প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
26 MAY 2026 7:59PM by PIB Guwahati
আজি নতুন দিল্লীত জাপানৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী টোছিমিটছু মোটেগীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
বৈঠকত শ্ৰী মোদীয়ে সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল তথা ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে পুনৰ দৃঢ়তাৰে কয়।
দুয়োগৰাকী নেতাই অঞ্চলটোৰ লগতে বিশ্বৰ স্বাৰ্থত ভাৰত- জাপানৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত দিয়া পোষ্টত এনেদৰে কয়;
‘জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী টোছিমিটছু মোটেগীক লগ পাই আনন্দিত হৈছো।ভাৰত-জাপান বিশেষ কৌশলগত তথা বিশ্বজোৰা অংশীদাৰিত্বৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ লগতে সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰত শান্তি, স্থিতিশীলতা তথা সমৃদ্ধি আগুৱাই নিয়াৰ ক্ষেত্ৰত পুনৰ দৃঢ়তা প্ৰকাশ কৰিলো।
@moteging”
***
MJPS/SS/ST/DM
(ৰিলিজ আই ডি : 2265707)
অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam