আয়ুষ
চি.চি.আৰ.এ.এছ. (CCRAS) আৰু কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ পদক্ষেপে ভাৰতৰ আয়ুৰ্বেদ জ্ঞানৰ ঐতিহ্য সংৰক্ষণ সুদৃঢ় কৰিছে
উড়ুপিত অনুষ্ঠিত ১৫ দিনীয়া কৰ্মশালাত তিগলাৰী আৰু প্ৰাচীন কানাড়া পাণ্ডুলিপিৰ লিপ্যন্তৰৰ ওপৰত গুৰুত্ব আৰোপ
বিৰল অপ্ৰকাশিত আয়ুৰ্বেদ গ্ৰন্থসমূহ প্ৰকাশৰ দিশত পণ্ডিতসকলে কাম কৰিব
পোষ্ট কৰা হৈছে:
15 JUN 2026 1:57PM by PIB Guwahati
ভাৰতৰ পৰম্পৰাগত জ্ঞানৰ ঐতিহ্য সংৰক্ষণৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে আজি উডুপিৰ গীতা মন্দিৰৰ শ্ৰী পুথিগে নৰসিংহ সভাভৱনত তিগলাৰী আৰু প্ৰাচীন কানাড়া লিপিত লিখা আয়ুৰ্বেদ পাণ্ডুলিপিসমূহৰ লিপ্যন্তৰৰ ওপৰত এখন সক্ষমতা বিকাশ কৰ্মশালা উদ্বোধন কৰা হয়।
শ্ৰী ৱাদিৰাজ ৰিচাৰ্চ ফাউণ্ডেচনৰ সহযোগত ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ অন্তৰ্গত কেন্দ্ৰীয় আয়ুৰ্বেদীয় বিজ্ঞান গৱেষণা পৰিষদ (CCRAS) আৰু ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে (CSU) এই কৰ্মশালাখন যুটীয়াভাৱে আয়োজন কৰিছে।
শ্ৰী পুথিগে মঠৰ মঠাধীশ পৰম পূজ্য শ্ৰী শ্ৰী সুগুণেন্দ্ৰ তীৰ্থ শ্ৰীপাদ আৰু মঠৰ কনিষ্ঠ মঠাধীশ পৰম পূজ্য শ্ৰী শ্ৰী সুশ্ৰীন্দ্ৰ তীৰ্থ শ্ৰীপাদৰ আশীৰ্বাদত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। কৰ্ণাটকৰ উপকূলীয় অঞ্চলত প্ৰধানকৈ পোৱা তিগলাৰী আৰু প্ৰাচীন কানাড়া লিপিত সংৰক্ষিত আয়ুৰ্বেদ পাণ্ডুলিপিসমূহ পঢ়া, পাঠোদ্ধাৰ কৰা আৰু প্ৰতিলিপি কৰাৰ ক্ষেত্ৰত পণ্ডিতসকলৰ দক্ষতা বৃদ্ধি কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।
কৰ্মশালাখন চি.চি.আৰ.এ.এছ.-ৰ (CCRAS) সঞ্চালক প্ৰধান অধ্যাপক বৈদ্য ৰবিনাৰায়ণ আচাৰ্যই উদ্বোধন কৰে। এই উদ্বোধনী অনুষ্ঠানত শ্ৰী পুথিগে মঠৰ প্ৰশাসক তথা দেৱান শ্ৰী নাগৰাজ আচাৰ্য; হায়দৰাবাদৰ নেশ্যনেল ইনষ্টিটিউট অৱ ইণ্ডিয়ান মেডিকেল হেৰিটেজৰ (NIIMH) সহকাৰী সঞ্চালক ড° জি. পি. প্ৰসাদ; বেংগালুৰুৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ (CARI) সহকাৰী সঞ্চালক ড° টি. মহেশ্বৰ; আৰু নিট্টে বিশ্ববিদ্যালয়ৰ ভাৰতীয় জ্ঞান প্ৰণালী (IKS) কেন্দ্ৰৰ সঞ্চালক ড° সুধীৰ ৰাজ কে. উপস্থিত আছিল। শ্ৰী ৱাদিৰাজ ৰিচাৰ্চ ফাউণ্ডেচনৰ সঞ্চালক বিদ্বান গোপালাচাৰ্যই এই কাৰ্যসূচীৰ সমন্বয় সাধন কৰিছিল।
সভাত উপস্থিত ৰাইজক সম্বোধন কৰি অধ্যাপক বৈদ্য ৰবিনাৰায়ণ আচাৰ্যই আয়ুৰ্বেদ জ্ঞানৰ সংৰক্ষণ, নথিকৰণ আৰু প্ৰসাৰৰ বাবে চি.চি.আৰ.এ.এছ.-এ (CCRAS) গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰে। তেওঁ দেশৰ চহকী জ্ঞান পৰম্পৰাক সংৰক্ষণ আৰু আগুৱাই নিয়াৰ দিশত 'জ্ঞান ভাৰতম মিছন'ৰ অধীনত ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই উপলক্ষে বক্তব্য প্ৰদান কৰি ড° সুধীৰ ৰাজ কে.-য়ে ভাৰতৰ পাণ্ডুলিপি ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰাৰ লগতে গৱেষণা আৰু জ্ঞানৰ প্ৰসাৰ সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰতীয় জ্ঞান প্ৰণালীৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে।
এই ১৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীয়ে আয়ুৰ্বেদ আৰু সংস্কৃত পটভূমিৰ যুৱ পণ্ডিতসকলক অপ্ৰকাশিত আয়ুৰ্বেদ পাণ্ডুলিপিসমূহৰ পাঠোউদ্ধাৰ, লিপ্যন্তৰ, সম্পাদনা আৰু প্ৰকাশৰ বাবে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞসকলৰ সৈতে কাম কৰিবলৈ সক্ষম কৰি তুলিব।
চি.চি.আৰ.এ.এছ. (CCRAS) আৰু কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত এইখন হৈছে এনে ধৰণৰ তৃতীয়খন কৰ্মশালা। ইয়াৰ পূৰ্বৰ কৰ্মশালাসমূহ কৰণী/দেৱনাগৰী লিপিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ওড়িশাৰ পুৰীত আৰু ভাট্টেজুথু/মালায়ালম লিপিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেৰালাৰ গুৰুভায়ুৰত অনুষ্ঠিত হৈছিল।
উড়ুপিৰ শ্ৰী ধৰ্মস্থলা মঞ্জুনাথেশ্বৰ আয়ুৰ্বেদ মহাবিদ্যালয় আৰু হাছানৰ শ্ৰী ধৰ্মস্থলা মঞ্জুনাথেশ্বৰ আয়ুৰ্বেদ মহাবিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষাৰ্থীসকলৰ লগতে শ্ৰী পুথিগে মঠৰ গুৰুকুলৰ সংস্কৃতৰ ছাত্ৰ-ছাত্ৰীসকলেও এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে।
কাৰ্যসূচীৰ সময়ত প্ৰস্তুত কৰা লিপ্যন্তৰিত পাণ্ডুলিপিসমূহ পৰৱৰ্তী সময়ত চি.চি.আৰ.এ.এছ. (CCRAS) আৰু কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশৰ বাবে গ্ৰহণ কৰা হ'ব, যি ভাৰতৰ পৰম্পৰাগত জ্ঞান সম্পদৰ সংৰক্ষণ আৰু ব্যাপক প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান যোগাব।

***
SR/SV/SG/RD
(ৰিলিজ আই ডি : 2273422)
অতিথি কক্ষ : 25