সংবাদ মাধ্যম পঞ্জীয়নৰ বাবে অন্তিম আহ্বান: শেষ মুহূৰ্তৰ আবেদনকাৰীসকলৰ সুবিধাৰ্থে এমআইএফএফ ২০২৬ৰ মিডিয়া স্বীকৃতি পৰ্টেল পুনৰ দুদিনৰ বাবে মুকলি কৰা হৈছে
: মুম্বাই, ৯ জুন, ২০২৬
দেশজুৰি সাংবাদিক, সংবাদ মাধ্যমৰ পেছাদাৰীসকল আৰু চলচ্চিত্ৰ সমালোচকসকলৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ১৯ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ ২০২৬)-ৰ মিডিয়া স্বীকৃতি পৰ্টেল অতিৰিক্ত পঞ্জীয়নৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে ১০ জুনৰ পৰা ১১ জুন ২০২৬লৈ সীমিত সময়ৰ বাবে পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এই বিশেষ সুযোগে পূৰ্বৰ সময়সীমাৰ ভিতৰত আবেদন কৰিব নোৱাৰা সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক অঞ্চলটোৰ অন্যতম সমাদৃত চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে স্বীকৃতি লাভ কৰাৰ অন্তিম সুযোগ প্ৰদান কৰিব। ১১ জুন ২০২৬ৰ পিছত আৰু কোনো সময়সীমা বৃদ্ধি কৰা নহ’ব।
১৫ জুনৰ পৰা ২১ জুন ২০২৬লৈ মুম্বাইৰ গোপালৰাও দেশমুখ মাৰ্গস্থিত এনএফডিচি চৌহদত অনুষ্ঠিত হ’বলগীয়া এমআইএফএফৰ ১৯ সংখ্যক সংস্কৰণত চলচ্চিত্ৰ প্ৰদৰ্শনী, আলোচনা চক্ৰ, মাষ্টাৰক্লাছ, উদ্যোগভিত্তিক মতবিনিময় আৰু সাংস্কৃতিক আদান-প্ৰদানেৰে ভৰা এক সজীৱ সপ্তাহৰ আয়োজন কৰা হৈছে।
মহোৎসৱৰ চলচ্চিত্ৰ প্ৰদৰ্শনী, সংবাদ মাধ্যমৰ সৈতে মতবিনিময় অনুষ্ঠান, বিশেষ মিডিয়া কাৰ্যসূচী আৰু নেটৱৰ্কিংৰ সুযোগসমূহ লাভ কৰিবলৈ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক পুনৰ মুকলি কৰা এই সময়সীমাৰ ভিতৰত পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ দৃঢ়ভাৱে আহ্বান জনোৱা হৈছে।
মিডিয়া স্বীকৃতি পৰ্টেল কেৱল ১০ আৰু ১১ জুন ২০২৬তহে খোলা থাকিব। এমআইএফএফ ২০২৬ৰ বাবে পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ পেছাদাৰীসকলৰ বাবে এয়াই অন্তিম আৰু চূড়ান্ত সুযোগ।
পঞ্জীয়নৰ বিৱৰণ
সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলে মিডিয়া ডেলিগেট হিচাপে পঞ্জীয়ন কৰিবলৈ https://accreditation.pib.gov.in/eventregistration/login.aspx ৱেবছাইট পৰিদৰ্শন কৰিব পাৰে অথবা তলত উল্লেখ কৰা কিউআৰ ক’ড স্কেন কৰিব পাৰে।

১৯ সংখ্যক এমআইএফএফ ২০২৬ সম্পৰ্কে
অনা-কাহিনীমূলক চলচ্চিত্ৰৰ বাবে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম চলচ্চিত্ৰ মহোৎসৱ হিচাপে স্বীকৃত মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (এমআইএফএফ) দীৰ্ঘদিন ধৰি তথ্যচিত্ৰ, চুটি কাহিনীমূলক চলচ্চিত্ৰ আৰু এনিমেশ্যন চলচ্চিত্ৰৰ এক সজীৱ উদযাপন হিচাপে পৰিগণিত হৈ আহিছে। ১৯৯০ চনত প্ৰতিষ্ঠিত আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আয়োজিত এই মহোৎসৱে সময়ৰ লগে লগে এক মৰ্যাদাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ ৰূপ লাভ কৰিছে, যিয়ে বিশ্বজুৰি চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী আৰু চলচ্চিত্ৰপ্ৰেমীসকলক আকৰ্ষিত কৰি আহিছে।
এমআইএফএফৰ ১৯ সংখ্যক সংস্কৰণে এক সমৃদ্ধ আৰু গভীৰ চলচ্চিত্ৰ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি বহন কৰিছে। ইয়াত সুপৰিকল্পিতভাৱে নিৰ্বাচিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰৰ লগতে উদ্যোগমুখী বিভিন্ন বিশেষ পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখালৈ ভাৰতকে ধৰি ৪৭খন দেশৰ পৰা মুঠ ১,৪৫৯খন চলচ্চিত্ৰ জমা লাভ কৰা হৈছে। মহোৎসৱত ৪২টাতকৈ অধিক ভাৰতীয় ভাষা আৰু ভাৰতৰ বাহিৰৰ ৩০টাতকৈ অধিক ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব, যিয়ে ইয়াৰ বিশ্বব্যাপী বিস্তৃতি আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতিফলন ঘটায়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৃষ্টিকৰ্মৰে সমৃদ্ধ এই মহোৎসৱত উৎকৃষ্ট তথ্যচিত্ৰ, চুটি কাহিনীমূলক চলচ্চিত্ৰ, এনিমেশ্যন চলচ্চিত্ৰ, প্ৰথমবাৰৰ বাবে পৰিচালনা কৰা চলচ্চিত্ৰ আৰু শিক্ষাৰ্থীসকলৰ নিৰ্মিত চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰা হ’ব। চলচ্চিত্ৰ প্ৰদৰ্শনৰ সমান্তৰালভাৱে ‘ডক বজাৰ’ৰ দ্বিতীয় সংস্কৰণ, জ্ঞানসমৃদ্ধ মাষ্টাৰক্লাছ আৰু আইডিপিএৰ মুকলি আলোচনা মঞ্চই মহোৎসৱত সৃষ্টিশীল আৰু চলচ্চিত্ৰভিত্তিক মতবিনিময় অধিক সমৃদ্ধ কৰি তুলিব।
এমআইএফএফ ২০২৬-ত গল্পকথনৰ এই সজীৱ জগতখনত অংশগ্ৰহণ কৰক—য’ত শক্তিশালী চলচ্চিত্ৰ, সৃষ্টিশীল মনন আৰু অনুপ্ৰেৰণাদায়ক কণ্ঠ একত্ৰিত হৈ তথ্যচিত্ৰ, এনিমেশ্যন আৰু চুটি কাহিনীমূলক চলচ্চিত্ৰ নিৰ্মাণৰ এক স্মৰণীয় উদযাপনৰ সৃষ্টি কৰে।
১৯ সংখ্যক এমআইএফএফৰ মিডিয়া স্বীকৃতি নীতি এই লিংকত উপলব্ধ।

*****
PIB Mumbai | SriyankaChatterjee / RobinSingh / DineshYadav/AA
रिलीज़ आईडी:
2270895
| Visitor Counter:
18