গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত ভাৰত চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত অসম-নাগালেণ্ড সীমান্ত অঞ্চলত খনিজ তেলৰ কাৰ্য্যকলাপ সূচল কৰি তোলাৰ উদ্দেশ্যে এখন ত্ৰিপক্ষীয় বুজাবুজি চুক্তি স্বাক্ষৰিত

কেন্দ্ৰ, অসম আৰু নাগালেণ্ডৰ মাজত হোৱা ঐতিহাসিক বুজাবুজি চুক্তিয়ে সমগ্ৰ উত্তৰ-পূবত শক্তি, বিনিয়োগ আৰু সমৃদ্ধিৰ এক নতুন অৰ্থনৈতিক কৰিডৰ মুকলি কৰিব

নাগালেণ্ডত উপলব্ধ তেল, গেছ আৰু খনিজ পদাৰ্থৰ বিশাল ভাণ্ডাৰে তেল আৰু গেছৰ বাবে বিদেশী উৎসৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব

উত্তৰ-পূবৰ প্ৰায় ৮০শতাংশ আফস্পাৰ পৰা মুক্ত হৈছে আৰু আগন্তুক দিনবোৰত সমগ্ৰ অঞ্চলটো আফস্পাৰ পৰা মুক্ত হ’ব
মোদী চৰকাৰে উত্তৰ-পূবৰ উন্নয়নক অগ্ৰাধিকাৰ দিছে; আজি এই অঞ্চলটো 'ৰাষ্ট্ৰ প্ৰথম’ ভাৱনাৰে অগ্ৰসৰ হৈছে

অসম, নাগালেণ্ড আৰু কেন্দ্ৰৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তি হৈছে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ এক উৎকৃষ্ট উদাহৰণ

১২ খন শান্তি চুক্তিৰ জৰিয়তে মোদী চৰকাৰে উত্তৰ-পূবক পৰ্যটন, বিনিয়োগ আৰু ঔদ্যোগিক কাৰ্যকলাপৰ এক নতুন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে

प्रविष्टि तिथि: 11 JUN 2026 11:37PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি নতুন দিল্লীত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত অসম-নাগালেণ্ড সীমান্ত অঞ্চলত খনিজ তেলৰ কাৰ্যকলাপৰ সূচলতাৰ বাবে এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ ও উপস্থিত থাকে।

এই উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি আমি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছো। তেওঁ কয় যে এই চুক্তিয়ে তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ লগতে খনিজ খননৰ সম্ভাৱনা মুকলি কৰাৰ উপৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সমৃদ্ধিশালী উত্তৰ-পূবৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত এক ডাঙৰ অন্তৰায় দূৰ কৰিছে। শ্ৰী শ্বাহে কয় যে সমগ্ৰ উত্তৰ-পূব আজি এই চুক্তিৰ জৰিয়তে 'ৰাষ্ট্ৰ প্ৰথম’ৰ মনোভাৱেৰে আগবাঢ়িছে। তেওঁ উল্লেখ কৰে যে দেশত তেল আৰু অন্বেষণ অব্যাহত ৰখাত আহি পৰা কোনো বাধাক দুয়োখন ৰাজ্যই গ্ৰাহ্য নকৰাৰ সিদ্ধান্ত লোৱাৰ লগতে এই সম্পদসমূহে ৰাষ্ট্ৰীয় সম্পদ গঠন কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যই পাৰস্পৰিক সহযোগিতাৰ পথেৰে আগবাঢ়ি যাব।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে ছখন নিৰ্ধাৰিত ক্ষেত্ৰৰ উপৰি ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যখনত তেল অন্বেষণৰ বাবে সন্মত হোৱা বুলি প্ৰকাশ কৰাৰ বিষয়ে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে উল্লেখ কৰে । ইয়াৰ জৰিয়তে সকলো পক্ষ উপকৃত হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে অসম চৰকাৰেও এই ক্ষেত্ৰত সহমত পোষণ কৰিছে। গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে এই ত্ৰিপাক্ষিক চুক্তিয়ে সমগ্ৰ উত্তৰ-পূব অঞ্চলত খনিজ অনুসন্ধান আৰু খননৰ পথ প্ৰশস্ত কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূৰ্বাঞ্চলত কেৱল তেল আৰু গেছৰ বিশাল ভাণ্ডাৰেই নহয়, খনিজ পদাৰ্থৰো অপৰিসীম ভাণ্ডাৰ আছে। তেওঁ কয় যে এই বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে বৰ্তমানৰ প্ৰতিদিনে ১,০০০-১,৫০০বেৰেল নিষ্কাশন ক্ষমতা দহগুণতকৈও অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আস্থা প্ৰকাশ কৰে যে নাগালেণ্ডত উপলব্ধ তেল আৰু গেছ সম্পদ আহৰণৰ জৰিয়তে এই খণ্ডত বিদেশী উৎসৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা যথেষ্ট হ্ৰাস হ’ব। তেওঁ কয় যে এনে চুক্তিৰ অভাৱত আৰু কিছুমান দীৰ্ঘদিনীয়া প্ৰত্যাহ্বানৰ বাবে দুয়োখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন যথেষ্ট সময়ৰ বাবে প্ৰভাৱিত হৈ আছিল। অৱশ্যে, তেওঁ উল্লেখ কৰে যে আজি স্বাক্ষৰিত হোৱা চুক্তিয়ে অসম আৰু নাগালেণ্ড দুয়োখন ৰাজ্যৰে অৰ্থনৈতিক উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ পথ মুকলি কৰিব। তেওঁ লগতে কয় যে এই ত্ৰিপাক্ষিক চুক্তিতকৈ সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ কোনো ডাঙৰ উদাহৰণ থাকিব নোৱাৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা উত্তৰ-পূবক অগ্ৰাধিকাৰ দি আহিছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী হৈছে একমাত্ৰ প্ৰধানমন্ত্ৰী যিয়ে স্বাধীনতাৰ পাছত সৰ্বাধিক উত্তৰ-পূব ভ্ৰমণ কৰিছে। গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে মোদী জীয়ে উত্তৰ-পূবত শান্তি আৰু উন্নয়ন অনাৰ বাবে কৰা প্ৰচেষ্টা স্বাধীন ভাৰতৰ ইতিহাসত অতুলনীয়। শ্ৰী শ্বাহে কয় যে ২০১৯ চনৰ পৰা স্বাক্ষৰিত হোৱা বাৰখন ভিন্ন চুক্তিৰ জৰিয়তে সমগ্ৰ অঞ্চলটোত শান্তি নিশ্চিত হোৱাৰ উপৰি ইয়াৰ ফলত হিংসা প্ৰায় ৮০ শতাংশ হ্ৰাস পাইছে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ গতি এই চুক্তিসমূহ অবিহনে সম্ভৱ নহ’লহেঁতেন।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰৰ অধীনত উত্তৰ-পূবত পৰ্যটন আৰু বিনিয়োগ বৃদ্ধি পাইছে, আৰু ঔদ্যোগিক শান্তিৰ বাবে ব্যক্তিগত খণ্ডৰ বিনিয়োগো বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে উত্তৰ-পূব অঞ্চলৰ ৮০শতাংশতকৈও অধিক অঞ্চল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) ৰ পৰা মুক্ত কৰা হৈছে। গৃহ মন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে, এখন বা দুখন ৰাজ্যৰ বাহিৰে অহা বছৰৰ ভিতৰত সমগ্ৰ উত্তৰ-পূবৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ'ব।

শ্ৰী অমিত শ্বাহে কয় যে আজি দেশৰ উন্নয়ন, উত্তৰ-পূবৰ সমৃদ্ধি আৰু 'আত্মনিৰ্ভৰ ভাৰত' ৰ দৃষ্টিভংগী শক্তিশালী কৰাৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। তেওঁ মন্তব্য কৰে যে শক্তি অবিহনে এখন ৰাষ্ট্ৰৰ উন্নয়ন অসম্ভৱ। তেওঁ উল্লেখ কৰে যে আমেৰিকা, ইৰাণ আৰু ইজৰাইলৰ সৈতে জড়িত সংঘৰ্ষৰ ফলত ভাৰত আৰু সমগ্ৰ বিশ্বই এক গুৰুতৰ সংকটৰ সন্মুখীন হৈছে। বৰ্তমানৰ বিশ্বৰ সংকটময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই ত্ৰিপাক্ষিক চুক্তি কিমান সোনকালে লাভজনক প্ৰমাণিত হ'ব সেয়া সঠিকভাৱে অনুমান কৰাটো কঠিন বুলি উল্লেখ কৰি তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে পৰৱৰ্তী সময়ত ই ভাৰতক যথেষ্ট উপকৃত কৰাৰ লগতে আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিব। গৃহ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই চুক্তিয়ে খনিজ খননৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে আৰু মাত্ৰ ছটা নিৰ্ধাৰিত ক্ষেত্ৰৰ বাহিৰেও সমগ্ৰ নাগালেণ্ডতে অন্বেষণৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে। এই প্ৰচেষ্টাই কেৱল দুয়োখন ৰাজ্যলৈ সমৃদ্ধি অনাই নহয় বৰং পাৰস্পৰিক সম্প্রীতি বৃদ্ধি কৰাৰ উপৰি উন্নয়নক নতুন গতি প্ৰদান কৰিব।

গৃহ মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে সীমান্ত বা আইন-শৃংখলাৰ সৈতে সম্পৰ্কিত যি ধৰণৰে নহওক কিয় উত্তৰ-পূবৰ সকলো বিবাদ ক্ৰমান্বয়ে সমাধান কৰা হ'ব। বিভিন্ন গোটৰ সৈতে চুক্তি সম্পন্ন হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। আমি সীমান্ত বিবাদৰ ৫০ শতাংশতকৈও অধিক সমাধান কৰাৰ লগতে এয়া আজি এক নতুন আৰম্ভণি চিহ্নিত হৈছে। শ্ৰী শ্বাহে কয় যে উত্তৰ-পূবৰ সোণালী ভৱিষ্যতৰ ওপৰত আশা আৰু আত্মবিশ্বাস শক্তিশালী কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

আজি স্বাক্ষৰিত ত্ৰিপাক্ষিক চুক্তিয়ে ভাৰত চৰকাৰ আৰু অসম তথা নাগালেণ্ডৰ ৰাজ্য চৰকাৰৰ বিশেষ অগ্ৰাধিকাৰৰ ক্ষেত্ৰসমূহত পেট্ৰ'লিয়াম অন্বেষণ আৰু উৎপাদন সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে এক সুস্থিৰ, সুৰক্ষিত আৰু অনুকূল পৰিৱেশ নিশ্চিত কৰাৰ বাবে উমৈহতীয়া দায়বদ্ধতাক প্ৰতিফলিত কৰে।

এই বুজাবুজি চুক্তিয়ে অঞ্চলটোত খনিজ তেলৰ কাৰ্য্যকলাপৰ সুবিধাৰ বাবে এক সমন্বিত পৰিকাঠামো প্ৰতিষ্ঠা কৰাৰ লগতে কাৰ্য্যকৰী ধাৰাবাহিকতা, কৰ্মচাৰী আৰু সম্পদৰ সুৰক্ষা তথা নিৰাপত্তা নিশ্চিত কৰাৰ উপৰি সকলো পক্ষৰ মাজত ফলপ্ৰসূ সমন্বয় স্থাপন কৰে। এই ৰূপৰেখাই অন্বেষণ আৰু উৎপাদন কাৰ্যকলাপক সমৰ্থন কৰিব, পেট্ৰ’লিয়াম খণ্ডত বিনিয়োগক উৎসাহিত কৰাৰ উপৰি ভাৰতৰ শক্তি সুৰক্ষাৰ লক্ষ্য ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, অসম আৰু নাগালেণ্ড চৰকাৰৰ ঘনিষ্ঠ সমন্বয়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ বাবে আলোচনাৰ বাট মুকলি হয়। এই চুক্তিয়ে অঞ্চলটোত চলি থকা আৰু ভৱিষ্যতৰ হাইড্ৰ’কাৰ্বন কাৰ্য্যকলাপৰ বাবে অধিক নিশ্চয়তা আৰু স্থিৰতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

এই বুজাবুজি চুক্তিয়ে সকলো সংশ্লিষ্ট পক্ষৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে হাইড্ৰ’কাৰ্বন খণ্ডৰ উন্নয়নৰ প্ৰচাৰৰ বাবে সকলো পক্ষৰ মাজত সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ আৰু গঠনমূলক সম্পৰ্কৰ মনোভাৱক গুৰুত্ব আৰোপ কৰে।

ভাৰত চৰকাৰ সহযোগিতামূলক আৰু স্বচ্ছ ব্যৱস্থাৰ জৰিয়তে অন্বেষণ আৰু উৎপাদন সম্পৰ্কীয় কাৰ্যকলাপৰ প্ৰচাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থকাৰ ফলত ৰাষ্ট্ৰীয় শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত অৰিহণা যোগায়।

****

RK/RR/PR/PS/DD


(रिलीज़ आईडी: 2272026) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Tamil