প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰতিৰক্ষা মন্ত্ৰালয়ে অন্ধ্ৰপ্ৰদেশ আৰু ঝাৰখণ্ডত স্থাপন কৰিলে দুখন নতুন এন.চি.চি. (NCC) ৰাজ্যিক সঞ্চালকালয়, যুৱপ্ৰজন্মৰ বাবে বৃদ্ধি পালে সুবিধা আৰু সুযোগ

प्रविष्टि तिथि: 15 JUN 2026 12:33PM by PIB Guwahati

যুৱপ্ৰজন্মৰ সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় কেডেট কৰ্পছ (NCC)ৰ সুবিধা সম্প্ৰসাৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে অন্ধ্ৰপ্ৰদেশ আৰু ঝাৰখণ্ডত দুখন নতুন স্বতন্ত্ৰ এন.চি.চি. (NCC) ৰাজ্যিক সঞ্চালকালয় স্থাপনৰ বাবে অনুমোদন জনাইছে, যাৰ ফলত ইয়াৰ মুঠ সংখ্যা ১৭ খনৰ পৰা ১৯ খনলৈ বৃদ্ধি পাইছে।

অন্ধ্ৰপ্ৰদেশ আৰু ঝাৰখণ্ডত স্বতন্ত্ৰ ৰাজ্যিক সঞ্চালকালয় স্থাপনে এন.চি.চি. (NCC)-ক সেৱা আগবঢ়োৱা কেডেট আৰু শিক্ষানুষ্ঠানসমূহৰ অধিক কাষলৈ লৈ আহিব। নতুন প্ৰশাসনিক গাঁথনিয়ে প্ৰশিক্ষণ আৰু উন্নয়নমূলক কাৰ্যকলাপৰ বাবে অধিক সুনিৰ্দিষ্ট সমন্বয়, উন্নত তদাৰকী আৰু বৰ্ধিত সহযোগিতাৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ লগতে ই উন্নত প্ৰশিক্ষণ আন্তঃগাঁথনি আৰু সহায়ক ব্যৱস্থাৰ জৰিয়তে এই ৰাজ্যসমূহৰ যুৱপ্ৰজন্মৰ বাবে অধিক সুযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতৰ যুৱপ্ৰজন্মক সৱলীকৰণ কৰাৰ দূৰদৰ্শী চিন্তাৰ দ্বাৰা অনুপ্ৰাণিত হৈ গ্ৰহণ কৰা এই সিদ্ধান্তই অধিক সংখ্যক যুৱক-যুৱতীক আত্মবিশ্বাসী, দক্ষ আৰু সামাজিকভাৱে দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তোলাত সহায় কৰিব, যিসকলে দেশৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান যোগাবলৈ প্ৰস্তুত হ'ব পাৰিব।

১৯৪৮ চনত ২০,০০০ কেডেটৰ প্ৰাৰম্ভিক সংখ্যাৰে প্ৰতিষ্ঠা লাভ কৰা এন.চি.চি. (NCC) বৰ্তমান ২০ লাখতকৈও অধিক কেডেটৰ সৈতে বিশ্বৰ সৰ্ববৃহৎ সমসাজ পৰিহিত যুৱ সংগঠনলৈ বিকশিত হৈছে। ২০১৪ চনৰ পৰা ২০২৫ চনৰ ভিতৰত এই সংগঠনটোত ৬ লাখ কেডেট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সমগ্ৰ দেশৰ ৭৫০ খনতকৈও অধিক জিলাত ইয়াৰ উপস্থিতি আছে। নতুন প্ৰশাসনিক শক্তিৰে, এই সংগঠনটোৱে দায়িত্বশীল নাগৰিক গঢ়ি তোলাৰ লগতে এখন অধিক শক্তিশালী, সক্ষম আৰু 'বিকশিত ভাৰত' নিৰ্মাণৰ দিশত অহৰহ অৱদান আগবঢ়াই আহিছে।

 

***

VK/Ruchi/RD


(रिलीज़ आईडी: 2273415) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , हिन्दी , Marathi , Tamil , Telugu