প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সন্মান আৰু প্ৰশংসাৰ মূল্যৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 17 JUN 2026 9:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্নেহপূৰ্ণ সন্মান আৰু গ্ৰহণযোগ্যতাই এজন ব্যক্তিক গুৰুত্বপূৰ্ণ, গৌৰৱান্বিত আৰু সন্তুষ্টিৰ অনুভৱ দিয়ায়। তেওঁ উল্লেখ কৰে যে এনে স্বীকৃতিয়ে কেৱল আত্মবিশ্বাস বৃদ্ধি কৰাই নহয়, বৰঞ্চ এজন ব্যক্তিক নতুনকৈ শক্তি আৰু উৎসাহো প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-

“त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम्‌ ।
प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः।। ”

এই হিতোপদেশে বুজাইছে যে কোনো ব্যক্তিয়ে সন্মান সহকাৰে গ্ৰহণ কৰিলে আমি অত্যন্ত গৌৰৱ আৰু আশীৰ্বাদ প্ৰাপ্তি অনুভৱ কৰো, কিয়নো এইটো সম্পূৰ্ণ সত্য যে মহান ব্যক্তিয়ে দিয়া সন্মানে এজন ব্যক্তিৰ মনত নিজ গুণৰ বিষয়ে দৃঢ়ভাৱে আত্মবিশ্বাস জাগ্ৰত কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘স্নেহপূৰ্ণ সন্মান আৰু গ্ৰহণযোগ্যতাই নিজকে গৌৰৱান্বিত আৰু সন্তুষ্ট কৰে। ই কেৱল আত্মবিশ্বাস বৃদ্ধি কৰাই নহয়, বৰঞ্চ এক নতুন শক্তি আৰু উৎসাহ প্ৰদান কৰে।

त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम्‌ ।
प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः।।

**************

MJPS/SS/ST/HS


(रिलीज़ आईडी: 2273907) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam