ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

দক্ষিণ আফ্ৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে সাক্ষাৎ কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিক

प्रविष्टि तिथि: 02 JUN 2026 6:41PM by PIB Guwahati

দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ উপ-ৰাষ্ট্ৰপতি শ্ৰীমান  শ্বিপোকোছা পাউলুছ মাছাটিলে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক আজি (২ জুন, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে  ।

প্ৰথমবাৰৰ বাবে  ভাৰত ভ্ৰমণ কৰা  উপ-ৰাষ্ট্ৰপতি মাছাটিলেক আদৰণি জনাই ৰাষ্ট্ৰপতিয়ে কয় যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এক ঐতিহাসিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক  আছে । আমাৰ বহুমুখী অংশীদাৰিত্ব ভাগ-বাটোৱাৰা  কৰা মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ ওপৰত প্ৰতিষ্ঠিত। দক্ষিণ আফ্ৰিকা আছিল প্ৰথমখন দেশ,  যাৰ সৈতে ভাৰতে ১৯৯৭ চনত কৌশলগত অংশীদাৰিত্ব স্থাপন কৰিছিল।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু দক্ষিণ আফ্ৰিকা সদায় গ্ল’বেল চাউথৰ আগশাৰীৰ কণ্ঠ  হৈ আহিছে। ঔপনিৱেশিক বিৰোধী সংগ্ৰামৰ এক উমৈহতীয়া ইতিহাস আমাৰ মাজত আছে। ৰাষ্ট্ৰসংঘ, অসহযোগ আন্দোলন , জি-২০ৰ দৰে বহুপক্ষীয় মঞ্চত আমাৰ ঘনিষ্ঠ সহযোগিতাৰ জৰিয়তে আমি কেৱল আমাৰ নিজৰ দেশৰ জনসাধাৰণৰ  বাবেই নহয়,  গ্ল’বেল চাউথৰ বাবেও শান্তি তথা সমৃদ্ধিৰ প্ৰসাৰ ঘটাব বিচাৰো।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিপাক্ষিক বাণিজ্য প্ৰায় ১৫.৫ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে  বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে এই বিষয়ত আনন্দ প্ৰকাশ কৰে। সম্ভাৱনা বহুত বেছি  আৰু আমি আমাৰ বাণিজ্যিক সম্পৰ্কক উচ্চ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰা উচিত বুলিও তেওঁ কয় । আমি এনে এক অনুকূল নীতিগত পৰিৱেশ প্ৰদান কৰি যাব লাগে যাতে দুয়োখন দেশৰ কোম্পানীসমূহে বজাৰত নিজৰ বিনিয়োগ আৰু ব্যৱসায়িক কাৰ্যকলাপ সম্প্ৰসাৰণ কৰিব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আফ্ৰিকাৰ সৈতে অংশীদাৰিত্বৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ হৈ আছে আৰু আগতীয়াকৈ ভাৰত-আফ্ৰিকা মঞ্চ সন্মিলন পুনৰ আহ্বান কৰাৰ বাবে আফ্ৰিকান ইউনিয়ন আয়োগৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাব।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত থকা ঘনিষ্ঠ সহযোগিতাই আমাৰ জনসাধাৰণৰ বাবে অপৰিসীম লাভ কঢ়িয়াই আনিব পাৰে বুলি দুয়োগৰাকী নেতাই সহমত ব্যক্ত কৰে।

 

***

MJPS/SS/PRK/DM


(रिलीज़ आईडी: 2272972) आगंतुक पटल : 32
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Malayalam