পঞ্চায়তীৰাজ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বঁটা ২০২৬ত উজ্জ্বলিল পঞ্চায়তী ৰাজ পদক্ষেপ, বিশিষ্ট সোণ আৰু ৰূপৰ পুৰস্কাৰ লাভ; লাভ কৰিব ১০ লাখ টকালৈকে অনুপ্ৰেৰণামূলক ধন

পঞ্চায়ত অগ্ৰগতি সূচক; কাদেপুৰ গ্ৰাম পঞ্চায়ত আৰু জিলা পৰিষদ নন্দুৰবাৰ (মহাৰাষ্ট্ৰ)ৰ স্বৰ্ণ বঁটা লাভ; বিজয় নগৰ গ্ৰাম পঞ্চায়ত (ত্ৰিপুৰা)ৰ ৰূপৰ পদক লাভ

प्रविष्टि तिथि: 11 JUN 2026 5:09PM by PIB Guwahati

ডিজিটেল প্ৰশাসন আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদানৰ ক্ষেত্ৰত গ্ৰাম পঞ্চায়তৰ বৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰি সাতটা বঁটা শিতানৰ ১৭টা প্ৰকল্পৰ ভিতৰত চাৰিটা পঞ্চায়তী ৰাজ সম্পৰ্কীয় পদক্ষেপ ৰাষ্ট্ৰীয় ই-প্ৰশাসন বঁটা (এন এইজি) ২০২৬-ৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই বছৰৰ পুৰস্কাৰসমূহ ৰাজস্থানৰ জয়পুৰত ১-২ জুলাই ২০২৬ ত অনুষ্ঠিত হ’বলগীয়া ই-গভৰ্নেন্সৰ ২৯ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনত প্ৰদান কৰা হ’ব। প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ (ডিএআৰপিজি), ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (এমইআইটিৱাই) আৰু ৰাজস্থান চৰকাৰৰ দ্বাৰা যৌথভাৱে আয়োজন কৰা এই সন্মিলনৰ বিষয়বস্তু হৈছে "বিকশিত ভাৰত ২০৪৭: এআই-সক্ষম, তথ্য-চালিত আৰু সুৰক্ষিত ডিজিটেল প্ৰশাসন"। ই দক্ষ, সুৰক্ষিত আৰু নাগৰিক-কেন্দ্ৰিক ৰাজহুৱা সেৱা প্ৰদান কৰিবলৈ শেহতীয়া প্ৰযুক্তি, তথ্য-চালিত সিদ্ধান্ত গ্ৰহণ আৰু শক্তিশালী চাইবাৰ সুৰক্ষা পৰিকাঠামো ব্যৱহাৰৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।

৭টা বঁটা শিতানৰ ১৭ টা প্ৰকল্প আৰু পদক্ষেপৰ ভিতৰত ১০টা হৈছে স্বৰ্ণ বঁটা, ৬টা ৰূপৰ পদক আৰু এটা জুৰী বঁটা।এন এইজি বঁটা, ২০২৬ -ত অন্তৰ্ভুক্ত আছেঃ (ক) ট্ৰফী (খ) প্ৰমাণপত্ৰ আৰু (গ) সোণৰ পদক, বিজয়ীসকলৰ বাবে ১০ লাখ টকাৰ উদগণিমূলক ধন আৰু ৰূপালী বঁটা বিজয়ীসকলৰ বাবে ৫ লাখ টকা। জনকল্যাণৰ যিকোনো ক্ষেত্ৰত অন্তৰায় আঁতৰ কৰাৰ উপৰি প্ৰকল্প তথা কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে এই ধনৰাশি আগবঢ়োৱা হৈছে । পঞ্চায়তী ৰাজ সম্পৰ্কীয় পদক্ষেপৰ বাবে লাভ কৰা এই চাৰিটা বঁটা হ’লঃ এখন মন্ত্ৰালয় পৰ্যায়ৰ তথ্য বিশ্লেষণ মঞ্চ, নাগৰিক সেৱা প্ৰদানৰ বাবে স্বীকৃতিপ্ৰাপ্ত দুখন গ্ৰাম পঞ্চায়ত আৰু এটা জিলা পৰ্যায়ৰ স্বাস্থ্যসেৱা মূলক কাৰ্যসূচী। এইসমূহে সমন্বয়েৰে এতিয়া ভাৰতৰ প্ৰশাসনৰ তৃণমূল পৰ্যায়ত শিপাই ডিজিটেল ৰূপান্তৰৰ প্ৰসাৰ আৰু গভীৰতাক প্ৰতিফলিত কৰে। চাৰিটা বঁটা তলত দিয়া ধৰণৰঃ

পুৰস্কাৰ

বঁটা প্ৰাপক

বঁটাৰ শিতান

ৰাজ্য/স্তৰ

স্বৰ্ণ বঁটা

পঞ্চায়ত অগ্ৰগতি সূচক (পিএআই)-বিকশিত ভাৰতৰ বাবে তথ্যৰ ওপৰত আধাৰিত প্ৰশাসন, পঞ্চায়তী ৰাজ মন্ত্ৰালয়

কেন্দ্ৰীয় মন্ত্ৰালয়/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা ডিজিটেল প্লেটফৰ্মত তথ্য বিশ্লেষণৰ ব্যৱহাৰৰ জৰিয়তে ডিজিটেল পৰিৱৰ্তন

ৰাষ্ট্ৰীয় পৰ্যায়

স্বৰ্ণ বঁটা

কাদেপুৰ গ্ৰাম পঞ্চায়ত, চাংলী জিলা, মহাৰাষ্ট্ৰ

সেৱা প্ৰদান গভীৰ/ব্যাপক কৰাৰ বাবে গ্ৰাম পঞ্চায়তৰ তৃণমূল পৰ্যায়ৰ কাৰ্যসূচী

মহাৰাষ্ট্ৰ

ৰূপালী বঁটা

বিজয় নগৰ গাঁও পঞ্চায়ত, পশ্চিম ত্ৰিপুৰা জিলা, ত্ৰিপুৰা

সেৱা প্ৰদান গভীৰ/ব্যাপক কৰাৰ বাবে গ্ৰাম পঞ্চায়তৰ তৃণমূল পৰ্যায়ৰ কাৰ্যসূচী

ত্ৰিপুৰা

স্বৰ্ণ বঁটা

ই-আৰোগ্য ধমনী- ই-প্ৰশাসনৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ৰূপান্তৰ, স্বাস্থ্য বিভাগ, জিলা পৰিষদ নন্দুৰবাৰ, মহাৰাষ্ট্ৰ

ই-প্ৰশাসনৰ ক্ষেত্ৰত জিলা পৰ্যায়ৰ কাৰ্যসূচী

মহাৰাষ্ট্ৰ

 

কেন্দ্ৰীয় মন্ত্ৰালয়/ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা ডিজিটেল প্লেটফৰ্মত বিশ্লেষণ। পিএআই হৈছে সমগ্ৰ দেশতে গ্ৰাম পঞ্চায়তৰ প্ৰদৰ্শন পৰিমাপ আৰু আগুৱাই নিয়াৰ বাবে মন্ত্ৰালয়ৰ মুখ্য আহিলা। ই স্থানীয়ভাৱে বহনক্ষম উন্নয়ন লক্ষ্য (এলএছডিজি) ৰ নটা বিষয়বস্তুৰ সৈতে সংলগ্ন সূচকসমূহৰ ওপৰত গ্ৰাম পঞ্চায়তসমূহৰ মূল্যায়ন কৰে, যিয়ে গ্ৰাম্য পৰ্যায়ত প্ৰশাসনৰ ফলাফলৰ এক সূক্ষ্ম আৰু তথ্য-সমৰ্থিত ছবি প্ৰদান কৰে। পিএআইৰ বিষয়ে অধিক তথ্যৰ বাবে ইয়াত Click Here ক্লিক কৰক। আনহাতে মহাৰাষ্ট্ৰৰ চাংলী জিলাৰ কাডেগাঁও তালুকাৰ কাডেপুৰ গ্ৰাম পঞ্চয়তে সোণৰ বঁটা লাভ কৰিছে আৰু পশ্চিম ত্ৰিপুৰা জিলাৰ মোহনপুৰ ব্লকৰ বিজয় নগৰ গ্ৰাম পঞ্চায়তে ২০২৬ চনৰ ই-গভৰ্নেন্সৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত গ্ৰাম পঞ্চায়ত বা সমতুল্য পৰম্পৰাগত স্থানীয় নিকায়সমূহৰ দ্বাৰা সেৱা প্ৰদান গভীৰ/ব্যাপক কৰাৰ বাবে তৃণমূল পৰ্যায়ৰ পদক্ষেপ শ্ৰেণীৰ অধীনত ৰূপালী বঁটা লাভ কৰিছে।

কাডেপুৰ গ্ৰাম পঞ্চায়তখনে সম্পূৰ্ণৰূপে কাগজবিহীন ই-অফিচ, আঠটা এআই-চালিত প্ৰশাসনিক এপ্লিকেচন, ব্লকচেইন-সক্ষম ৰেকৰ্ড ব্যৱস্থাপনা আৰু জিআইএছ-আধাৰিত সম্পত্তি জিও-টেগিংৰ জৰিয়তে ৪,৩০০ ৰো অধিক হিতাধিকাৰীক সম্পূৰ্ণৰূপে অনলাইন সেৱা প্ৰদান কৰি এক সৰ্বাত্মক ডিজিটেল প্ৰশাসন পৰিৱেশ তন্ত্ৰ নিৰ্মাণ কৰিছে। কাডেপুৰ হৈছে দেশৰ একমাত্ৰ গ্ৰাম পঞ্চায়ত য'ত কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন, নেনো প্ৰযুক্তি, জৈৱ প্ৰযুক্তি আৰু ৰবটিক্সৰ ওপৰত আনুষ্ঠানিকভাৱে অনুমোদিত নীতি আছে। অধিক জানিবলৈ ইয়াত ক্লিক কৰক CLICK HERE

বিজয় নগৰ গ্ৰাম পঞ্চায়তত অংশগ্ৰহণমূলক প্ৰশাসন, বিত্তীয় দায়বদ্ধতা আৰু সামগ্ৰিক ডিজিটেল গ্ৰহণৰ ওপৰত আধাৰিত এক সমানে শক্তিশালী দিশ উপস্থাপন কৰা হৈছে। ইয়াৰ পিএআই ২.০ স্ক’ৰ ৮৮.৩৫ (গ্ৰেড এ)-এ পিএআই  ১.০-ৰ তুলনাত ৩৮শতাংশ উন্নতি প্ৰতিফলিত কৰাৰ লগতে নিজৰ উৎসৰ ৰাজহ প্ৰায় ১৯৪ শতাংশ বৃদ্ধি পাইছে। সম্পূৰ্ণৰূপে কাৰ্য্যকৰী ই-অফিচৰ জৰিয়তে শতাধিক সেৱা অনলাইন প্ৰদান কৰা হয়; গ্ৰাম বৰ্তা প্লেটফৰ্মে প্ৰতিটো ঘৰৰ সৈতে বাস্তৱ-যোগাযোগ সক্ষম কৰে; আৰু মহিলাসকলৰ মাজত ১০০ শতাংশ ডিজিটেল সাক্ষৰতা লাভ কৰা পৰিলক্ষিত হৈছে। অধিক জানিবলৈ ইয়াত ক্লিক কৰক CLICK HERE। মহাৰাষ্ট্ৰৰ আৰু ত্ৰিপুৰাৰ এই দুখন গ্ৰাম পঞ্চায়তে প্ৰতিফলিত কৰে যে স্থানীয় স্বায়ত্তশাসনৰ উৎকৃষ্টতা আঞ্চলিকভাৱে সীমাবদ্ধ নহয় বা একক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰশীল নহয়।

জিলা পৰিষদ নন্দুৰবাৰঃ ই-প্ৰশাসনৰ জৰিয়তে স্বাস্থ্যসেৱাৰ পৰিৱৰ্তন

মহাৰাষ্ট্ৰৰ জিলা পৰিষদ নন্দুৰবাৰৰ স্বাস্থ্য বিভাগে ই-প্ৰশাসনৰ জৰিয়তে ই-আৰোগ্য ধমনি কাৰ্যসূচীৰ মাধ্যমেৰে স্বাস্থ্যসেৱাৰ পৰিৱৰ্তন সাধন কৰি ই-প্ৰশাসনত জিলা পৰ্যায়ৰ কাৰ্যসূচী শিতানৰ অধীনত ২০২৬ চনৰ ই প্ৰশাসনৰ ৰাষ্ট্ৰীয় বঁটা কাৰ্যসূচীত স্বৰ্ণ বঁটা লাভ কৰিছে। এই পদক্ষেপটোৱে নন্দুৰবাৰ জিলাৰ জনজাতীয় আৰু দূৰৱৰ্তী অঞ্চলৰ নাগৰিকসকললৈ দ্ৰুত, মানসম্পন্ন স্বাস্থ্যসেৱা সম্প্ৰসাৰণ কৰিবলৈ আধুনিক ডিজিটেল সঁজুলি প্ৰয়োগ কৰিছে, যাৰ ফলত প্ৰশাসন সেই সম্প্ৰদায়সমূহৰ ওচৰলৈ আহিছে য'ত সুলভ আৰু সঁহাৰি দিব পৰা ৰাজহুৱা স্বাস্থ্য প্ৰদানৰ প্ৰয়োজনীয়তা আটাইতকৈ বেছি। ই-আৰোগ্য ধামনীৰ বিষয়ে অধিক জানকe-Aarogya Dhamni.

পটভূমি

তৃণমূল পৰ্যায়ত প্ৰদান কৰা অনলাইন নাগৰিক সেৱাক স্বীকৃতি দিয়াৰ বাবে পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ পোষকতাৰ পাছত ই-প্ৰশাসনৰ বাবে ৰাষ্ট্ৰীয় বঁটা (এন. এইজি) ৰ অধীনত সমৰ্পিত গ্ৰাম পঞ্চায়ত শ্ৰেণী প্ৰৱৰ্তন কৰা হৈছিল। এন. এইজি ২০২৫ –ত ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ১.৪৫ লাখৰো অধিক অংশগ্ৰহণ আৰু এন. এইজি ২০২৬-ত ৩০ খন ৰাজ্যৰ পৰা ১.৬৫ লাখতকৈও অধিক গ্ৰাম পঞ্চায়তৰ অংশগ্ৰহণৰ সৈতে এই কাৰ্যসূচীয়ে বৰ্ধিত অংশগ্ৰহণ প্ৰতিফলিত কৰিছে, যি পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহত ক্ষমতা নিৰ্মাণ, নিশ্চিতি আৰু ডিজিটেল প্ৰশাসনৰ প্ৰচাৰৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ ধাৰাবাহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰে। এন এইজি-ৰ অধীনত সমৰ্পিত গ্ৰাম পঞ্চায়ত বঁটা শ্ৰেণীটো প্ৰথমবাৰৰ বাবে এন এইজি.২০২৫ -ত প্ৰৱৰ্তন কৰা হৈছিল। গ্ৰাম পঞ্চায়ত শ্ৰেণীত এন এইজি ২০২৫ বঁটা বিজয়ীসকল আছিলঃ

Award (2025)

বঁটা (২০২৫)

Gram Panchayat

গ্ৰাম পঞ্চায়ত

District

জিলা

State

ৰাজ্য

স্বৰ্ণ বঁটা

ৰোহিণী গাওঁ পঞ্চায়ত

ঢুলে

মহাৰাষ্ট্ৰ

ৰূপালী বঁটা

পশ্চিম মজলিছপুৰ গাওঁ পঞ্চায়ত

পশ্চিম ত্ৰিপুৰা

ত্ৰিপুৰা

জুৰি বঁটা

পালচনা গাওঁ পঞ্চায়ত

চুৰাট

গুজৰাট

জুৰি বঁটা

সুৱাকাটি গাওঁ পঞ্চায়ত

কেন্দুঝাৰ

ওড়িশা

* * *

AA/DD


(रिलीज़ आईडी: 2272178) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Bengali-TR , Gujarati , Tamil