প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চুৰাট আৰু দমন ভ্ৰমণৰ উল্লেখযোগ্য দিশসমূহৰ বিষয়ে আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
06 JUN 2026 2:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ শেহতীয়া চুৰাট আৰু দমন ভ্ৰমণৰ উল্লেখযোগ্য দিশসমূহৰ বিষয়ে আলোকপাত কৰি কয় যে চুৰাটৰ জনসাধাৰণৰ মাজত উপস্থিত হোৱাটো তেওঁৰ বাবে উল্লেখনীয় কথা আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সজীৱ চহৰখনৰ পৰাই দেশখনে সামূহিকভাৱে ভাৰতক শক্তিশালী তথা স্বাৱলম্বী কৰি তোলাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰতিফলিত কৰিছে।
শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে দমনত উদ্বোধন কৰা উন্নয়নমূলক কামে জনসাধাৰণৰ জীৱনৰ যথেষ্ট উন্নতি সাধন কৰিব। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত অনুষ্ঠিত বিভিন্ন কাৰ্যসূচীৰ মূল আলোকপাত আৰু আভাসসমূহো ভাগ-বাটোৱাৰা কৰে।
এক্সত দিয়া ধাৰাবাহিক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:
"কালি চুৰাটৰ জনসাধাৰণৰ মাজত থকাটো উল্লেখনীয় কথা আছিল। এই সজীৱ চহৰখনৰ পৰাই আমি সামূহিকভাৱে ভাৰতক শক্তিশালী তথা স্বাৱলম্বী কৰি তোলাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিলোঁ।"
"কালি উদ্বোধন কৰা উন্নয়নমূলক কামে দমনত মানুহৰ জীৱন যথেষ্ট উন্নত কৰিব। কালি অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ কিছু উল্লেখযোগ্য দিশ ইয়াত দিয়া হ'ল..."
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2269774)
आगंतुक पटल : 11