বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

অটোৱাত উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত পীয়ুষ গোৱেল, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ ভাৰত-কানাডা চিইপিএক "গেম চেঞ্জাৰ" আখ্যা

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে চিইপিএ আলোচনা বৃদ্ধি কৰিবলৈ আৰু দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক পুনৰুজ্জীৱিত কৰিবলৈ কানাডালৈ এতিয়ালৈকে সৰ্ববৃহৎ ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলৰ নেতৃত্ব দিছে

পীয়ুষ গোৱেল আৰু কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ সময়ত ভাৰত-কানাডাৰ ২০২৬ চনৰ শেষৰ ফালে সন্তুলিত চিইপিএ সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত

খাদ্য সুৰক্ষা আৰু কৃষি-প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা ব্যাপক কৰিবলৈ পীয়ুষ গোৱেলৰ কানাডাৰ কৃষি মন্ত্ৰী হিথ মেকডোনাল্ডৰ সৈতে আলোচনা

পীয়ুষ গোৱেল, কানাডাৰ বৈদেশিক মন্ত্ৰী অনিতা আনন্দৰ ভাৰত-কানাডাৰ কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালীকৰণ সন্দৰ্ভত আলোচনা

পোষ্ট কৰা হৈছে: 26 MAY 2026 10:54AM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কানাডাৰ অটোৱাত উপস্থিত হৈছে। ভাৰত-কানাডাৰ অৰ্থনৈতিক সম্পৰ্কৰ সম্পূৰ্ণ পুনৰুজ্জীৱিত কৰাৰ দিশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে ১০০ৰো অধিক কোম্পানীৰ উদ্যোগৰ নেতৃবৰ্গক লৈ কানাডা ভ্ৰমণ কৰা সৰ্ববৃহৎ ভাৰতীয় ব্যৱসায়িক প্ৰতিনিধি দলক তেওঁ নেতৃত্ব দিছে। ২৫ মে’ত অটোৱা আৰু ২৬–২৭ মে’ত ট’ৰণ্টো ভ্ৰমণৰ কাৰ্যসূচীৰে কানাডালৈ তিনিদিনীয়া ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত আৰু কানাডাৰ মাজত দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক উন্নীত কৰা, বিশেষকৈ ভাৰত-কানাডা বিস্তৃত অৰ্থনৈতিক অংশীদাৰী চুক্তি (চিইপিএ)ৰ চলি থকা আলোচনা দ্রুততাৰে আগবঢ়োৱা।

ভ্ৰমণৰ প্ৰথম দিনা অটোৱাত গোৱেলে কানাডাৰ জ্যেষ্ঠ নেতা আৰু মন্ত্ৰীসকলৰ সৈতে বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, কৃষি আৰু কৌশলগত খণ্ডত দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰিবলৈ কেইবাটাখনো উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়।

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীক ফোন কৰি গোৱেলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী কাৰ্নীৰ শেহতীয়া ভাৰত ভ্ৰমণৰ কথাও স্মৰণ কৰে, যিয়ে ভাৰত-কানাডা অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিছিল আৰু নতুন আত্মবিশ্বাস প্ৰদান কৰিছিল। দুয়োপক্ষই একাধিক ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা অধিক ব্যাপক কৰাৰ ওপৰত ইতিবাচক আলোচনা কৰে আৰু ভাৰত-কানাডা চিইপিএ দ্ৰুত সম্পন্ন হ’ব বুলি আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী কাৰ্নীয়ে দৃঢ়তাৰে কয় যে ভাৰতৰ সৈতে প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তি এক “গেম চেঞ্জাৰ” হ'ব, যিয়ে এক বিশাল নতুন বজাৰ মুকলি কৰিব। দুয়োপক্ষই এক সন্তুলিত, বাণিজ্যিকভাৱে অৰ্থপূৰ্ণ আৰু উচ্চাকাংক্ষী ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে আৰু তেওঁলোকৰ নিজ নিজ দলক এনে এক চুক্তিৰ দিশত কাম কৰিবলৈ নিৰ্দেশ দিয়ে যিয়ে অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰে আৰু দুয়োখন ৰাষ্ট্ৰৰ বাণিজ্য আৰু নাগৰিকক স্পষ্টভাৱে উপকৃত কৰে।

 

গোৱেলে কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিদ্ধুৰ সৈতে ভাৰত-কানাডা চিইপিএ আলোচনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো গঠনমূলক দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে এতিয়ালৈকে সম্পন্ন হোৱা আলোচনাৰ ফলাফলৰ পৰ্যালোচনা কৰে আৰু বাণিজ্য আৰু বিনিয়োগৰ প্ৰবাহ সম্প্ৰসাৰণৰ বাবে ভৱিষ্যতৰ সুযোগসমূহ চিনাক্ত কৰে। দুয়োপক্ষই ২০২৬ চনৰ শেষৰ ফালে এক সন্তুলিত আৰু পাৰস্পৰিকভাৱে লাভজনক চুক্তি সম্পন্ন কৰাৰ সংকল্প পুনৰ নিশ্চিত কৰে।

 

পৰিকল্পনা কৰা চিইপিএ-য়ে অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰিব আৰু দুয়োখন দেশৰ ব্যৱসায় আৰু নাগৰিকক স্পষ্ট লাভালাভ প্ৰদান কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক ইয়াৰ সম্পূৰ্ণ সামৰ্থ্যলৈ ব্যাপক হৈ পৰিব।

 

কানাডাৰ কৃষি আৰু কৃষি-খাদ্য মন্ত্ৰী হিথ মেকডোনাল্ডৰ সৈতে এক ফলপ্ৰসূ বৈঠকত খাদ্য সুৰক্ষা, বহনক্ষমতা আৰু কৃষি-প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দি কৃষিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দুয়োপক্ষই খাদ্য সংসাধন খণ্ডত সহযোগিতাৰ অৰ্থপূৰ্ণ সুযোগৰ অন্বেষণ কৰে। এই কথাৰ ওপৰত আলোকপাত কৰা হয় যে এনে সহযোগিতাই ভাৰতীয় কৃষক আৰু উৎপাদকসকলৰ উপাৰ্জন বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, লগতে দুয়োখন দেশৰ মাজত অধিক কৃষি সংহতিত অৰিহণা যোগাব।

 

গোৱেলে কানাডাৰ বৈদেশিক মন্ত্ৰী অনিতা আনন্দৰ সৈতেও বিস্তৃত আলোচনা কৰে আৰু ভাৰত-কানাডা কৌশলগত অংশীদাৰিত্বৰ বাবে বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তি সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সম্প্ৰসাৰিত আন্তঃগাঁথনি, নৱীকৰণযোগ্য শক্তি, লজিষ্টিক, ডিজিটেল আন্তঃগাঁথনি আৰু উপভোক্তা খণ্ডসমূহক অধিক সহযোগিতা আৰু কানাডাৰ দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰাৰ কথা উল্লেখ কৰে। দুয়োপক্ষই অৰ্থনৈতিক আৰু কৌশলগত দিশত দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

গোৱেলে অটোৱাত কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিদ্ধুৱে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত মত বিনিময়ৰ জৰিয়তে এটা ফলপ্ৰসূ দিনৰ সামৰণি মাৰে। সম্বৰ্ধনা অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ জনসাধাৰণৰ আকাংক্ষা, এক সমৃদ্ধিশালী উদ্যমিতাৰ মনোভাৱ, এক বিশাল আৰু দক্ষ প্ৰতিভাৰ পুল, আৰু বজাৰৰ সুযোগ সম্প্ৰসাৰণৰ দ্বাৰা পৰিচালিত ভাৰতৰ উল্লেখযোগ্য বিকাশৰ যাত্ৰাৰ বিষয়ে কয়। গোৱেলে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

২৬-২৭  মে’ৰ পৰা গোৱেলে ট’ৰন্টোত ঘূৰণীয়া মেজমেল আৰু বি২বি সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত প্ৰতিনিধি দলক নেতৃত্ব দিব, যাৰ লক্ষ্য হৈছে মন্ত্ৰী পৰ্যায়ৰ প্ৰতিশ্ৰুতিক অগ্ৰাধিকাৰমূলক খণ্ডসমূহত দৃঢ় বাণিজ্যিক অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰা।

এই ভ্ৰমণে প্ৰধানমন্ত্ৰী কাৰ্নীৰ ২০২৬ৰ মাৰ্চত নতুন দিল্লী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাৰ্ক কাৰ্নীয়ে নিৰ্ধাৰণ কৰা সিদ্ধান্তক আগুৱাই নিছে আৰু ২০২৫ চনৰ মাজভাগৰ পৰা দুয়োখন দেশৰ মাজত ধাৰাবাহিকভাৱে উচ্চ পৰ্যায়ৰ সম্পৰ্ক গঢ়ি উঠিছে।

২০২৫ চনৰ মাৰ্চত প্ৰাসঙ্গিক চৰ্তসমূহ স্বাক্ষৰ কৰাৰ পিছত চিইপিএ আলোচনা দ্ৰুতগতিত আগবাঢ়িছে। প্ৰথম পৰ্যায়ৰ ভাৰ্চুৱেল আলোচনা ২০২৬ চনৰ মাৰ্চত অনুষ্ঠিত হৈছিল, তাৰ পিছত দ্বিতীয় পৰ্যায়ৰ আলোচনা ২০২৬ৰ ৮ মে’ত সমাপ্ত হৈছিল। মন্ত্ৰী গোৱেলৰ ভ্ৰমণৰ সমান্তৰালভাৱে চলি থকা ২৫-২৯ মে’ৰ পৰা অটোৱাত একেসময়তে কাৰিকৰী আলোচনা চলি আছে, যিয়ে দুয়োপক্ষই এই প্ৰক্ৰিয়াটোৰ প্ৰতি দিয়া গুৰুত্ব আৰু গতিৰ ইংগিত দিয়ে।

শক্তি, খনন, অটোমোটিভ সামগ্ৰী, ঔষধ, দূৰ সংযোগ, কৃত্ৰিম বুদ্ধিমত্তা, চামৰা আৰু বস্ত্ৰকে ধৰি খণ্ডসমূহৰ পৰা অহা ১০০ৰো অধিক উদ্যোগৰ প্ৰতিনিধিবৰ্গই দুয়োপক্ষই মুকলি কৰিবলৈ বিচৰা সুযোগৰ প্ৰসাৰক প্ৰতিফলিত কৰে।

বৰ্তমান দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ প্ৰায় ৮.৫ বিলিয়ন আমেৰিকান ডলাৰ হোৱাৰ লগে লগে দুয়োখন চৰকাৰে ২০৩০ চনৰ ভিতৰত ইয়াক ৫০ বিলিয়ন আমেৰিকান ডলাৰলৈ সম্প্ৰসাৰণ কৰাৰ এক উচ্চাভিলাষী অংশীদাৰী লক্ষ্য নিৰ্ধাৰণ কৰিছে।

***

Abhishek Dayal/ Garima Singh/ Ishita Biswas/HS


(ৰিলিজ আই ডি : 2265453) অতিথি কক্ষ : 5