উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

২৩৬ কোটি টকীয়া ‘ত্ৰিপুৰা ৰাণী আনাৰস অভিযান’ আৰম্ভ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী সাৰোগত কৰি ত্ৰিপুৰাৰ কৃষি সামৰ্থ্যক বিশ্বব্যাপী প্ৰতিযোগিতামূলক ব্ৰেণ্ডলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস

জিআই টেগযুক্ত ‘ৰাণী আনাৰস’ৰ গোলকীয় প্ৰিমিয়াম সম্ভাৱনাপূৰ্ণ ধ্বজাবাহী সামগ্ৰী হিচাপে উজলি উঠাৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

পোষ্ট কৰা হৈছে: 27 MAY 2026 8:22PM by PIB Guwahati

 

উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ সৈতে মিলি ত্ৰিপুৰা ৰাজ্যত আনাৰস খেতি আৰু মূল্য শৃংখল উন্নয়নৰ বাবে ২৩৬ কোটি টকীয়া কনভাৰ্জেন্স নেতৃত্বাধীন পদক্ষেপ “মিছন কুইন পাইনএপল” মুকলি কৰে। ত্ৰিপুৰাৰ ইউনিক চেলিং প্ৰপ’জিশ্যন (ইউএছপি) — জিআই-টেগ কৰা ‘ৰাণী আনাৰস’ৰ প্ৰচাৰৰ বাবে ২০২৬ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকৰ পৰা ২০২৮ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকলৈকে তিনি বছৰীয়া ৰূপায়ণ কৰ্ম-পৰিকল্পনা হিচাপে এই অভিযানটোৰ আৰ্হি যুগুতোৱা হৈছে।

 

ৰাজ্যখনত আনাৰসৰ এক সংহত মূল্য-শৃংখল পৰিতন্ত্ৰ স্থাপনৰ বাবে কৃষি আৰু কৃষক কল্যাণ, খাদ্য সংসাধন উদ্যোগ, বাণিজ্য, এমএছএমই, এপিইডিএ, ডিপিআইআইটি, আইচিএআৰ, চিএছআইআৰ, ট্ৰাইফেড, নেৰামেক আৰু ত্ৰিপুৰা চৰকাৰৰ আঁচনি আৰু হস্তক্ষেপৰ অভিসৰণৰে ৰূপায়ণ কৰা হৈছে এই অভিযান।

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলক উচ্চ প্ৰমূল্যৰ কৃষি আৰু উদ্যানজাত সামগ্ৰীৰ কেন্দ্ৰ হিচাপে প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰে।

ভাৰ্চুৱেল মাধ্যমেৰে যোগদান কৰা আনাৰস খেতিয়ক, সংসাধক আৰু বিনিয়োগকাৰীকে ধৰি অংশীদাৰসকলক সম্বোধন কৰি শ্ৰী সিন্ধিয়াই কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী সাৰোগত ত্ৰিপুৰাৰ কৃষি সামৰ্থ্যসমূহক গোলকীয় প্ৰতিযোগিতামূলক ব্ৰেণ্ডলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে।”

মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে উদ্দেশ্য কেৱল শস্যৰ খেতিয়েই নহয়, বৰঞ্চ — উৎপাদন আৰু সংগ্ৰহৰ পৰা আৰম্ভ কৰি সংসাধন, ব্ৰেণ্ডিং, পেকেজিং আৰু ৰপ্তানিলৈকে কৃষকসকলক সমগ্ৰ মূল্য শৃংখলত সক্ৰিয় খেলুৱৈ হ’বলৈ সক্ষম কৰি তোলাও।

অভিযানৰ বিস্তৃত দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি শ্ৰী সিন্ধিয়াই কয়, “আমাৰ লক্ষ্য হৈছে খেতিৰ পৰা আৰম্ভ কৰি বিশ্ব বজাৰলৈকে এক সম্পূৰ্ণ মূল্য শৃংখল গঢ়ি তোলা— যাতে, কৃষকসকল তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ দ্বাৰা সৃষ্টি হোৱা সমৃদ্ধিৰ সক্ৰিয় অংশগ্ৰহণকাৰী হৈ উঠিব পাৰে।”

 

 

মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰে যে ত্ৰিপুৰা ৰাণী আনাৰসৰ এক অনন্য সুগন্ধিৰ বৈশিষ্ট, কম আঁহযুক্ত গঠন আৰু জিআই সমৰ্থিত স্বকীয়তা থকা স্বত্বেও বজাৰৰ সৈতে সংহতি দুৰ্বল হোৱাৰ লগতে পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱৰ বাবেই কৃষকসকলে সামগ্ৰীৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈ আহিছে। তেওঁ উল্লেখ কৰে যে অভিযানৰ লক্ষ্য হৈছে অভিসৰণ-নেতৃত্বাধীন বিনিয়োগ আৰু বজাৰমুখী হস্তক্ষেপৰ জৰিয়তে এই ব্যৱধান দূৰ কৰা যিয়ে কৃষকৰ মূল্যৰ উপলব্ধি যথেষ্ট বৃদ্ধি কৰিব।

এই অভিযানৰ অধীনত আন্তঃগাঁথনিৰ প্ৰধান উপাদানসমূহত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্যসূচীয়ে আগৰতলা বিমানবন্দৰৰ ওচৰত এটা কেন্দ্ৰীয় হাব আৰু পশ্চিম ত্ৰিপুৰা, খোৱাই আৰু চেপাহিজালা জিলাৰ প্ৰধান আনাৰস খেতি কৰা এলেকাসমূহত আঠটা স্প’ক সংগ্ৰহ কেন্দ্ৰ সামৰি “হাব এণ্ড স্প’ক” সংহত আনাৰস চপোৱাৰ পিছৰ পৰিতন্ত্ৰ স্থাপন কৰিব। আন্তঃগাঁথনিৰ ভিতৰত গ্ৰেডিং সুবিধা, শীতল সংৰক্ষণ, ৰিফাৰ লজিষ্টিক, সৌৰ শীতল সংৰক্ষণ, IoT-সক্ষম ফাৰ্ম নিৰীক্ষণ আৰু ডিজিটেল ট্ৰেচেবিলিটী-ৰ ব্যৱস্থা থাকিব।

মন্ত্ৰীগৰাকীয়ে ব্যক্তিগত অংশীদাৰসকলৰ সৈতে অংশীদাৰিত্বৰে নেৰামেক-য়ে ৰূপায়ণ কৰিবলগীয়া ভায়েবিলিটী গেপ ফাণ্ডিং (ভিজিএফ) মডেলৰ জৰিয়তে নলকাটা আনাৰস সংসাধন গোটৰ পুনৰুজ্জীৱনত আলোকপাত কৰে। এই সুবিধাই আনাৰস ভিত্তিক সামগ্ৰীৰ বাবে বাণিজ্যিক পৰ্যায়ৰ সংসাধন আৰু মূল্য সংযোজনক সমৰ্থন কৰিব।

অভিযানৰ জৈৱ অৰ্থনীতি কৌশলৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান আৱৰ্জনা হিচাপে পেলোৱা আনাৰস উদ্যোগটোৰ প্ৰায় ৬০ শতাংশ ব্ৰ’মেলিন নিষ্কাশন, আনাৰস পাতৰ আঁহ (পিএলএফ) প্ৰক্ৰিয়াকৰণ আৰু জিআই ব্ৰেণ্ডেড মিঠাই ইউনিট-ৰ জৰিয়তে মূল্য সংযোজিত সামগ্ৰীলৈ ৰূপান্তৰিত কৰা হ’ব। তেওঁ গুৰুত্ব দি কয় যে এই হস্তক্ষেপে মহিলা আত্ম সহায়ক গোট, জনজাতীয় সম্প্ৰদায় আৰু গ্ৰাম্য উদ্যোগীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ লগতে আনাৰস খেতিৰ চাৰিওফালে বৃত্তাকাৰ অৰ্থনীতি শক্তিশালী কৰিব।

উন্মোচন কাৰ্যসূচীৰ অংশ হিচাপে আনাৰস অভিযান ওপৰসন্দৰ্ভত এখন চুটি ছবি প্ৰদৰ্শন কৰা হয়, তাৰ পিছত ত্ৰিপুৰাৰ প্ৰগতিশীল আনাৰস খেতিয়কসকলৰ সৈতে মত বিনিময় আৰু বিনিয়োগকাৰী আৰু উদ্যোগ প্ৰতিনিধিসকলৰ মন্তব্য গ্ৰহণ কৰা হয়।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী অধ্যাপক(ড°) মাণিক সাহাই কয় যে আনাৰসক ত্ৰিপুৰাৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে। তেওঁ আলোকপাত কৰে যে ত্ৰিপুৰাৰ বিখ্যাত ৰাণী আৰু কিউ জাতৰ আনাৰসৰ খেতি ৰাজ্যখনৰ পাহাৰীয়া ভূখণ্ডত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈয়ে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে কৰা হয়, যাৰ ফলত ই ব্যতিক্ৰমীভাৱে মিঠা, ৰসাল আৰু সুগন্ধিযুক্ত হয়।

তেওঁ আৰু কয় যে ৰাজ্য চৰকাৰে কৃষকৰ আয় বৃদ্ধি আৰু গ্ৰামাঞ্চলত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে মূল্য সংযোজন, খাদ্য প্ৰক্ৰিয়াকৰণ, পেকেজিং, ব্ৰেণ্ডিং আৰু বজাৰ সংযোগক প্ৰসাৰিত কৰিছে। উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সমৰ্থনত আস্থা প্ৰকাশ কৰি তেওঁ কয় যে এই পদক্ষেপে উৎপাদনশীলতাৰ ব্যৱধান দূৰ কৰাত সহায় কৰিব আৰু ত্ৰিপুৰাৰ আনাৰসক বিশ্বব্যাপী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিব।

ত্ৰিপুৰাৰ কৃষি মন্ত্ৰী শ্ৰীযুত ৰতন লাল নাথেও অভিযান-ৰ উদ্দেশ্য সন্দৰ্ভত আলোকপাত কৰি উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়-ক এই পদক্ষেপ গ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

ড’নাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে তেওঁৰ প্ৰস্তাৱনামূলক ভাষণত অভিযানৰ ৰূপায়ণ কাঠামোৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে আৰু ত্ৰিপুৰা ৰাণী আনাৰসৰ সম্পূৰ্ণ অৰ্থনৈতিক সম্ভাৱনা মুকলি কৰিবলৈ মিছন-ম’ড পদ্ধতি গ্ৰহণৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। তেওঁ আঙুলিয়াই দিয়ে যে ভাৰতৰ আটাইতকৈ সুগন্ধি আৰু কম আঁহযুক্ত আনাৰসৰ জাতৰ ভিতৰত থকাৰ পিছতো বৰ্তমান ক্ষুদ্ৰ খেতিয়কসকলে ফাৰ্মগেট পৰ্যায়ত প্ৰতি কিলোগ্ৰামত মাত্ৰ ৬–১০ টকাহে লাভ কৰে, আনহাতে সংসাধিত আৰু ৰপ্তানি গ্ৰেডৰ সামগ্ৰীয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট বেছি মূল্য আদায় কৰিব পাৰে।

সচিবগৰাকীয়ে আৰু আলোকপাত কৰে যে এই অভিযানে চপোৱাৰ পিছৰ লোকচান, সংহত শীতল শৃংখলৰ আন্তঃগাঁথনিৰ অভাৱ, বাণিজ্যিক পৰ্যায়ৰ প্ৰক্ৰিয়াকৰণৰ সুবিধাৰ অনুপস্থিতি, দুৰ্বল ব্ৰেণ্ডিং আৰু সীমিত গাঁথনিগত জিআই মুদ্ৰাকৰণ আৰু ক্ৰেতা-সংযোগ ব্যৱস্থাকে ধৰি খণ্ডটোৰ গাঁথনিগত বৃহত্ ব্যৱধানসমূহ পদ্ধতিগতভাৱে সমাধান কৰিব বিচাৰে।

মিছনৰ কাৰ্যকলাপসমূহৰ ভিতৰত জিআই অনুমোদন কৰ্মশালা, কিউআৰ ভিত্তিক ট্ৰেচেবিলিটী ব্যৱস্থা, জিআই মুদ্ৰাকৰণৰ কাঠামো, ক্ৰেতা-বিক্ৰেতাৰ সন্মিলন, জৈৱিক প্ৰমাণীকৰণ সমৰ্থন, ৰপ্তানি-প্ৰস্তুতিৰ ব্যৱস্থা আৰু ২৭ জুনত আন্তঃৰাষ্ট্ৰীয় আনাৰস দিৱস-ৰ সৈতে সংগতি ৰাখি “ত্ৰিপুৰা ৰাণী আনাৰস উৎসৱ”ৰ দৰে বাৰ্ষিক ধ্বজাবাহী অনুষ্ঠানসমূহো অন্তৰ্ভুক্ত কৰা হ’ব।

অবিযানৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে বহনক্ষম জীৱিকা, কৃষকৰ নেতৃত্বত মূল্য সৃষ্টি আৰু ৰপ্তানিমুখী বৃদ্ধি শক্তিশালী কৰাৰ লগতে ত্ৰিপুৰা ৰাণী আনাৰসক বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত প্ৰিমিয়াম ব্ৰেণ্ডলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

উন্মোচনী অনুষ্ঠানত ড’নাৰ মন্ত্ৰালয় আৰু ত্ৰিপুৰা চৰকাৰৰ বিষয়াসকলৰ লগতে কৃষক, উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলেও অংশগ্ৰহণ কৰে।

 

 

*******

PS/KB


(ৰিলিজ আই ডি : 2266153) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: Kannada , Khasi , English , Urdu , हिन्दी , Manipuri