MIFF banner

১৯ সংখ্যক এমআইএফএফ ২০২৬-ত সফলতাৰে সামৰণি পৰিল ‘ৱেভছ ডক বাজাৰ’-ৰ দ্বিতীয় সংস্কৰণৰ

১৯খন দেশৰ ১৫৫টা প্ৰৱেশ, ১০০খনতকৈয়ো অধিক ‘বি টু বি’ বৈঠক আৰু একাধিক প্ৰকল্প বঁটাই তথ্যচিত্ৰ নিৰ্মাতাসকলৰ বাবে গ্ল’বেল নেটৱৰ্কিং-ৰ সুযোগ শক্তিশালী কৰে

 

তথ্যচিত্ৰ নিৰ্মাতাসকলৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ গুৰু, প্ৰযোজক, বিতৰক, সম্প্ৰচাৰক আৰু উদ্যোগৰ পেছাদাৰসকলৰ সৈতে সংযোগ স্থাপনৰ বাবে এক মূলমঞ্চ হিচাপে ইয়াৰ ভূমিকাক পুনৰ দৃঢ় কৰি ১৯ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ) ২০২৬-ত ৱেভছ ডক বাজাৰ-ৰ দ্বিতীয়টো সংস্কৰণ সফলতাৰে সমাপ্ত হয়।

তিনিদিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠানে প্ৰকল্পৰ পিটচ, নেটৱৰ্কিং অধিৱেশন আৰু উদ্যোগৰ অংশীদাৰসকলৰ সৈতে আলোচনাৰ সুবিধা প্ৰদান কৰে, নিৰ্বাচিত চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ প্ৰকল্পৰ বিকাশ, পোষ্ট-প্ৰডাকশ্যন আৰু বিতৰণৰ বাবে সমৰ্থন বিচৰাৰ সুযোগ প্ৰদান কৰে।

সামৰণি অনুষ্ঠানত সম্ভাৱনাপূৰ্ণ তথ্যচিত্ৰৰ প্ৰকল্পসমূহক সহযোগিতা আগবঢ়াই কেইবাটাও বঁটা প্ৰদান কৰা হয়।

 

প্ৰসাদ লেবছ-ৰ মহা প্ৰৱন্ধক শ্ৰী নীতীন পিংগলেই প্ৰদান কৰা ‘প্ৰসাদ লেবছ বঁটা’ই নিৰ্বাচিত তথ্যচিত্ৰসমূহক পোষ্ট প্ৰডাকশ্যনৰ সহযোগিতা আগবঢ়াই উত্কৃষ্ট প্ৰকল্পসমূহক স্বীকৃতি প্ৰদান কৰে।

প্ৰসাদ লেবছৰ প’ষ্ট-প্ৰডাকশ্যন বঁটাই চেন্নাইৰ প্ৰসাদ লেবছ-ত ৫০ ঘণ্টালৈকে বিনামূলীয়া ৪কে ডিজিটেল ইণ্টাৰমিডিয়েট (ডি আই) সেৱা প্ৰদান কৰিব, যিয়ে নিৰ্বাচিত প্ৰকল্পসমূহক উল্লেখযোগ্য পোষ্ট-প্ৰডাকশ্যন সহায় আগবঢ়াব। বঁটা লাভ কৰা সকল আছিল:

  • বিজয়ী: অন এ গুড নোট
  • পৰিচালক: কৰিশ্মা ৰাও
  • প্ৰযোজক: বিশ্বেশ এছ প্ৰসাদ
  • বিজয়ী: ইট টেকছ এ ভিলেজ
  • পৰিচালক: ইন্দ্ৰজীত মৰে
  • সম্পাদক: আকাংক্ষা কলহে

ইয়াৰ উপৰিও ‘আই আই চি টি পোষ্ট-প্ৰডাকশ্যন বঁটা’ প্ৰদান কৰে ইণ্ডিয়ান ইনষ্টিটিউট অব ক্ৰিয়েটিভ টেকন’লজিছ (আই আই চি টি)-ৰ সঞ্চালক (শৈক্ষিক বিজ্ঞান) শ্ৰী সতীশ নাৰায়ণনে। এই বঁটাসমূহে তথ্যচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত উৎকৃষ্টতাক স্বীকৃতি দিয়ে আৰু নিৰ্বাচিত প্ৰকল্পসমূহৰ অধিক পোষ্ট-প্ৰডাকশ্যন বিকাশৰ বাবে সহযোগিতা আগবঢ়াব।

আই আই চি টি পোষ্ট-প্ৰডাকশ্যন বঁটাত ৫০ ঘণ্টাৰ ৪ কে ডিজিটেল ইণ্টাৰমিডিয়েট (ডি আই) সেৱাত ৫০ শতাংশ ৰেহাই দিয়া হৈছিল। বঁটা লাভ কৰা সকল আছিল:

  • বিজয়ী: এডিউ ডিল্লি
  • পৰিচালক : নন্দন সাক্সেনা আৰু কবিতা বেহল
  • বিজয়ী: ডু চাৰ দিন
  • পৰিচালক: সন্যা আনন্দ
  • প্ৰযোজক: নব্যা বাজাজ

‘ৰিবৰ্ণ ইণ্ডিয়া ফিল্মছ বিতৰণ বঁটা’ প্ৰদান কৰে ৰিবৰ্ণ ইণ্ডিয়া ফিল্মছ-ৰ ৰাহুল আগৰৱালা আৰু ৰোহিত আগৰৱালাই। এই বঁটাটোৱে বিতৰণৰ সুযোগৰ জৰিয়তে ১০খন পৰ্দাত নাট্যক্ষেত্ৰত মুক্তি পোৱাৰ লগতে ৭ লাখ টকামূল্যৰ বিতৰণ সমৰ্থনৰ সৈতে বিস্তৃত দৰ্শকৰ মাজলৈ যোৱাত নিৰ্বাচিত প্ৰকল্পসমূহক সহায় কৰিব।

বঁটাপ্ৰাপক আছিল: অন এ গুড নোট

  • পৰিচালক: কৰিশ্মা ৰাও
  • প্ৰযোজক: বিশ্বেশ এছ প্ৰসাদ

প্ৰথমবাৰৰ বাবে এন এফ ডি চি-য়ে তথ্যচিত্ৰ আৰু চুটি ছবি প্ৰকল্পৰ বাবে ১ লাখ টকাকৈ তিনিটা নগদ অনুদানৰ ব্যৱস্থা কৰে। এইকেইটা বঁটা প্ৰদান কৰে এন এফ ডি চি-ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মগদুমে।

অনুদান লাভ কৰোতা আছিল:

  • কুঞ্চোক এণ্ড হিজ মেনী মূনছ,
  • পৰিচালক আৰু সম্পাদক: অশোক মীনা
  • দ্য গাৰ্ল বিনিথ দ্য ছান,
  • পৰিচালক: মাধুৰিমা মাইতি
  • টুক্ৰো টুক্ৰো পৃথবি
  • পৰিচালক: অস্মিতা পাল
  • প্ৰযোজক: অৰুনিমা চৌধুৰী

অনুষ্ঠানত ভাষণ দি শ্ৰী প্ৰকাশ মগডুমে কয় যে শিতানসমূহৰ মাজত ১৫০ টাতকৈয়ো অধিক প্ৰৱেশ পত্ৰ লাভ কৰা ৱেভছ ডক বাজাৰ-ৰ প্ৰতি প্ৰদৰ্শিত শক্তিশালী সঁহাৰিয়ে তথ্যচিত্ৰ নিৰ্মাতাসকলৰ বাবে এক নিবেদিত মঞ্চৰ ক্ৰমবৰ্ধমান চাহিদাক প্ৰতিফলিত কৰিছে। তেওঁ আশ্বাস দিয়ে যে এন এফ ডি চি-য়ে এনে পদক্ষেপক শক্তিশালী কৰি যাব আৰু নন-ফিকশ্যন চলচ্চিত্ৰত উদীয়মান কণ্ঠস্বৰক সমৰ্থন কৰিব।

 

এই মঞ্চ তথ্যচিত্ৰ সমাজৰ শক্তিশালী অংশগ্ৰহণৰ সাক্ষী হৈছিল, ১৯খন দেশৰ পৰা ৩৫টা ভাষাত ১৫৫টাৰ প্ৰকল্প উপস্থাপিত হৈছিল। ইয়াৰে ১২টা প্ৰকল্প পিচিং আৰু বজাৰ-ৰ কাৰ্যকলাপৰ বাবে নিৰ্বাচিত কৰা হৈছিল। ১০০ খনতকৈয়ো অধিক ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ (বি টু বি) বৈঠক অনুষ্ঠিত হৈছিল, যাৰ ফলত সহ-প্ৰযোজনা, পুঁজি আৰু বিতৰণ অংশীদাৰিত্বৰ সুযোগ সৃষ্টি হৈছিল।

"এই এক্স পোষ্টটোত আইআইচিটি পোষ্ট-প্ৰডাকশ্যন বঁটা বিজয়ীসকলৰ মন্তব্য শুনক :"

 

ৱেভছ ডক বজাৰ-ৰ দ্বিতীয় সংস্কৰণৰ সামৰণি পৰে অৰ্থপূৰ্ণ তথ্যচিত্ৰ কাহিনী-কথনৰ সমৰ্থন আৰু উদীয়মান প্ৰকল্পসমূহক সমগ্ৰ বিশ্বৰ দৰ্শকৰ মাজলৈ যাবলৈ সক্ষম কৰাৰ এক সহভাগী প্ৰতিশ্ৰুতিৰে।

* * *

PIB Team MIFF | Supriya Ghaytadak/Robin Singh/Darshana Rane/KB


Great films resonate through passionate voices. Share your love for cinema with #MIFF2026. Tag us @pibmumbai on X, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at miff.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2274964   |   Visitor Counter: 12