গৃহ মন্ত্ৰালয়
নতুন দিল্লীত চিআইএছএফৰ নতুন মুখ্য কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী বন্দী সঞ্জয় কুমাৰৰ
চিআইএছএফৰ কাৰ্যক্ষমতা আৰু প্ৰশিক্ষণ ক্ষমতা শক্তিশালী কৰাৰ বাবে ১৩৬ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্প দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্ব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শাহ জীৰ নিৰ্দেশনাত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কল্যাণৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছে
চিআইএছএফৰ নতুন মুখ্য কাৰ্যালয় ভৱনে বাহিনীটোৰ প্ৰশাসনিক, কাৰ্যক্ষম আৰু কৌশলগত কাৰ্যাৱলীৰ স্নায়ুকেন্দ্ৰ হিচাপে কাম কৰিব
प्रविष्टि तिथि:
22 JUN 2026 3:52PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী বন্দী সঞ্জয় কুমাৰে আজি নতুন দিল্লীৰ লোধী ৰোডস্থিত চিজিঅ’ কমপ্লেক্সত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ নতুন মুখ্য কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে তেওঁ চিআইএছএফৰ ১৩৬.০৩ কোটি টকাৰ একাধিক আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰি দেশবাসীৰ উদ্দেশ্যে উৎসৰ্গা কৰে।

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, চোৰাংচোৰা সংস্থা (আইবি)ৰ সঞ্চালক শ্ৰী তপন কুমাৰ ডেকা, চিআইএছএফৰ সঞ্চালক প্ৰধান শ্ৰী প্ৰবীৰ ৰঞ্জন, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল, চিপিডব্লিউডি আৰু এছবিআইৰ বিষয়াসকল আৰু চিআইএছএফৰ প্ৰাক্তন সঞ্চালক প্ৰধানসকল উপস্থিত থাকে।

কেন্দ্ৰীয় লোকনিৰ্মাণ বিভাগৰ দ্বাৰা আনুমানিক ৭৫.৭৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া চিআইএছএফৰ নতুন মুখ্য কাৰ্যালয় ভৱনটোৱে বাহিনীটোৰ প্ৰশাসনিক, কাৰ্যক্ষম আৰু কৌশলগত কাৰ্যাৱলীৰ স্নায়ুকেন্দ্ৰ হিচাপে কাম কৰিব। এই নমহলীয়া অত্যাধুনিক ভৱনটোত সঞ্চালক প্ৰধান আৰু বাহিনীটোৰ বিভিন্ন শাখাৰ কাৰ্যালয়, নিয়ন্ত্ৰণ কক্ষ, সন্মিলন কক্ষ, প্ৰেক্ষাগৃহ, পুথিভঁৰাল, ব্যায়ামাগাৰ আৰু অন্যান্য উন্নত সুবিধাসমূহ থাকিব।

অনুষ্ঠানৰ সময়ত শ্ৰী বন্দী সঞ্জয় কুমাৰে সম্পূৰ্ণ হোৱা তিনিটা আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰে:
- হায়দৰাবাদৰ নেচনেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি একাডেমী (নিছা)ত ৩৪.২২ কোটি টকা ব্যয়েৰে নিৰ্মিত অধীনস্থ বিষয়াসকলৰ মেছ (আদিত্য);
- হায়দৰাবাদৰ ‘নিচা’ত ২০.৫৩ কোটি টকা ব্যয়েৰে নিৰ্মিত উন্নত প্ৰশিক্ষণ ভৱন (অভ্যাস); আৰু
- তামিলনাডুৰ শিৱগংগাইৰ অমৰাৱতীপুৰমস্থিত চতুৰ্থ ৰিজাৰ্ভ বেটেলিয়নত ৫.৫০ কোটি টকা ব্যয়েৰে নিৰ্মিত অধীনস্থ বিষয়াসকলৰ আৱাসগৃহ।

এই উপলক্ষে ব্যক্তিগত দুৰ্ঘটনা বীমা আঁচনিৰ অধীনত চিআইএছএফৰ মৃত জোৱানসকলৰ পৰিয়ালক ১ কোটি টকাৰ আৰ্থিক সাহায্য অৰ্পণ কৰা হয়। 'সংৰক্ষিকা' আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এক যৌথ উদ্যোগৰ জৰিয়তে বাহিনীটোৰ কৰ্মচাৰীসকলৰ বিশেষভাৱে সক্ষম আশ্ৰিত সন্তানসকলক বিশেষভাৱে প্ৰস্তুত কৰা মটৰ চালিত হুইলচেয়াৰো প্ৰদান কৰা হয়।

গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী বন্দী সঞ্জয় কুমাৰে তেওঁৰ ভাষণত চিএপিএফৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ প্ৰতি চৰকাৰৰ সংকল্প পুনৰ দোঁহাৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নেতৃত্ব আৰু কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শাহ জীৰ নিৰ্দেশনাত চিএপিএফৰ কল্যাণৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাৰ ভিতৰত আছে ‘আয়ুষ্মান চিএপিএফ’ আৰু ‘চিএপিএফআইএমএছ’ৰ জৰিয়তে নগদ ধনবিহীন চিকিৎসা সুবিধা, ‘চিএপিএফ ই-আৱাস’ প’ৰ্টেলৰ জৰিয়তে স্বচ্ছ গৃহ আবণ্টন আৰু এক উদাৰ দিব্যাংগ নীতি—যাৰ দ্বাৰা কৰ্তব্যৰত অৱস্থাত শাৰীৰিকভাৱে অক্ষম হোৱা জোৱানসকলে মৰ্যাদা, কেৰিয়াৰৰ প্ৰগতি আৰু পূৰ্ণ সেৱাৰ সুবিধাৰে সেৱা আগবঢ়াই যাব পাৰে। শ্ৰী বন্দী সঞ্জয় কুমাৰে মানসিক স্বাস্থ্য সহায়ৰ বাবে 'প্ৰজেক্ট মন' আৰু কেন্দ্ৰীয় আৰক্ষী কল্যাণ ভাণ্ডাৰ নেটৱৰ্কৰ জৰিয়তে আৰ্থিক সকাহ প্ৰদান কৰা পদক্ষেপসমূহৰো প্ৰশংসা কৰে।
সমবেত ৰাইজক সম্বোধন কৰি চিআইএছএফৰ সঞ্চালক প্ৰধান শ্ৰী প্ৰবীৰ ৰঞ্জনে নিৰাপত্তাৰ প্ৰত্যাহ্বানসমূহৰ সলনি হোৱা স্বৰূপ আৰু উদীয়মান ভাবুকিসমূহৰ মোকাবিলা কৰিবলৈ বাহিনীটোৰ প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে আধুনিক নিৰাপত্তাৰ বিষয়সমূহত চাইবাৰ আক্ৰমণ, ডিজিটেলূ অন্তৰ্ঘাত, ড্ৰোন আৰু অন্যান্য প্ৰযুক্তি-চালিত বিপদাশংকাৰ দৰে বৰ্ণশংকৰৰ ভাবুকি ক্ৰমান্বয়ে বৃদ্ধি পাইছে। তেওঁ জনায় যে শেহতীয়া বছৰবোৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে চিআইএছএফক কেইবাটাও নতুন দায়িত্ব অৰ্পণ কৰিছে।
সঞ্চালক প্ৰধানে উল্লেখ কৰে যে আন্তৰ্জাতিক জাহাজ আৰু বন্দৰ সুবিধা সুৰক্ষা ক’ডৰ অধীনত চিআইএছএফক এক 'স্বীকৃত নিৰাপত্তা সংস্থা' হিচাপে মনোনীত কৰা হৈছে, যাৰ ফলত ই প্ৰধান বন্দৰসমূহৰ নিৰাপত্তা অডিট আৰু মূল্যায়ন কৰিবলৈ সক্ষম হ’ব আৰু ভাৰতৰ ক্ৰমবৰ্ধমান নীলা অৰ্থনীতিক সুৰক্ষিত কৰাত অৰিহণা যোগাব পাৰিব। তেওঁ লগতে কয় যে বাহিনীটোৱে জম্মু-কাশ্মীৰৰ অতি সুৰক্ষিত সংশোধনাগাৰসমূহৰ নিৰাপত্তাৰ দায়িত্ব লৈছে আৰু আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাপনাত নিজৰ ভূমিকা সম্প্ৰসাৰিত কৰিছে।
প্ৰযুক্তি-চালিত নিৰাপত্তা সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী প্ৰবীৰ ৰঞ্জনে জনায় যে আৰটিচি বেহৰোৰক ড্ৰোন আৰু এণ্টি-ড্ৰোন প্ৰযুক্তিৰ এক উৎকৰ্ষ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে। শত্ৰু ড্ৰোনৰ ভাবুকিৰ পৰা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ৰক্ষাৰ বাবে চিআইএছএফক সমন্বয়ৰক্ষী এজেন্সী হিচাপেও মনোনীত কৰা হৈছে। তদুপৰি, আইআইটি মাদ্ৰাজ প্ৰৱৰ্তক, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় গান্ধীনগৰ আৰু চি-ডেককে ধৰি অগ্ৰণী প্ৰতিষ্ঠানসমূহৰ সহযোগত বিশেষ চাইবাৰ নিৰাপত্তা দলক প্ৰশিক্ষণ দিয়া হৈছে।
সঞ্চালক প্ৰধানে লগতে উল্লেখ কৰে যে বাহিনীটোত মহিলাৰ সবলীকৰণৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে হাৰিয়ানাৰ নুহত ১,০২৪ গৰাকী জোৱানেৰে গঠিত প্ৰথমটো সম্পূৰ্ণ মহিলা চিআইএছএফ ৰিজাৰ্ভ বেটেলিয়ন গঠনৰ বাবে মন্ত্ৰালয়ে অনুমোদন জনাইছে।
দেশে বন্দে মাতৰমৰ ১৫০সংখ্যক জয়ন্তী বৰ্ষত প্ৰৱেশ কৰিবলৈ ওলোৱাৰ সময়তে এই অনুষ্ঠানটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে, যি ৰাষ্ট্ৰীয় সেৱা, নিৰাপত্তা আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি বাহিনীটোৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।
*****
RK/RR/PR/PS/DB
(रिलीज़ आईडी: 2276875)
आगंतुक पटल : 5