প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি যাত্ৰাৰ উল্লেখনীয় অগ্ৰগতিত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
৫ জি ডব্লিউ ডাটা চেণ্টাৰ সক্ষমতা বৃদ্ধিৰ বাবে এয়াৰট্ৰাংকৰ প্ৰায় ৩ লাখ কোটি টকাৰ প্ৰস্তাৱিত বিনিয়োগক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
05 JUN 2026 5:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি যাত্ৰাই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাইছে যে এয়াৰট্ৰাংকে ভাৰতত প্ৰায় ৩ লাখ কোটি টকা (৩০ বিলিয়ন ডলাৰ) বিনিয়োগ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে আৰু ৫ জি ডব্লিউ ডাটা চেণ্টাৰ সক্ষমতা বিকাশ কৰিছে। তেওঁ কয় যে দেশৰ ডিজিটেল আন্তঃগাঁথনিৰ পৰিৱেশতন্ত্ৰত এইটো অন্যতম বৃহৎ প্ৰস্তাৱিত বিনিয়োগ।
শ্ৰী মোদীয়ে কয় যে এনে বিনিয়োগে ক্লাউড কম্পিউটিং আৰু এ আইৰ গোলকীয় কেন্দ্ৰ হিচাপে ভাৰতৰ স্থান যথেষ্ট শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে এই উন্নয়নসমূহে নিয়োগৰ সুযোগ সৃষ্টি কৰিব, স্থানীয় যোগান শৃংখলক সমৰ্থন কৰিব আৰু উদ্ভাৱন নেতৃত্বাধীন বিকাশক ত্বৰান্বিত কৰিব। তেওঁ কয় যে ভাৰতত বিশ্বৰ ডিজিটেল অৰ্থনীতিৰ ভৱিষ্যত দ্ৰুতগতিত গঢ় লৈ উঠিছে।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় :
"ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ যাত্ৰাই উল্লেখনীয়ভাৱে অগ্ৰগতি লাভ কৰিছে। এয়াৰট্ৰাংকে ভাৰতত প্ৰায় ৩ লাখ কোটি টকা (৩০ বিলিয়ন ডলাৰ) বিনিয়োগ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে আৰু ৫ জি ডব্লিউ ডাটা চেণ্টাৰ সক্ষমতা বিকাশৰ পৰিকল্পনা কৰিছে। দেশৰ ডিজিটেল আন্তঃগাঁথনিৰ পৰিৱেশতন্ত্ৰত এয়া অন্যতম বৃহৎ প্ৰস্তাৱিত বিনিয়োগ।
এনে বিনিয়োগে ক্লাউড কম্পিউটিং আৰু এ আইৰ বাবে গোলকীয় কেন্দ্ৰ হিচাপে ভাৰতৰ স্থান শক্তিশালী কৰাৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰিব, স্থানীয় যোগান শৃংখলক সহায় কৰিব আৰু উদ্ভাৱন-নেতৃত্বাধীন বিকাশ ত্বৰান্বিত কৰিব।
এইটো স্পষ্ট যে বিশ্বৰ ডিজিটেল অৰ্থনীতিৰ ভৱিষ্যত ভাৰতত দ্ৰুতগতিত গঢ় লৈ উঠিছে!"
****
MJPS/SS/PRK/KD
(रिलीज़ आईडी: 2269510)
आगंतुक पटल : 45
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam