প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গৰীব কল্যাণ আৰু মানৱ সবলীকৰণৰ ওপৰত কেন্দ্ৰীভূত ১২ বছৰৰ সংস্কাৰমূলক পদক্ষেপৰ ওপৰত প্ৰধানমন্ত্ৰীৰ আলোকপাত
प्रविष्टि तिथि:
08 JUN 2026 10:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে যোৱা ১২ বছৰত ভাৰতে বহুতো পৰিবৰ্তন প্ৰত্যক্ষ কৰিছে আৰু এই পৰিবৰ্তনসমূহৰ মূলতে আছে দৰিদ্ৰ আৰু নিপীড়িতসকলৰ কল্যাণ। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰ সদায় অন্ত্যোদয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছে আৰু উন্নয়নৰ লাভালাভসমূহ যাতে দশক দশক ধৰি পিছ পৰি থকা লোকসকলৰ ওচৰলৈ যায়, তাৰ বাবে সদায় প্ৰচেষ্টা অব্যাহত আছে।
শ্ৰী মোদীয়ে কয় যে জন ধন একাউণ্ট আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰৰ পৰা স্বচ্ছ ভাৰত, প্ৰধানমন্ত্ৰী আবাস যোজনা, জল জীৱন মিছন, আয়ুষ্মান ভাৰতৰ দৰে আন বহুতো পদক্ষেপৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ মৰ্যাদা আৰু সুযোগ নিশ্চিত কৰা।
প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰি কয় যে দৰিদ্ৰ লোকসকলৰ বাবে উন্নত জীৱন-ধাৰণ সুনিশ্চিত কৰাত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু ডিজিটেল মঞ্চৰ জৰিয়তে সেৱাসমূহ প্ৰত্যক্ষ আৰু স্বচ্ছভাৱে জনসাধাৰণৰ কাষ চাপিছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ই অপচয় হ্ৰাস কৰিছে, দক্ষতা বৃদ্ধি কৰিছে আৰু প্ৰশাসনৰ ওপৰত বিশ্বাস শক্তিশালী কৰিছে। তেওঁ লগতে কয় যে এনেদৰেই গৰীব কল্যাণক আগুৱাই নিয়াৰ যাত্ৰা মানৱ সবলীকৰণ আৰু বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক সামূহিক আন্দোলনত পৰিণত হৈছে।
এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিছেঃ
‘যোৱা ১২ বছৰত ভাৰতে বহুতো পৰিবৰ্তন প্ৰত্যক্ষ কৰিছে আৰু এই পৰিবৰ্তনসমূহৰ মূলতে আছে দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ কল্যাণ। আমি সদায় অন্ত্যোদয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছো আৰু আৰু উন্নয়নৰ লাভালাভসমূহ যাতে দশক দশক ধৰি পিছ পৰি থকা লোকসকলৰ ওচৰলৈ যায়, তাৰ বাবে সদায় প্ৰচেষ্টা অব্যাহত আছে। জন ধন একাউণ্ট আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰৰ পৰা স্বচ্ছ ভাৰত, প্ৰধানমন্ত্ৰী আবাস যোজনা, জল জীৱন মিছন, আয়ুষ্মান ভাৰতৰ দৰে আন বহুতো পদক্ষেপৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ মৰ্যাদা আৰু সুযোগ নিশ্চিত কৰা।
#12YearsOfGaribKalyan’
‘এইটো অত্যন্ত আনন্দৰ কথা যে দৰিদ্ৰ লোকসকলৰ বাবে উন্নত জীৱন-ধাৰণ সুনিশ্চিত কৰাত প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু ডিজিটেল মঞ্চৰ জৰিয়তে সেৱাসমূহ প্ৰত্যক্ষ আৰু স্বচ্ছভাৱে জনসাধাৰণৰ কাষ চাপিছে। ই অপচয় হ্ৰাস কৰিছে, দক্ষতা বৃদ্ধি কৰিছে আৰু প্ৰশাসনৰ ওপৰত বিশ্বাস শক্তিশালী কৰিছে। এনেদৰেই গৰীব কল্যাণক আগুৱাই নিয়াৰ যাত্ৰা মানৱ সবলীকৰণ আৰু বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক সামূহিক আন্দোলনত পৰিণত হৈছে।
#12YearsOfGaribKalyan’
***
MJPS/SS/PRK/NB
(रिलीज़ आईडी: 2270206)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam