প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ চুৰাটত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
02 JUN 2026 7:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাট জিলাত সংঘটিত হোৱা দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। তেওঁ এই দুৰ্ঘটনাত নিজৰ আপোনজনক হেৰুওৱাসকলৰ প্ৰতি আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলে শীঘ্ৰে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উদ্ধাৰ অভিযান চলি আছে আৰু দুৰ্ঘটনাস্থলীত কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় আগবঢ়াইছে।
প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী ব্যক্তিৰ নিকট আত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ আৰু এই ঘটনাত আঘাতপ্ৰাপ্তসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰে:
"গুজৰাটৰ চুৰাট জিলাত সংঘটিত দুৰ্ঘটনাৰ খবৰ পাই গভীৰভাৱে মৰ্মাহত। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকলে অতি সোনকালে আৰোগ্য লাভ কৰক। উদ্ধাৰ অভিযান চলি আছে আৰু দুৰ্ঘটনাস্থলীত কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় আগবঢ়াইছে।নিহত প্ৰতিগৰাকী ব্যক্তিৰ নিকট আত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ আৰু এই ঘটনাত আঘাতপ্ৰাপ্তসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ’ব "।
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2268176)
आगंतुक पटल : 9