প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিম দিৱস উদযাপন অনুষ্ঠানত দিয়া ভাষণৰ আভাস আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
20 JUN 2026 10:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ তাৰকেশ্বৰত পশ্চিমবংগ দিৱস উদযাপনৰ সময়ত দিয়া ভাষণৰ আভাস আগবঢ়াইছে।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়;
“পশ্চিম বংগলৈ অহাটো সদায় মোৰ বাবে আনন্দৰ কথা!
আজি তাৰকেশ্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ কিছু আভাস আগবঢ়ালোঁ।”
‘আমি সমগ্ৰ দেশৰ কৃষকসকলৰ কল্যাণ আৰু সবলীকৰণৰ প্ৰতি দায়বদ্ধ।আজি পশ্চিমবংগৰ হুগলীৰ পৰা পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি কৰাৰ সৌভাগ্য লাভ কৰিলোঁ।ইয়াৰ দ্বাৰা কোটি কোটি কৃষক পৰিয়ালক আৰ্থিক সহায় আগবঢ়োৱা হ’ব আৰু তেওঁলোকৰ জীৱনলৈ অধিক সমৃদ্ধি আহিব।”
“যিখন বংগই ভাৰতৰ বিকাশৰ নেতৃত্ব দিব পাৰে, সেইখন বংগ কংগ্ৰেছ, বাওঁপন্থী, টিএমচিৰ দশক দশক ধৰি চলি থকা অপশাসনৰ বাবে ক্ৰমাগতভাৱে পিছ পৰি ৰ’ল।আজি পশ্চিম বংগ দিৱসত আমি প্ৰতিশ্ৰুতি দিওঁ যে অতীতৰ সেই ভুলবোৰৰ পুনৰাবৃত্তি নহ’ব।”
“পশ্চিমবংগৰ মোৰ পৰিয়ালৰ লোকসকলে বিজেপিক তেওঁলোকৰ অপৰিসীম আশীৰ্বাদ প্ৰদান কৰিলে, অভিলেখ সংখ্যক আসনেৰে জয় নিশ্চিত কৰিলে।আজি সমগ্ৰ দেশে প্ৰত্যক্ষ কৰিছে যে জনসাধাৰণে কেনেকৈ সেই সকলো অধিকাৰৰ সুবিধা লাভ কৰিছে, যাৰ পৰা তেওঁলোকে বছৰ বছৰ ধৰি বঞ্চিত হৈ আছিল।”
“ পৃথিৱী মাতৃ আৰু আমাৰ পথাৰসমূহৰ সুৰক্ষাৰ বাবে...সমগ্ৰ দেশৰ কৃষক ভাই-ভনীসকললৈ মই বিনম্ৰ আহ্বান জনাইছো”
*****************
MJPS/SS/ST/DM
(रिलीज़ आईडी: 2275930)
आगंतुक पटल : 6