাইনত উপলভ্য বিষয়বস্তুৰ প্ৰচুৰতা স্বত্বেও দৰ্শকসকলে নিমজ্জনিত সাংস্কৃতিক অভিজ্ঞতা বিচাৰি আছে। "চিনেমাৰ মূল মূল্যবোধবোৰ অক্ষত হৈ আছে, আৰু চলচ্চিত্ৰ মহোৎসৱবোৰ সেই কেইটামান স্থানৰ ভিতৰত আছে যিবোৰে ইয়াক অব্যাহত ৰাখিছে", তেওঁ কয়।

বিদ্যাশংকৰে কয় যে যুৱ দৰ্শকে উদীয়মান প্ৰযুক্তি আৰু চলচ্চিত্ৰৰ প্ৰৱণতা অন্বেষণ কৰিবলৈ মহোৎসৱসমূহত অংশগ্ৰহণ কৰাৰ বিপৰীতে বৃদ্ধ দৰ্শকসকলে প্ৰায়ে ন'ষ্টালজিয়াৰ দ্বাৰা আকৰ্ষিত হয়, যাৰ ফলত এক অনন্য আন্তঃপ্ৰজন্মগত সাংস্কৃতিক স্থানৰ সৃষ্টি হয়।

অধ্যাপক (ড০) কে জি সুৰেশে জীয়াই থকাৰ পৰা প্ৰাসংগিকতালৈ মনোযোগ স্থানান্তৰ কৰে। সমগ্ৰ ভাৰতত চলচ্চিত্ৰ মহোৎসৱৰ বৰ্ধিত সংখ্যাক স্বীকাৰ কৰি তেওঁ প্ৰশ্ন কৰে যে অৱগত দৰ্শকসকলক গঢ়ি তোলাৰ বাবে পৰ্যাপ্ত প্ৰচেষ্টা চলোৱা হৈছে নেকি?

"চলচ্চিত্ৰ মহোৎসৱ হৈছে চিনেমাৰ উদযাপন, কিন্তু সেইবোৰ শিক্ষণৰ অভিজ্ঞতাও হ’ব লাগিব", তেওঁ কয়, আৰু লগতে কয় যে প্ৰযুক্তিয়ে কেৱল তেতিয়াহে চিনেমাৰ উন্নতি সাধন কৰিব পাৰে যদিহে ইয়াৰ কেন্দ্ৰত মানসম্পন্ন বিষয়বস্তু থাকে। চলচ্চিত্ৰক শিক্ষা আৰু আচৰণগত পৰিৱৰ্তনৰ বাবে অন্যতম শক্তিশালী সঁজুলি বুলি অভিহিত কৰি সুৰেশই চলচ্চিত্ৰৰ প্ৰশংসাক শৈক্ষিক প্ৰতিষ্ঠানসমূহত একত্ৰিত কৰা আৰু কম বয়সতে যুৱক-যুৱতীসকলক চলচ্চিত্ৰৰ সৈতে পৰিচয় কৰোৱাৰ পোষকতা কৰিছিল।

নিজৰ ব্যক্তিগত যাত্ৰা শ্বেয়াৰ কৰি অদিতি আক্কালকোটকাৰে পি আই এফ এফ-ৰ সৈতে কাম কৰি কেনেদৰে চলচ্চিত্ৰ সম্পৰ্কে তেওঁৰ বোধগম্যতা মূলসুঁতিৰ মনোৰঞ্জনৰ বাহিৰেও সম্প্ৰসাৰিত হৈছিল সেই বিষয়ে বৰ্ণনা কৰে। ‘চলচ্চিত্ৰ মহোৎসৱবোৰে বিশ্বৰ দৰ্শকৰ বাবে দুৱাৰ মুকলি কৰে অন্যথা কেতিয়াও সন্মুখীন নহ’ব পাৰে’, তেওঁ কয়। পি আই এফ এফ আয়োজনত শিক্ষাৰ্থীসকলৰ ভূমিকাৰ কথা উল্লেখ কৰি আক্কালকোটকাৰে চলচ্চিত্ৰ প্ৰেমীসকলৰ নেটৱৰ্কিং, চলচ্চিত্ৰ নিৰ্মাতা আৰু দৰ্শকৰ মাজত আদান-প্ৰদান তথা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ সংস্পৰ্শৰ দৰে প্ৰদৰ্শনৰ বাহিৰেও হোৱা মত-বিনিময়ৰ গুৰুত্বৰ বিষয়ে কয়।

এক সমালোচনামূলক দৃষ্টিভংগী প্ৰদান কৰি, প্রেমেন্দ্ৰ মজূমদাৰে ডিজিটেল যুগত তথাকথিত চলচ্চিত্ৰ মহোৎসৱৰ অনিয়ন্ত্ৰিত প্ৰসাৰৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে। প্ৰযুক্তিয়ে অনুষ্ঠান আয়োজন কৰাটো সহজ কৰি তুলিছে বুলি স্বীকাৰ কৰি তেওঁ সতৰ্ক কৰি দিয়ে যে বহুতো 'ভুৱা মহোৎসৱ' উদ্ভৱ হৈছে, যি প্ৰাথমিকভাৱে প্ৰকৃত সাংস্কৃতিক মঞ্চৰ পৰিৱৰ্তে বাণিজ্যিক উদ্যোগ হিচাপে কাম কৰি আছে।

‘এই মহোৎসৱ' বোৰে প্ৰায়ে জয়ী হ’বলৈ ধন দিয়া (পে-টু-ৱিন) বঁটা গাঁথনিৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতাসকলক শোষণ কৰে আৰু আইনী আৰু নিয়ামক প্ৰয়োজনীয়তা মানি চলাৰ অবিহনে কাম কৰে", তেওঁ লগতে কয় যে চলচ্চিত্ৰ নিৰ্মাতাসকলক সুৰক্ষিত কৰিবলৈ আৰু মহোৎসৱ' পৰিৱেশ তন্ত্ৰৰ বিশ্বাসযোগ্যতা ৰক্ষা কৰিবলৈ শক্তিশালী চৰকাৰী নিৰীক্ষণৰ প্ৰয়োজন।

এই আলোচনাত চলচ্চিত্ৰ সংস্কৃতিৰ প্ৰতিপালনৰ ক্ষেত্ৰত চলচ্চিত্ৰ সমাজৰ অবিৰত ভূমিকাৰ ওপৰতো আলোকপাত কৰা হয়। মজূমদাৰ আৰু সুৰেশ দুয়োজনে শৈক্ষিক পদক্ষেপ, কেম্পাছ চলচ্চিত্ৰ সমিতি আৰু সম্প্ৰসাৰিত চলচ্চিত্ৰ অধ্যয়ন কাৰ্যসূচীৰ জৰিয়তে অৱগত দৰ্শক সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

যদিও ফৰ্মেট, মঞ্চ আৰু দৰ্শকৰ আচৰণ বিকশিত হৈ থাকে , চলচ্চিত্ৰ মহোৎসৱবোৰ সাংস্কৃতিক বিনিময়, চলচ্চিত্ৰৰ আৱিষ্কাৰ আৰু গতিশীল ছবিৰ সামূহিক উদযাপনৰ স্থান হিচাপে অপৰিৱৰ্তনীয় হৈ থাকে।এই ঐক্যমতৰ সৈতে এই অধিৱেশনৰ সামৰণি পৰে।

দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ যুগত চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ সংস্কৃতিৰ ভৱিষ্যতৰ ওপৰত আলোচনা কৰিবলৈ চলচ্চিত্ৰ নিৰ্মাতা, পণ্ডিত আৰু উদ্যোগৰ অংশীদাৰসকলক একত্ৰিত কৰি এম আই এফ এফ ২০২৬-ৰ সময়ত আই ডি পি এ-ৰ দ্বাৰা আয়োজিত পাঁচ খণ্ডৰ আলোচনা শৃংখলাৰ সামৰণি পৰে।

 

* * *

PIB Team MIFF | Nikita Joshi/Riyas Babu/Darshana Rane/MK


Great films resonate through passionate voices. Share your love for cinema with #MIFF2026. Tag us @pibmumbai on X, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at miff.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2278079   |   Visitor Counter: 8