MIFF banner

চিনেমাটোগ্ৰাফী হৈছে দৰ্শকক এখন পৃথিৱীক বিশ্বাস কৰোৱাৰ কলা: ১৯তম এমআইএফএফ ৰ কৰ্মশালাত মধুৰা পালিত

পোহৰৰ পৰা লেন্সলৈ: এমআইএফএফ-ত চিনেমাটোগ্ৰাফীৰ আত্মাৰ সন্ধান কৰিলে মধুৰা পালিতে

১৯তম মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)-ত মূল কলা আৰু দৃশ্যগত ভাষা: চিনেমাটোগ্ৰাফীৰ আত্মা শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কান চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় ‘পিয়েৰ এঞ্জেলক্স এক্সেলেন্স এৱাৰ্ড’ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়, প্ৰখ্যাত চিনেমাটোগ্ৰাফাৰ তথা পৰিচালক মধুৰা পালিত।

চলচ্চিত্ৰ নিৰ্মাতা, শিক্ষাৰ্থী আৰু চলচ্চিত্ৰ প্ৰেমীসকলক সম্বোধন কৰি পালিতে চিনেমাটোগ্ৰাফীক দৰ্শকৰ বাবে এখন বিশ্বাসযোগ্য পৃথিৱী সৃষ্টি কৰাৰ কলা বুলি অভিহিত কৰে। তেওঁ কয় যে চিনেমাটোগ্ৰাফী কেৱল দৃশ্য বা ছবি বাণীবদ্ধ কৰাতে সীমাবদ্ধ নহয়; ইয়াৰ সৈতে কাহিনী কথনক সমৃদ্ধ কৰিবলৈ আৰু আৱেগ জগাই তুলিবলৈ কেমেৰাৰ গতি, পোহৰ, ফ্ৰেমিং আৰু কম্পোজিশ্যনৰ ব্যৱহাৰো জড়িত হৈ থাকে।

এগৰাকী চিনেমাটোগ্ৰাফাৰৰ ভূমিকা ব্যাখ্যা কৰি তেওঁ উল্লেখ কৰে যে চিনেমাটোগ্ৰাফাৰসকলে এজন পৰিচালকৰ চিন্তাধাৰাক এক দৃশ্যগত ভাষালৈ ৰূপান্তৰ কৰে। কেমেৰাৰ গতিৰ পৰা আৰম্ভ কৰি লেন্সৰ নিৰ্বাচনলৈকে প্ৰতিটো সৃষ্টিশীল সিদ্ধান্তই দৰ্শকে এটা কাহিনী কেনেকৈ অনুভৱ কৰিব আৰু ইয়াৰ চৰিত্ৰসমূহৰ সৈতে কেনেকৈ সংযোগ স্থাপন কৰিব, তাৰ ৰূপৰেখা তৈয়াৰ কৰাত সহায় কৰে।

এই কৰ্মশালাত দৃশ্যগত উপাদানসমূহে দৰ্শকৰ ধাৰণাক কেনেকৈ প্ৰভাৱিত কৰে, সেই সন্দৰ্ভত আলোচনা কৰা হয়। বিভিন্ন উদাহৰণৰ জৰিয়তে পালিতে প্ৰদৰ্শন কৰে যে কেনেকৈ ভিন্ন কেমেৰা মুভমেণ্টে (গতি) সুকীয়া আৱেগিক প্ৰভাৱ সৃষ্টি কৰিব পাৰে, আনহাতে ফ্ৰেমিং, কম্পোজিশ্যন আৰু স্থানৰ ব্যৱহাৰে সম্পৰ্ক, নিঃসংগতা বা মানসিক উত্তেজনাক সূক্ষ্মভাৱে প্ৰকাশ কৰিব পাৰে। ইয়াৰ উপৰি, পৰিৱেশ গঢ়ি তোলা আৰু চৰিত্ৰ এটাৰ অন্তৰ্নিহিত মানসিক অৱস্থা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত পোহৰ (লাইটিং) নিয়ন্ত্ৰণৰ গুৰুত্বৰ ওপৰতো তেওঁ আলোকপাত কৰে।

চিনেমাটোগ্ৰাফী প্ৰযুক্তিৰ দ্বাৰা নহয়, বৰঞ্চ শৈল্পিক উদ্দেশ্যৰ দ্বাৰাহে পৰিচালিত হয় বুলি গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে কেমেৰা আৰু সঁজুলিসমূহ কেৱলমাত্ৰ মাধ্যম বা সঁজুলিহে, আনহাতে দৃশ্যগত কাহিনী কথনৰ মূল ভেটি হৈছে সৃষ্টিশীলতা আৰু সূক্ষ্ম পৰ্যবেক্ষণ।

পালিতে চলচ্চিত্ৰ নিৰ্মাণৰ ব্যৱহাৰিক দিশসমূহৰ বিষয়েও কোৱাৰ লগতে সময়সূচী (চিডিউল), সঁজুলি, বতৰৰ অৱস্থা আৰু প্ৰডাকচনৰ প্ৰত্যাহ্বানসমূহ কেনেকৈ চম্ভালিব লাগে সেই বিষয়েও আলোচনা কৰে। নিজৰ পেচাদাৰী অভিজ্ঞতাৰ পৰা উদাহৰণ দি তেওঁ পৰিস্থিতিৰ সৈতে খাপ খাই পৰাৰ দক্ষতা আৰু প্ৰতিটো লোকেশ্যনৰ স্বকীয় দৃশ্যগত বৈশিষ্ট্য বুজি পোৱাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

প্ৰশ্নোত্তৰৰ এক অন্তৰংগ অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে হেণ্ডহেল্ড চিনেমাটোগ্ৰাফী (হাতেৰে ধৰি কৰা দৃশ্যগ্ৰহণ), পৰিচালকৰ সৈতে কৰা সহযোগিতা আৰু চলচ্চিত্ৰ নিৰ্মাণত স্মাৰ্টফোন কেমেৰাৰ বৰ্ধিত ব্যৱহাৰৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰে। প্ৰযুক্তি সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত তেওঁ উল্লেখ কৰে যে স্মাৰ্টফোনে চলচ্চিত্ৰ নিৰ্মাণ প্ৰক্ৰিয়াটোক অধিক সহজলভ্য কৰি তুলিছে যদিও চিনেমাটোগ্ৰাফী সদায় উদ্দেশ্য, গভীৰ অৰ্থ আৰু সুন্দৰ কাহিনী কথনৰ দ্বাৰাহে সংজ্ঞায়িত হৈ থাকিব।

অনাগত দিনৰ উদীয়মান চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক উৎসাহজনক বাৰ্তাৰে এই অধিৱেশনৰ সামৰণি পৰে। তেওঁ কয় যে নতুন প্ৰজন্মই চিনেমাটোগ্ৰাফীক এনে এক শিল্প হিচাপে চোৱা উচিত যিয়ে এক অৰ্থপূৰ্ণ চিনেমাৰ অভিজ্ঞতা সৃষ্টি কৰিবলৈ সৃষ্টিশীলতা, পৰ্যবেক্ষণ ক্ষমতা আৰু আৱেগিক বোধগম্যতাক একত্ৰিত কৰে।

* * *

PIB Team MIFF | Nikita Joshi/Robin Singh/Darshana Rane/DB


Great films resonate through passionate voices. Share your love for cinema with #MIFF2026. Tag us @pibmumbai on X, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at miff.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2275538   |   Visitor Counter: 33