ৰাষ্ট্ৰপতি সচিবালয়
সংহত জনজাতীয় উন্নয়ন সংস্থা আৰু সংহত জনজাতীয় উন্নয়ন প্ৰকল্পসমূহক শক্তিশালীকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
জনজাতীয় সম্প্ৰদায়ৰ সৰ্বাত্মক বিকাশে ৰাষ্ট্ৰৰ প্ৰগতিৰ সৈতে অন্তৰ্ভুক্তিমূলক বিকাশৰ পথ সুগম কৰিবঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
प्रविष्टि तिथि:
03 JUN 2026 3:10PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত সংহত জনজাতীয় উন্নয়ন সংস্থা আৰু সংহত জনজাতীয় উন্নয়ন প্ৰকল্পসমূহৰ শক্তিশালীকৰণ সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিয়ে বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ চেন্টাৰ ফৰ নেনো ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত প্ৰশিক্ষণ ফেব আৰু একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ ৭৫ টা মহাকাশ পৰীক্ষাগাৰো ভাৰ্চুৱেলভাৱে উদ্বোধন কৰে।
সমাৱেশত সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই সন্মিলনখন জনজাতীয় পৰিৱৰ্তনৰ প্রতিনিধিৰ সন্মিলন। জনজাতীয় সম্প্ৰদায়ৰ বাবে কল্যাণমূলক আৰু উন্নয়নমূলক কাৰ্যসূচীসমূহ পোনপটীয়াকৈ তেওঁলোকৰ গাঁও তথা দুৱাৰমুখলৈ লৈ যোৱাটো সকলো অংশগ্ৰহণকাৰীৰ দায়িত্ব। এনে কৰিলে তেওঁলোকে জনজাতীয় ভাই-ভনীসকলৰ জীৱনত গভীৰ পৰিৱৰ্তন আনিব পাৰে। যেতিয়া ৰাজ্য আৰু প্ৰকল্প পৰ্যায়ত কাম কৰা সকলোৱে এক অংশীদাৰী, ব্যাপক উদ্দেশ্যৰ সৈতে আলোচনা কৰিবলৈ একত্ৰিত হয়, তেতিয়া অসংখ্য গঠনমূলক সমাধান উদ্ভৱ হ'ব। এই সন্মিলনত জনজাতীয় উন্নয়নৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত আলোচনা অনুষ্ঠিত হ’ব বুলি জানি তেওঁ আনন্দ প্ৰকাশ কৰে। তেওঁ আস্থা প্ৰকাশ কৰে যে বিভিন্ন সংস্থা আৰু প্ৰকল্পসমূহত কাম কৰা কৰ্মচাৰীসকলে সুচিন্তিত সিদ্ধান্তৰ ভিত্তিত আগবাঢ়ি যাব। ই জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিজন ব্যক্তিৰ বাবে বিভিন্ন আঁচনিৰ লাভালাভ নিশ্চিত কৰিব।
ৰাষ্ট্ৰপতিয়ে সকলো অংশীদাৰক এই কথাত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে যে প্ৰতিটো প্ৰকল্পৰ ফাইল আৰু নথিপত্ৰৰ চূড়ান্ত উদ্দেশ্য হৈছে এজন মানুহক সহায় কৰা। এই প্ৰকল্পসমূহৰ সৈতে জড়িত সকলো সংস্থা আৰু ব্যক্তিয়ে প্ৰতিগৰাকী গৰ্ভৱতী মাতৃৰ বাবে পৰ্যাপ্ত পুষ্টি, এখন ভাল বিদ্যালয়ত প্ৰতিটো জনজাতীয় শিশুৰ বাবে শিক্ষা, সকলো জনজাতীয় যুৱক-যুৱতীৰ বাবে মৰ্য্যাদাপূৰ্ণ জীৱিকা আৰু প্ৰতিটো জনজাতীয় পৰিয়ালৰ বাবে কল্যাণমূলক আৰু উন্নয়নমূলক কাৰ্যসূচীৰ সুবিধা আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব লাগিব। এই সংবেদনশীলতাৰ মনোভাৱেৰে এই প্ৰকল্পসমূহৰ সৈতে জড়িত সকলো সংস্থা আৰু কৰ্মচাৰীয়ে তেওঁলোকৰ কাম সম্পাদন কৰিব লাগিব।
ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা উল্লেখ কৰি আনন্দিত হয় যে আধুনিক উন্নয়নমূলক প্ৰচেষ্টাৰ লগতে জনজাতীয় সম্প্ৰদায়ৰ সংস্কৃতি আৰু জ্ঞান পৰম্পৰাৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে ব্যক্তি আৰু সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ সকলো অংশীদাৰক জনজাতীয় সম্প্ৰদায়ৰ শিশু আৰু যুৱক-যুৱতীসকলৰ শিক্ষা তথা দক্ষতা বিকাশৰ ক্ষেত্ৰত আন্তৰিকতাৰে অৰিহণা যোগাবলৈ আহ্বান জনায়। সমগ্ৰ দেশতে প্ৰায় ৫০০খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে বুলি জানি তেওঁ আনন্দ প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত সকলো নাগৰিকে বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত অগ্ৰসৰ হৈছে। জনজাতীয় সম্প্ৰদায়ৰ সামগ্ৰিক বিকাশে এই উদ্দেশ্যৰ এক অবিচ্ছেদ্য অংশ গঠন কৰে। ই ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে সামগ্ৰিক উন্নয়নৰ চৰিত্ৰ গঢ়ি তুলিব। তেওঁ আশা প্ৰকাশ কৰে যে এই সন্মিলনৰ পৰা উদ্ভৱ হোৱা পৰামৰ্শ, সিদ্ধান্ত আৰু পৰিকল্পনাই জনজাতীয় সম্প্ৰদায়ৰ সামগ্ৰিক বিকাশৰ আঁচনিসমূহক তৃণমূল পৰ্যায়ত দৃঢ় কাৰ্য্যলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম কৰিব।
অনুগ্ৰহ কৰি ৰাষ্ট্ৰপতিৰ ভাষণ চাবলৈ ইয়াত ক্লিক কৰক -



***
MJPS/SS/PRK/DD
(रिलीज़ आईडी: 2268940)
आगंतुक पटल : 14