প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পশ্চিমবংগ দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন, স্মৰণ কৰিলে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদানৰ কথা
प्रविष्टि तिथि:
20 JUN 2026 8:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ ৰাইজক পশ্চিমবংগ দিৱস উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই দিৱসত সাহিত্য, সংগীত, শিল্প, আধ্যাত্মিকতা, বিজ্ঞান, ব্যৱসায়-বাণিজ্য , সমাজ সংস্কাৰ আৰু অন্যান্য ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ জৰিয়তে ভাৰতৰ ইতিহাসক অনন্য ৰূপত গঢ় দিয়া এখন ৰাজ্যক উদযাপন কৰা হয়। তেওঁ উল্লেখ কৰে যে পশ্চিমবংগই ভাৰতৰ জাতীয় চেতনাক নানান ধৰণে সমৃদ্ধ কৰিছে।
শ্ৰী মোদীয়ে কয় যে ২০ জুন তাৰিখটো পশ্চিমবংগৰ ইতিহাসত অপৰিসীম তাৎপৰ্য আছে । কাৰণ সেইদিনাই পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থকাটো নিশ্চিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ভূমিকা অমূল্য বুলি উল্লেখ কৰাৰ লগতে কয় যে ২০২৬ চনত ড° মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তী পালন কৰা হৈছে ।
প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগ চৰকাৰৰ সৈতে মিলি জনসাধাৰণৰ সপোন আৰু আকাংক্ষা পূৰণ কৰিব।
শ্ৰী মোদীয়ে পশ্চিমবংগৰ প্ৰগতি আৰু ইয়াৰ জনসাধাৰণৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
পশ্চিমবংগ দিৱস উপলক্ষে পশ্চিমবংগৰ মোৰ ভগ্নী-ভাইসকললৈ উষ্ম শুভেচ্ছা।
সাহিত্য, সংগীত, শিল্প, আধ্যাত্মিকতা, বিজ্ঞান, ব্যৱসায়- বাণিজ্য, সমাজ সংস্কাৰ আদি বিভিন্ন ক্ষেত্ৰত যোগোৱা অৱদানৰ জৰিয়তে ভাৰতৰ ইতিহাসক গভীৰভাৱে গঢ় দিয়া এখন ৰাজ্যক এই দিৱসত উদযাপন কৰা হয়। বাৰে বাৰে পশ্চিমবংগই ভাৰতৰ জাতীয় চেতনাক নানান ধৰণে সমৃদ্ধ কৰি তুলিছে।
পশ্চিমবংগৰ ইতিহাসত আজি ২০ জুন তাৰিখটোৰ অপৰিসীম তাৎপৰ্য আছে। এইটোৱেই আছিল সেই দিনটো যিটো দিনে পশ্চিমবংগক ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থকাটো নিশ্চিত কৰিছিল। ইয়াত ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ অমূল্য ভূমিকা আছিল। এইবাৰ অৰ্থাৎ ২০২৬ বৰ্ষত আমি ড° মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তী উদযাপন কৰিছো।
পশ্চিমবংগ চৰকাৰৰ সৈতে মিলি ৰাইজৰ সপোন আৰু আকাংক্ষা পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি যাব। পশ্চিমবংগৰ প্ৰগতি আৰু ইয়াৰ জনসাধাৰণৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।”
****
MJPS/SS/ST/DM
(रिलीज़ आईडी: 2275573)
आगंतुक पटल : 9