ৰাষ্ট্ৰপতি সচিবালয়
ছিকিম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
অঞ্চলটোৰ ভাষা, সংস্কৃতি আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছিকিম বিশ্ববিদ্যালয়ৰ বিশেষ দায়িত্ব আছে: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
ৰাষ্ট্ৰপতিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে নিজকে শক্তিশালী কৰি সমাজ তথা দেশৰ উন্নতিৰ বাবে কাম কৰিবলৈ আহ্বান জনায়
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ছিকিম সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাবে ঘোষিত হোৱাত ছিকিম চৰকাৰ আৰু ছিকিমৰ জনসাধাৰণক অভিনন্দন জনায়
পোষ্ট কৰা হৈছে:
27 MAY 2026 6:34PM by PIB Guwahati
আজি (২৭ মে', ২০২৬) ছিকিমৰ গেংটকত ছিকিম বিশ্ববিদ্যালয়ৰ সপ্তম সমাৱৰ্তন অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শোভাবৰ্ধন কৰে।

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ আগবঢ়াই ৰাষ্ট্ৰপতিয়ে কয় যে প্ৰাকৃতিক সৌন্দৰ্য্য, সংস্কৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ বাবে ছিকিমৰ এক সুকীয়া পৰিচয় আছে। হিমালয়ৰ অন্যতম উচ্চতম শৃংগ কাঞ্চনজংঘা ছিকিমৰ বাবে প্ৰকৃতিৰ অমূল্য উপহাৰ হিচাপে পৰিগণিত হৈছে। ছিকিমৰ জনসাধাৰণে এই শৃংগটোক নিজৰ ৰক্ষক দেৱতা হিচাপে শ্ৰদ্ধা কৰে। প্ৰকৃতিৰ সংৰক্ষণ আৰু লালন-পালনৰ প্ৰতি গভীৰ দায়িত্ববোধ তেওঁলোকৰ মাজত স্পষ্ট হৈ পৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০১৬ চনত ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে পৰিগণিত হোৱাটো ছিকিমৰ বাবে এক অপৰিসীম গৌৰৱৰ বিষয়। উন্নয়ন আৰু প্ৰকৃতি সংৰক্ষণ যে সমান্তৰালভাবে চলিব পাৰে সেই কথা ছিকিমে সঁচাকৈয়ে প্ৰমাণ কৰি দেখুৱাইছে বুলি উল্লেখ কৰি তেওঁ আনন্দিত হৈ পৰে। ছিকিমত প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰা, জৈৱিক কৃষিৰ প্ৰসাৰ ঘটোৱা, পৰিৱেশ সুৰক্ষা আদিৰ দৰে পদক্ষেপে সমগ্ৰ দেশৰ বাবে প্ৰেৰণা হৈ পৰিছে বুলিও তেওঁ কয়। প্ৰতিগৰাকী ব্যক্তিয়ে যদি নিজৰ চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে প্ৰকৃতি তথা সমাজৰ বাবেও দায়িত্ব গ্ৰহণ কৰে তেন্তে দেশখনে দ্ৰুত গতিত আগুৱাই যাব পাৰিব বুলিও তেওঁ মন্তব্য কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ছিকিম এতিয়া সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাটো সকলো নাগৰিকৰ বাবে, বিশেষকৈ ছিকিমৰ জনসাধাৰণৰ বাবে এক গৌৰৱৰ বিষয়।এই উল্লেখনীয় কৃতিত্বৰ বাবে ছিকিমৰ চৰকাৰ আৰু জনসাধাৰণক তেওঁ অভিনন্দন জ্ঞাপন কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ সৰ্বাংগীন প্ৰগতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন হোৱাটো অপৰিহাৰ্য। এই অঞ্চলৰ যুৱক-যুৱতীসকল অপৰিসীম প্ৰতিভাৰ অধিকাৰী। ছিকিমৰ লগতে অন্যান্য ৰাজ্যৰ পৰা অহা ছিকিম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ইজনে সিজনৰ সৈতে সংযুক্ত হৈ থাকিবলৈ আৰু ৰাষ্ট্ৰীয় উন্নয়নত অৰিহণা যোগোৱাৰ সামূহিক মনোভাৱেৰে আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়। তেওঁলোকৰ যোগ্যতা আৰু নিষ্ঠাৰ জৰিয়তে তেওঁলোকে সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকৰ জীৱন উন্নত কৰিব পাৰে বুলিও তেওঁ কয়। এনেদৰে তেওঁলোকে সৰ্বাংগীন উন্নয়নক লাভান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ছিকিম বিশ্ববিদ্যালয়ে শিক্ষা আৰু গৱেষণাৰ কেন্দ্ৰ হোৱাৰ উপৰি অঞ্চলটোৰ ভাষা, সংস্কৃতি, পৰিৱেশ সংৰক্ষণৰ বিশেষ দায়িত্বও বহন কৰিছে। এই বিশ্ববিদ্যালয়খনে আধুনিক শিক্ষাক স্থানীয় পৰম্পৰা, পৰিৱেশ সচেতনতা আৰু সামাজিক দায়বদ্ধতাৰ সৈতে একত্ৰিত কৰা বুলি উল্লেখ কৰি তেওঁ আনন্দ প্ৰকাশ কৰে। ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ বাবে এয়াই উপযুক্ত পথ বুলিও কয় তেওঁ কয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষা হৈছে আত্মনিৰ্ভৰশীলতাৰ এক অতি প্ৰয়োজনীয় আহিলা। ছাত্র-ছাত্রীসকলক শিক্ষাৰ জৰিয়তে নিজকে সবল কৰি তুলি দেশ আৰু সমাজৰ উন্নতিৰ হকে কাম কৰিবলৈ তেওঁ আহবান জনায়৷ তেওঁ লগতে তেওঁলোকক এইবুলি পৰামৰ্শ দিয়ে যে সদায় নিজৰ সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগে; আনৰ অভিজ্ঞতা আৰু জ্ঞানৰ পৰা শিকিব লাগে; পৃথকে পৃথকে নহয়, সহযোগিতাৰ জৰিয়তে অগ্ৰগতি লাভ কৰা; আৰু হ্ৰস্বম্যাদী তথা দীৰ্ঘম্যাদী দুয়োটা লক্ষ্য নিৰ্ধাৰণ কৰা আৰু সেইবোৰ লাভৰ বাবে কৌশল প্ৰণয়ন কৰা অতি প্ৰয়োজনীয় কথা। ২০৪৭ চনৰ ভিতৰত আমি উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰ দিশত আগবাঢ়িছো বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে কয়।ছাত্ৰ-ছাত্ৰীসকলে দক্ষতা, সমতা আৰু বহনক্ষমতাৰ মূল্যবোধক সাৰোগত কৰি নিজৰ নিৰ্বাচিত ক্ষেত্ৰসমূহত আগবাঢ়ি যাব বুলিও তেওঁ পৰম আস্থা প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে ছিকিমৰ গেংটকত ‘আমা দিদি বাহিনী বাছ সেৱা’ - মহিলাৰ বাবে গোলাপী ৰঙৰ বাছ আৰু কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে ৰিচ’ৰ্চ ৰিকাভাৰী বাহন মুকলি কৰে।
Please click here to see the President's speech-
***
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2266575)
অতিথি কক্ষ : 5