MIFF banner

মাইক্ৰ’ ড্ৰামা গল্প-কথনৰ বিৱৰ্তনহে, চলচ্চিত্ৰৰ ‘ফাষ্ট ফেশ্বন’ নহয়: ১৯ সংখ্যক এম আই এফ এফ-ত ছবি উদ্যোগৰ বিশেজ্ঞৰ অভিমত

মোবাইল পৰ্দাৰ পৰা মূলসুঁতিৰ গল্প-কথনলৈকে: এম আই এফ এফ-ত মাইক্ৰ’ ড্ৰামা পৰিঘটনাৰ সম্পৰীক্ষা

গল্প-কথনৰ দ্বাৰা পৰিৱৰ্তিত দৰ্শকৰ অভ্যাস আৰু ডিজিটেল প্লেটফৰ্মৰ লগত খাপ খুৱাই লোৱাৰ মুহূৰ্তত ১৯ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এম আই এফ এফ)ত “ফাষ্ট ফিল্ম: মাইক্ৰ’ ড্ৰামা চলচ্চিত্ৰৰ দ্ৰুত ফেশ্বন নেকি?” শীৰ্ষক বিষয়বস্তুৰে এক চিন্তা-উদ্দীপক পেনেল আলোচনা অনুষ্ঠিত হয়। অভিনেত্ৰী শ্বীনা চৌহানে আঁত ধৰা এই অধিৱেশনত চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজক সমীৰ মোডী, অভিনেতা অৰ্চনা কবি, অভিনেতা উজ্জ্ৱল কুমাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰাফেল ষ্টেম্পলেভস্কিক একত্ৰিত কৰি মাইক্ৰ’ ড্ৰামা আৰু সমসাময়িক গল্প-কথন সন্দৰ্ভত ইয়াৰ ক্ৰমবৰ্ধমান প্ৰভাৱ পৰীক্ষা কৰা হয়।

অংশগ্ৰহণকাৰী আৰু দৰ্শকসকলক আদৰণি জনাই এম আই এফ এফ-ৰ মহোৎসৱ নিৰ্দেশক শ্ৰী প্ৰকাশ মগডুমে বক্তাসকলক সম্বৰ্ধনা জনায় আৰু দ্ৰুতগতিত বিকশিত হৈ অহা সংবাদ মাধ্যমৰ পৰিদৃশ্যত উদীয়মান গল্প-কথনৰ প্ৰৰূপসমূহ বুজি পোৱাৰ গুৰুত্বত আলোকপাত কৰে।

আলোচকসকলে এই কথাত একমত হয়যে মাইক্ৰ’ ড্ৰামা-ই দৰ্শকৰ অভ্যাসৰ পৰিৱৰ্তন আৰু মোবাইল উপকৰণৰ ক্ৰমবৰ্ধমান ব্যৱহাৰৰ দ্বাৰা পৰিচালিত গল্প-কথনৰ এক স্বাভাৱিক বিৱৰ্তনক প্ৰতিনিধিত্ব কৰে। তেওঁলোকে জোৰ দি কয় যে ফৰ্মেটটো চুটি হ’লেও ইয়াৰ বাবে পৰম্পৰাগত চলচ্চিত্ৰৰ দৰেই সৃষ্টিশীল দক্ষতা আৰু আৱেগিক গভীৰতাৰ প্ৰয়োজন।

মাইক্ৰ’ নাটকৰ উত্থান সন্দৰ্ভত ভাষণ দি সমীৰ মোদীয়ে কয় যে ক’ভিড-১৯ৰ সময়ছোৱাত যেতিয়া নিৰ্মাতাসকলে মোবাইলৰ পৰ্দাত কন্টেন্টৰ ব্যৱহাৰ বৃদ্ধি পোৱাটো লক্ষ্য কৰিছিল তেতিয়া এই ফৰ্মেটে গতি লাভ কৰিছিল। তেওঁ মাইক্ৰ’ ড্ৰামাক গল্প-কথনৰ এক আৰ্হি বুলি বৰ্ণনা কৰে, যিয়ে নিখুঁততা আৰু সৃষ্টিশীলতাৰ দাবী কৰে, য’ত সীমিত সময়ৰ ভিতৰতে শক্তিশালী লেখা, বাধ্যতামূলক অভিনয় আৰু তীক্ষ্ণ সম্পাদনা একেলগে আহিব লাগিব। তেওঁ জোৰ দি কয় যে মাইক্ৰ’ ড্ৰামা-ক চলচ্চিত্ৰৰ ক্ষুদ্ৰ ৰূপ বা কেৱল ডিচপ’জেবল মনোৰঞ্জন হিচাপে গণ্য কৰা উচিত নহয়, বৰঞ্চ নিজৰ অধিকাৰত এক সুকীয়া আৰু বিকশিত গল্পকথনৰ মাধ্যম হিচাপে গণ্য কৰা উচিত।

অৰ্চনা কবিয়ে উল্লেখ কৰে যে প্ৰতিটো প্ৰযুক্তিগত পৰিৱৰ্তনে টেলিভিছনৰ পৰা ডিজিটেল প্লেটফৰ্মলৈকে নতুন নতুন ৰূপৰ বিষয়বস্তু সৃষ্টিৰ সূচনা কৰিছে। তেওঁ লক্ষ্য কৰে যে মাইক্ৰ’ ড্ৰামা-ত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল প্ৰথম কেইছেকেণ্ডমানৰ ভিতৰতে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা। এই ফৰ্মেটে অভিনেতা, লেখক আৰু সম্পাদকৰ বাবে নতুন সুযোগ সৃষ্টি কৰিলেও গল্প-কথন আৰু অভিনয়ৰ ক্ষেত্ৰতো অধিক নিখুঁততাৰ দাবী কৰে।

উজ্জ্বল কুমাৰে আলোকপাত কৰে যে আৱেগিক সংযোগ সকলো গল্প-কথনৰ আধাৰ হৈয়েই থাকে, সময় নিৰ্বিশেষে। তেওঁ কয় যে অভিনেতাসকলে নতুন ফৰ্মেটৰ লগত খাপ খাব লাগিব আৰু কম সময়ৰ ভিতৰতে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ নিজৰ কলাক অহৰহ পৰিশোধন কৰিব লাগিব। তেওঁ লগতে আঙুলিয়াই দিয়ে যে স্মাৰ্টফোনৰ ব্যাপক ব্যৱহাৰে মাইক্ৰ’ ড্ৰামা-ক বৃহৎ দৰ্শকৰ মাজলৈ যোৱাৰ উল্লেখযোগ্য সুযোগৰ সৃষ্টি কৰিছে।

ৰাফেল ষ্টেম্পলভস্কিয়ে মাইক্ৰ’ ড্ৰামা-ক চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক প্ৰত্যাহ্বান তথা এক সুযোগ বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে পৰ্দাৰ আকাৰ যিয়েই নহওক কিয়, শক্তিশালী গল্প-কথন আৰু প্ৰামাণিক মানৱীয় আৱেগ চলচ্চিত্ৰৰ কেন্দ্ৰীয় বিষয় হৈয়েই থাকে। তেওঁৰ মতে মাইক্ৰ’ ড্ৰামা-ই চলচ্চিত্ৰৰ ভাষাৰ চলি থকা বিৱৰ্তনৰ আন এক মঞ্চক প্ৰতিনিধিত্ব কৰে।

আলোচনাৰ সামৰণি পৰে এই ঐকমতেৰে যে মাইক্ৰ’ ড্ৰামা চলচ্চিত্ৰৰ “ফাষ্ট ফেশ্বন” নহয় বৰঞ্চ পৰিৱৰ্তিত দৰ্শকৰ পছন্দ আৰু দৰ্শনৰ অভ্যাসৰ প্ৰতি সঁহাৰি জনোৱাৰ লগতে পৰম্পৰাগত চলচ্চিত্ৰ নিৰ্মাণৰ পৰিপূৰক এক উদীয়মান গল্প-কথনৰ আৰ্হিহে।

আলোচনাৰ পিছত দৰ্শকৰ সৈতে এক আকৰ্ষণীয় প্ৰশ্নোত্তৰ অধিবেশন অনুষ্ঠিত হয়, য’ত আলোচকসকলে মাইক্ৰ’ ড্ৰামা-ই উপস্থাপন কৰা সুযোগ আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে অধিক অন্তৰ্দৃষ্টি সহভাগ কৰে। বিকশিত দৰ্শনৰ অভ্যাসে চিনেমাৰ মৌলিক উপাদানসমূহ সংৰক্ষণ কৰাৰ সমান্তৰালভাৱে নতুন গল্প-কথনৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে বুলি এক ঐকমত্যৰে অধিবেশনৰ সামৰণি পৰে।

 

১৯ সংখ্যক এমআইএফএফ ২০২৬-ৰ বিষয়ে

নন-ফিচাৰ চিনেমাৰ বাবে নিবেদিত দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ হিচাপে স্বীকৃতিপ্ৰাপ্ত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ) দীৰ্ঘদিন ধৰি তথ্যচিত্ৰ, চুটি কল্পকাহিনী, আৰু এনিমেশ্যন চলচ্চিত্ৰ নিৰ্মাণৰ এক সজীৱ উদযাপন হিচাপে পৰিগণিত হৈ আহিছে। ১৯৯০ চনত স্থাপিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত সংগঠিত হোৱা এম আই এফ এফ বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, আৰু চিনেমা অনুৰাগীক আকৰ্ষণ কৰা এক প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মঞ্চত পৰিণত হৈছে।

এম আই এফ এফ-ৰ ১৯ সংখ্যক সংস্কৰণে এক নিমজ্জিত আৰু সমৃদ্ধিশালী চিনেমাৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি বহণ কৰিছে, য’ত উদ্যোগকেন্দ্ৰিক পদক্ষেপৰ এক ৰোমাঞ্চকৰ শৃংখলৰ সমান্তৰালভাৱে প্ৰশংসিত আন্তঃৰাষ্ট্ৰীয় ছবিৰ এক চিন্তাশীলভাৱে কিউৰেট কৰা শৃংখলা আছে।

• এইবাৰৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত ভাৰতকে ধৰি ৪৬খন দেশৰ পৰা ১৪৫৯খন ছবিয়ে প্ৰৱেশ পত্ৰ লাভ কৰিছে।

• এই মহোৎসৱত ৪২টাতকৈয়ো অধিক ভাৰতীয় ভাষা আৰু ভাৰতৰ বাহিৰৰ ৩০টাতকৈয়ো অধিক ভাষাৰ ছবি প্ৰদৰ্শন কৰা হ’ব, যিয়ে ইয়াৰ বিশ্বব্যাপী প্ৰসাৰ আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰিব।

• বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কৰ্মৰাজিৰে এই মহোৎসৱত কিছু সংখ্যক উন্নত তথ্যচিত্ৰ, চুটি কল্পকাহিনী, এনিমেশ্যন, অভিষেক-পৰিচালকৰ ছবি, আৰু শিক্ষাৰ্থীৰ ছবি উপস্থাপন কৰা হ’ব।

• প্ৰদৰ্শনৰ সমান্তৰালভাৱে ডক বজাৰ-ৰ দ্বিতীয় সংস্কৰণ, সমৃদ্ধিশালী মাষ্টাৰক্লাছ, আৰু আইডিপিএ-ৰ মুকলি মঞ্চই উৎসৱত চিনেমা আৰু সৃষ্টিশীল বিনিময়ক আৰু অধিক সম্প্ৰসাৰিত কৰিব।

এমআইএফএফ ২০২৬-ত গল্প-কথনৰ সজীৱ জগতখনত খোজ দিয়ক, য'ত শক্তিশালী চিনেমা, সৃষ্টিশীল মন, আৰু প্ৰেৰণাদায়ক কণ্ঠস্বৰ সন্মিলিত হৈ তথ্যচিত্ৰ, এনিমেশ্যন, আৰু চুটি কল্পকাহিনী চলচ্চিত্ৰ নিৰ্মাণৰ এক অবিস্মৰণীয় উদযাপনৰ সৃষ্টি কৰিছে।

 

* * *

PIB Team MIFF | Nikita Joshi/Riyas Babu/Darshana Rane/KB


Great films resonate through passionate voices. Share your love for cinema with #MIFF2026. Tag us @pibmumbai on X, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at miff.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2273856   |   Visitor Counter: 4