MIFF banner

লাডাখৰ পৰা বিশ্বমঞ্চলৈ: প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাসকলে এমএআইএফএফ, ২০২৬-ত প্ৰদৰ্শন কৰিলে অন্তৰ্ভুক্তিমূলক চলচ্চিত্ৰৰ শক্তি

চলচ্চিত্ৰ প্ৰতিগৰাকী শিশুৰ কণ্ঠস্বৰ হ’ব লাগিব বুলি ক’লে শ্বেতা পৰশ আৰু জিতেন্দ্ৰ মিশ্ৰই

পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰা, বৈচিত্ৰ্যক আদৰণি জনোৱা আৰু অনুচ্চাৰিত কণ্ঠসমূহক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ থকা পৰিৱৰ্তনকাৰী শক্তিৰ দিশটো আজি ১৯তম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF) ২০২৬ৰ সমান্তৰালভাৱে ‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’ (পিআইবি) দ্বাৰা আয়োজিত এখন সংবাদ মেলে বিশেষ চৰ্চা লাভ কৰে।

‘নায়াব–থ্ৰু দ্য টিচাৰ্ছ লেন্স’ নামৰ তথ্যচিত্ৰখন আৰু ‘সোনা ঔৰ সোণম কে সপনে-লিটল বিগ ড্ৰিম’ নামৰ চুটি কল্পকাহিনী চলচ্চিত্ৰখনৰ সৈতে জড়িত চলচ্চিত্ৰ নিৰ্মাতা, শিক্ষাবিদ আৰু প্ৰযোজকসকলে চলচ্চিত্ৰক প্ৰতিটো শিশুৰ বাবে এক সৱলীকৰণৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই সংবাদ মেলত চলচ্চিত্ৰ নিৰ্মাতা শ্বেতা পৰশ, শিক্ষাবিদ তথা প্ৰকল্প পৰামৰ্শদাতা স্বাতী পোপট ভাটছ, প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা প্ৰকল্প পৰামৰ্শদাতা পথিক ভাটছ আৰু ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক জিতেন্দ্ৰ মিশ্ৰই একেলগে অংশগ্ৰহণ কৰে। পেনেলিষ্টসকলে চলচ্চিত্ৰখন নিৰ্মাণৰ অন্তৰালৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰাৰ লগতে শিশুসকলৰ মাজত অন্তৰ্ভুক্তিকৰণ, সৃষ্টিশীলতা আৰু আত্মবিশ্বাস গঢ়ি তোলাৰ ক্ষেত্ৰত কাহিনী কথনৰ ভূমিকাৰ বিষয়ে আলোচনা কৰে।

তৃণমূল পৰ্যায়ৰ কাহিনী কথনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি ‘নায়াব – থ্ৰু দ্য টিচাৰ্ছ লেন্স’ৰ পৰিচালক শ্বেতা পৰশে কয় যে শিশুসকলে নিজৰ বাস্তৱ জীৱনৰ প্ৰতিচ্ছবি পৰ্দাত দেখাটো অত্যন্ত প্ৰয়োজনীয়। তেওঁ লক্ষ্য কৰে যে স্থানীয় সংস্কৃতিৰ সৈতে জড়িত কাহিনীসমূহে শিশুসকলক তেওঁলোকৰ পৰিচয়, পৰম্পৰা আৰু সমাজৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে। এনে কাহিনীয়ে আত্মপ্ৰকাশ আৰু মত বিনিময়ৰ বাবেও একোটা অৰ্থপূৰ্ণ স্থান সৃষ্টি কৰে।

অন্তৰ্ভুক্তিকৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি স্বাতী পোপট ভাটছে কয় যে সমাজে সংকীৰ্ণ শ্ৰেণীবিভাজন বা লেবেলৰ ঊৰ্ধ্বত উঠি সকলো শিশুৰ উমৈহতীয়া আকাংক্ষা, আৱেগ আৰু সম্ভাৱনীয়তাক স্বীকাৰ কৰিব লাগিব। ‘সোনা ঔৰ সোণম কে সপনে-লিটল বিগ ড্ৰিম’ চলচ্চিত্ৰখনৰ মূল চৰিত্ৰটোৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই কনমানি ছোৱালীজনীয়ে কেৱল শিক্ষা বা স্বাৱলম্বিতাৰ পিছত দৌৰা নাছিল, বৰঞ্চ তেওঁ “জীৱনৰ পিছত দৌৰিছিল” । তেওঁ কয় যে এই বাক্যাংশটোৱেই চলচ্চিত্ৰখনৰ গভীৰ মানৱীয় আৰু প্ৰেৰণাদায়ক বাৰ্তা কাঢ়ি আনিছে।

চলচ্চিত্ৰ নিৰ্মাতা তথা ফিল্মফেয়াৰ বঁটা বিজয়ী পথিক ভাটছে এক শক্তিশালী শৈক্ষিক সঁজুলি হিচাপে চলচ্চিত্ৰৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে চলচ্চিত্ৰই কেৱল মনোৰঞ্জন প্ৰদান কৰাতকৈ বহু বেছি কাম কৰে। চলচ্চিত্ৰক ব্যৱহাৰিক শিক্ষাৰ এক মাধ্যম হিচাপে বৰ্ণনা কৰি তেওঁ কয় যে ই সহানুভুতি জগাই তুলিব পাৰে, দৃষ্টিভংগী বহল কৰিব পাৰে আৰু সামাজিক মানসিকতাৰো সলনি কৰিব পাৰে।

‘সোনা ঔৰ সোণম কে সপনে-লিটল বিগ ড্ৰিমছ’ চলচ্চিত্ৰখনৰ যাত্ৰাৰ কথা ভগাই লৈ ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰযোজক জিতেন্দ্ৰ মিশ্ৰই স্থানীয় কাহিনীসমূহৰ বৰ্ধিত গোলকীয় আদৰণিৰ কথা উল্লেখ কৰে। তেওঁ কয় যে শিশুসকলে নিজেই এই চলচ্চিত্ৰ নিৰ্মাণৰ যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁলোকে কেৱল অভিনেতা-অভিনেত্ৰী হিচাপেই নহয়, বৰঞ্চ কাহিনীকাৰ আৰু স্ৰষ্টা হিচাপেও অৱদান আগবঢ়াইছিল।

মিশ্ৰই লগতে কয় যে থলুৱা বা স্থানীয় সংস্কৃতিৰ সৈতে জড়িত আখ্যানসমূহৰ বিশ্বৰ যিকোনো প্ৰান্তৰ দৰ্শকৰ হৃদয় স্পৰ্শ কৰাৰ ক্ষমতা থাকে। তেওঁ জানিবলৈ দিয়ে যে কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ পিছৰে পৰা চলচ্চিত্ৰখনলৈ ইতিমধ্যে কেইবাটাও আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা আমন্ত্ৰণ আহিছে। অহা মাহবোৰত চলচ্চিত্ৰখন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শিত কৰাৰ বাবে দিন ধাৰ্য কৰা হৈছে।

এই আলোচনাত দুয়োখন চলচ্চিত্ৰতে প্ৰতিফলিত হোৱা এক উমৈহতীয়া দৰ্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়: সেয়া হৈছে ‘সীমাবদ্ধতাৰ পৰা সম্ভাৱনীয়তালৈ’ দৃষ্টিভংগী সলনি কৰা। পেনেলিষ্টসকলে জোৰ দি কয় যে বিশেষভাৱে সক্ষম শিশুসকলক তেওঁলোকৰ যোগ্যতা, প্ৰতিভা আৰু পৰিয়াল, শ্ৰেণীকোঠা তথা সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবেহে স্বীকৃতি দিব লাগে। তেওঁলোকক কোনো লেবেল বা ধৰি লোৱা সীমাবদ্ধতাৰ দ্বাৰা সংজ্ঞায়িত কৰিব নালাগে।

সংবাদ মেলৰ শেষত পেনেলিষ্টসকলে দৃঢ়তাৰে কয় যে শিশু চলচ্চিত্ৰ পৰম্পৰাগত মনোৰঞ্জনৰ গণ্ডী পাৰ হৈ অন্তৰ্ভুক্তিকৰণ, পাৰস্পৰিক বুজাবুজি আৰু সামাজিক পৰিৱৰ্তনৰ এক অন্যতম অনুঘটক হৈ পৰিব লাগিব।

* * *

PIB Team MIFF | Supriya Ghaytadak/Ashish Sangle/Darshana Rane/DB


Great films resonate through passionate voices. Share your love for cinema with #MIFF2026. Tag us @pibmumbai on X, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at miff.mediadesk@pib.gov.in with the subject line: Take One with PIB.


ৰিলিজ আই ডি : 2275539   |   Visitor Counter: 31