MIFF banner

ভাৰতক বিশ্বৰ সৃষ্টিশীল শক্তিকেন্দ্ৰ হিচাপে স্থান দিয়াৰ আহ্বানৰে আৰম্ভ হ’ল ১৯ সংখ্যক ‘মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৬’

ভাৰতৰ উত্থানশীল সংবাদ মাধ্যমৰ অৰ্থনীতি, গোলকীয় গল্প-কথনৰ সম্ভাৱনা আৰু নিৰ্মাতা-চালিত ভৱিষ্যত সন্দৰ্ভত আলোকপাত কৰে আই এণ্ড বি-ৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগনে

মুম্বাইৰ দাদৰৰ ‘ৰবীন্দ্ৰ নাট্য মন্দিৰ’ত সোমবাৰে সন্ধিয়া চিনেমাৰ উৎকৃষ্টতা, সাংস্কৃতিক বৈচিত্ৰ্য আৰু সৃষ্টিশীল উদ্ভাৱনৰ বৰ্ণাঢ্য উদযাপনৰ মাজতে ভাৰতৰ তথ্যচিত্ৰ, চুটি কল্পকাহিনী আৰু এনিমেশ্যন ছবিৰ প্ৰধান উৎসৱ ‘মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’-ৰ ১৯ সংখ্যক সংস্কৰণৰ শুভাৰম্ভ কৰা হয়।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগনে এই উৎসৱ উদ্বোধন কৰি মূল ভাষণ প্ৰদান কৰে যিয়ে সপ্তাহ ধৰি চলিবলগীয়া অনুষ্ঠানটোৰ বাতাবৰণৰ লগতে দিক নিৰ্ধাৰণ কৰি ভাৰতক গল্প-কথন, বিষয়বস্তু সৃষ্টি আৰু সৃষ্টিশীল উদ্যোগীকৰণৰ এক উদীয়মান বিশ্ব-কেন্দ্ৰ হিচাপে স্থান দিয়ে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ড০ মুৰুগনে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন পৰিতন্ত্ৰৰ উথ্থান প্ৰসংগত আলোচনা কৰে। তেওঁ কয় যে ভাৰতে আজি সমগ্ৰ বিশ্বতে সৃষ্টিশীল শক্তি আৰু কন্টেন্ট সৃষ্টিৰ এক নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। আমাৰ কাহিনীসমূহে মহাদেশসমূহৰ দৰ্শকসকলক অনুপ্ৰাণিত কৰাৰ সামৰ্থ্য বহণ কৰিছে, আনহাতে আমাৰ সৃষ্টিশীল প্ৰতিভাৰ থূলটো ইয়াৰ পৰিসৰ আৰু সামৰ্থ্যৰ ক্ষেত্ৰত অতুলনীয় হৈয়েই আছে।

দ্রুত ডিজিটেল ৰূপান্তৰ আৰু কন্টেন্ট উপভোগ-প্ৰৱণতাৰ সম্প্ৰসাৰণৰ ফলত ২০২৫ চনত ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ মূল্যমান ৯ শতাংশ হাৰে উথ্থান লাভ কৰি ২.৭৮ লাখ কোটি টকা হৈছে। ডিজিটেল মিডিয়াই প্ৰথমবাৰৰ বাবে ১ লাখ কোটি টকাৰ ৰাজহৰ মাইলৰ খুঁটি অতিক্ৰম কৰি উদ্যোগটোৰ সৰ্ববৃহৎ খণ্ডত পৰিণত হৈছে।’ ২০২৮ চনৰ ভিতৰত সাত শতাংশতকৈয়ো অধিক CAGR-ৰে বৃদ্ধি পাইছে, আনহাতে কেৱল ২০২৫ চনতে ভাৰতত ১৯০০ৰো অধিক ছবিয়ে মুক্তি পাইছিল, যিয়ে থিয়েটাৰভিত্তিক ৰাজহ ১৬ শতাংশ বৃদ্ধিত অৰিহণা যোগাইছে।

মুম্বাইক ভাৰতৰ সৃষ্টিশীল-ৰাজধানী বুলি অভিহিত কৰি তেওঁ ২০২৫ চনত মহানগৰীখনত আয়োজন কৰা বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন (WAVES)-ৰ সফলতাৰ কথা স্মৰণ কৰি কয় যে বিশ্বৰ আগশাৰীৰ নিৰ্মাতা কেন্দ্ৰ হিচাপে ভাৰতৰ উচ্চাকাংক্ষাক আগুৱাই নিয়াত এমআইএফএফ-ৰ দৰে মঞ্চসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

তথ্যচিত্ৰ নিৰ্মাতাসকলক প্ৰযোজক, বিতৰক, উদ্যোগ বিশেষজ্ঞ আৰু বিশ্বব্যাপ্ত দৰ্শকৰ সৈতে সংযুক্ত কৰা এক বৃহত্ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰা WAVES Doc Bazaar-ৰ ক্ৰমবৰ্ধমান তাৎপৰ্যৰ বিষয়ে কোৱাৰ সময়ত ড০ মুৰুগনে কয় যে এই পদক্ষেপে উদীয়মান প্ৰতিভা তথা প্ৰতিষ্ঠিত পেছাদাৰীসকলৰ মাজৰ ব্যৱধান দূৰ কৰাত সহায় কৰাৰ লগতে প্ৰভাৱশালী তথ্যচিত্ৰৰ সৃষ্টি আৰু আন্তঃৰাষ্ট্ৰীয় বিতৰণক সক্ষম কৰি তুলিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি) আৰু এই উৎসৱৰ সৈতে জড়িত আন সকলো অংশীদাৰক অভিনন্দন জনাই ড০ মুৰুগনে আত্মবিশ্বাস প্ৰকাশ কৰে যে এম আই এফ এফ ২০২৬-য়ে উদ্ভাৱন, সৃষ্টিশীলতা আৰু সহযোগিতাৰ জৰিয়তে সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ভৱিষ্যত গঢ় দিয়াত যথেষ্ট অৰিহণা যোগাব।

মুকলি অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত আশীষ শ্বেলাৰে সমগ্ৰ বিশ্বৰ পৰা মুম্বাইলৈ অহা অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই সৃষ্টিশীল উদ্যোগসমূহক সহায় কৰাৰ বাবে ৰাজ্যখনৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰবাৰ উল্লেখ কৰে। মুম্বাইত প্ৰথম ইণ্ডিয়ান ইনষ্টিটিউট অব ক্ৰিয়েটিভ টেকন’লজী স্থাপনৰ বাবে ভাৰত চৰকাৰৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্য চৰকাৰে মহানগৰীখনত মিডিয়া হাব স্থাপনৰ পৰিকল্পনা কৰিছে। ২০২৫ চনত মুম্বাইত অনুষ্ঠিত হোৱা বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন-ৰ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয় শ্ৰী শ্বেলাৰে।

ইয়াৰ পূৰ্বে এই সমাৱেশক আদৰণি জনাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে এম আই এফ এফ-ক ভাৰতৰ যুগমীয়া সভ্যতাবাদী বিশ্বাসৰ মুক্ত বিনিময় আৰু সৃষ্টিশীল প্ৰকাশৰ উদযাপন বুলি অভিহিত কৰে। ঋগবেদৰ কালজয়ী আমন্ত্ৰণৰ উদ্ধৃতি দি তেওঁ কয় যে এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছবি, ধাৰণা আৰু নিৰ্মাতাসকলক সন্মিলিত কৰা হয়। সচিবগৰাকীয়ে লগতে কয় যে এম আই এফ এফ-য়ে সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘ভাৰতত সৃষ্টি’-ৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে, যিসকলে গভীৰ বাস্তৱতাক অন্বেষণ কৰিবলৈ সাহস কৰা আৰু আকৰ্ষণীয় চলচ্চিত্ৰীয় আখ্যানৰ জৰিয়তে উপস্থাপন কৰিবলৈ সাহস কৰা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে।

ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে জয়দীপ আহলাৱটক সম্বৰ্ধনা

ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰশংসিত অভিনেতা জয়দীপ আহলাৱটক সম্বৰ্ধনা জনোৱাটো আছিল সন্ধিয়াটোৰ অন্যতম আকৰ্ষণ। অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ড০ এল মুৰুগনে এই সন্মান প্ৰদান কৰে।

স্বীকৃতি লাভ কৰি আহলাৱাটে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু মূলসুঁতিৰ কাহিনীসমূহৰ বাহিৰেও অৰ্থপূৰ্ণ কাহিনী কথনৰ বাবে স্থান সৃষ্টি আৰু চিনেমাৰ কণ্ঠস্বৰক উৎসাহিত কৰাত এমআইএফএফ-ৰ দৰে উৎসৱৰ গুৰুত্ব স্বীকাৰ কৰে।

উদ্বোধনী ছবিৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীসকললৈ সন্মান প্ৰদৰ্শন

এই অনুষ্ঠানত মহোৎসৱৰ উদ্বোধনী ছবিৰ আঁৰৰ সৃষ্টিশীল দলসমূহকো সন্মানিত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় মহোসৱত প্ৰশংসিত চুটি ছবি ‘আগাপিটো’ আৰু তথ্যচিত্ৰ ‘টাইম এণ্ড ৱাটাৰ’ৰ প্ৰতিনিধিসকলক মঞ্চত সম্বৰ্ধনা জনোৱা হয়।

‘আগাপিটো’ৰ অভিনেতা এণ্টন নোলাস্কো আৰু কাষ্টিং ডাইৰেক্টৰ মা. ক্ৰীষ্টিনা চাইমনক সন্মান জনোৱাৰ বিপৰীতে দৰ্শকৰ মাজলৈ আকৰ্ষণীয় ৰূপত গোলকীয় কাহিনীসমূহ অনাৰ বাবে ‘টাইম এণ্ড ৱাটাৰ’ৰ সৈতে জড়িত নেশ্যনেল জিঅ’গ্ৰাফিক আৰু জিঅ’ষ্টাৰ দলটোৰ সদস্যসকলকো  স্বীকৃতি দিয়া হয়।

জুৰীসকলক সম্বৰ্ধনা

উদ্বোধনী অনুষ্ঠানৰ আন এটা খণ্ডত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ জুৰী, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ জুৰী আৰু এফআইপ্ৰেছচি-ৰ জুৰীৰ সদস্যসকলক আনুষ্ঠানিকভাৱে আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়।

মহোৎসৱৰ তথ্যচিত্ৰ, চুটি কল্পকাহিনী আৰু এনিমেশ্যন ছবিৰ বৈচিত্ৰ্যপূৰ্ণ নিৰ্বাচনৰ মূল্যায়নৰ দায়িত্ব অৰ্পণ কৰা জুৰী পেনেলত ভাৰত আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক, পণ্ডিত, পৰিকল্পক আৰু সংবাদ মাধ্যমৰ পেছাদাৰীসকল উপস্থিত থাকে।

মুকলি সভাত ভাৰতৰ কলাত্মক ঐতিহ্য প্ৰদৰ্শন কৰি এক জীপাল সাংস্কৃতিক উপস্থাপনৰো আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা আই এফ এফ আই ২০২৬-ৰ মহোৎসৱ নিৰ্দেশক শ্ৰী আশুতোষ গোৱাৰিকেৰ, প্ৰসাৰ ভাৰতীৰ অধ্যক্ষ শ্ৰী প্ৰসূন যোশী, এন এফ ডি চি-ৰ অধ্যক্ষ শ্ৰী কৃষ্ণকুমাৰ জি, এম আই এফ এফ-ৰ উৎসৱ নিৰ্দেশক আৰু এন এফ ডি চি-ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মগদুম, ভাৰতীয় তথ্যচিত্ৰ প্ৰযোজক সন্থা-ৰ সভাপতি শ্ৰী শংকৰ দেশাই, উদ্যোগজগতৰ নেতা, ভাৰত আৰু বিদেশৰ পৰা অহা চলচ্চিত্ৰ নিৰ্মাতা, জুৰীৰ সদস্য আৰু বিশিষ্ট অতিথিসকল।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দ্বিবাৰ্ষিকভাৱে আয়োজন কৰা, আৰু এনএফডিচি-য়ে কাৰ্যকৰী কৰা এই সাতদিনীয়া উৎসৱটিয়ে চলচ্চিত্ৰ নিৰ্মাতা, উদ্যোগৰ পেছাদাৰী, আৰু চিনেমা অনুৰাগীসকলৰ বাবে একেদৰেই এক সমৃদ্ধিশালী অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি বহণ কৰে। এইবাৰৰ সংস্কৰণত আঞ্চলিক চিনেমাৰ কণ্ঠস্বৰ প্ৰদৰ্শন আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপনৰ লক্ষ্যৰে দুটা নতুন কিউৰেট কৰা শিতান - "মাৰাঠী ফিল্মছ" আৰু "ইকজ ফ্ৰম নৰ্থ-ইষ্ট" -- প্ৰৱৰ্তন কৰা হৈছে।

ভাৰত আৰু সমগ্ৰ বিশ্বৰ পৰা এম আই এফ এফ-য়ে সন্মিলিত কৰা ছবি, কণ্ঠস্বৰ, আৰু দৃষ্টিভংগীৰ এক অসাধাৰণ শৃংখলৰ পেকেজৰ অধিক বিৱৰণৰ বাবে Click here কৰক।

এমআইএফএফ-ৰ অনুষ্ঠানসমূহৰ হাই ৰিজ’লিউশ্যন ফটোসমূহ here বিচাৰি পাব।

১৯ সংখ্যক এমআইএফএফ ২০২৬-ৰ বিষয়ে

নন-ফিচাৰ চিনেমাৰ বাবে নিবেদিত দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ মহোৎসৱ হিচাপে স্বীকৃতিপ্ৰাপ্ত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ) দীৰ্ঘদিন ধৰি তথ্যচিত্ৰ, চুটি কল্পকাহিনী, আৰু এনিমেশ্যন চলচ্চিত্ৰ নিৰ্মাণৰ এক সজীৱ উদযাপন হিচাপে পৰিগণিত হৈ আহিছে। ১৯৯০ চনত স্থাপিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত সংগঠিত হোৱা এম আই এফ এফ বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, আৰু চিনেমা অনুৰাগীক আকৰ্ষণ কৰা এক প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মঞ্চত পৰিণত হৈছে।

এম আই এফ এফ-ৰ ১৯ সংখ্যক সংস্কৰণে এক নিমজ্জিত আৰু সমৃদ্ধিশালী চিনেমাৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি বহণ কৰিছে, য’ত উদ্যোগকেন্দ্ৰিক পদক্ষেপৰ এক ৰোমাঞ্চকৰ শৃংখলৰ সমান্তৰালভাৱে প্ৰশংসিত আন্তঃৰাষ্ট্ৰীয় ছবিৰ এক চিন্তাশীলভাৱে কিউৰেট কৰা শৃংখলা আছে।

• এইবাৰৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাত ভাৰতকে ধৰি ৪৬খন দেশৰ পৰা ১৪৫৯খন ছবিয়ে প্ৰৱেশ পত্ৰ লাভ কৰিছে।

• এই মহোৎসৱত ৪২টাতকৈয়ো অধিক ভাৰতীয় ভাষা আৰু ভাৰতৰ বাহিৰৰ ৩০টাতকৈয়ো অধিক ভাষাৰ ছবি প্ৰদৰ্শন কৰা হ’ব, যিয়ে ইয়াৰ বিশ্বব্যাপী প্ৰসাৰ আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰিব।

• বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কৰ্মৰাজিৰে এই মহোৎসৱত কিছু সংখ্যক উন্নত তথ্যচিত্ৰ, চুটি কল্পকাহিনী, এনিমেশ্যন, অভিষেক-পৰিচালকৰ ছবি, আৰু শিক্ষাৰ্থীৰ ছবি উপস্থাপন কৰা হ’ব।

• প্ৰদৰ্শনৰ সমান্তৰালভাৱে ডক বজাৰ-ৰ দ্বিতীয় সংস্কৰণ, সমৃদ্ধিশালী মাষ্টাৰক্লাছ, আৰু আইডিপিএ-ৰ মুকলি মঞ্চই উৎসৱত চিনেমা আৰু সৃষ্টিশীল বিনিময়ক আৰু অধিক সম্প্ৰসাৰিত কৰিব।

এমআইএফএফ ২০২৬-ত গল্প-কথনৰ সজীৱ জগতখনত খোজ দিয়ক, য'ত শক্তিশালী চিনেমা, সৃষ্টিশীল মন, আৰু প্ৰেৰণাদায়ক কণ্ঠস্বৰ সন্মিলিত হৈ তথ্যচিত্ৰ, এনিমেশ্যন, আৰু চুটি কল্পকাহিনী চলচ্চিত্ৰ নিৰ্মাণৰ এক অবিস্মৰণীয় উদযাপনৰ সৃষ্টি কৰিছে।

 

* * *

PIB Team MIFF | Nikita Joshi/Riyas Babu/Darshana Rane/KB


Great films resonate through passionate voices. Share your love for cinema with #MIFF2026. Tag us @pibmumbai on X, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at miff.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2273363   |   Visitor Counter: 7