পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ, যোৱা ৭২ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজ বা ভাৰতীয় ক্ৰু থকা বিদেশী জাহাজৰ সৈতে জড়িত কোনো কাণ্ড সংঘটিত হোৱা নাই
এল পি জি চিলিণ্ডাৰৰ টেম্পাৰিং ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড ভিত্তিক ডেলিভাৰী প্ৰায় ৯৬ শতাংশ বৃদ্ধি
কালিলৈকে MYPNGD.in ৱেবছাইটৰ জৰিয়তে ৫৮,৫০০ৰো অধিক পিএনজি গ্ৰাহকে নিজৰ এলপিজি সংযোগ প্ৰত্যাহাৰ কৰে
সমগ্ৰ দেশৰ সকলো পেট্ৰ’ল পাম্পতে পেট্ৰ’ল আৰু ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত আছে
प्रविष्टि तिथि:
21 MAY 2026 8:08PM by PIB Guwahati
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নিয়মীয়াকৈ তথ্য যোগানেৰে নাগৰিকসকলক অৱগত কৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদমেল অনুষ্ঠিত হয়, য’ত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্যকলাপ আৰু মূল খণ্ডসমূহত স্থিতিশীলতা বৰ্তাই ৰাখিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে শেহতীয়া তথ্য প্ৰদান কৰে।
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ে শেহতীয়া তথ্য প্ৰদান কৰি পশ্চিম এছিয়াৰ বিকশিত পৰিস্থিতিত পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰে। ইয়াত লগতে কোৱা হৈছে যে-
জনসাধাৰণলৈ পৰামৰ্শ আৰু নাগৰিক সজাগতা
- পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাই থকাৰ বাবে নাগৰিকসকলক পেট্ৰ’ল, ডিজেল, এল পি জিৰ আতংকিত ক্ৰয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
- উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
- এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
- নাগৰিকসকলক পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে।
- সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ সকলো নাগৰিককে অনুৰোধ জনোৱা হৈছে।
চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা
- বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি, ঘৰুৱা পি এন জি, আৰু চি এন জি (পৰিবহণ)ৰ ১০০% যোগান নিশ্চিত কৰিছে।
- বাণিজ্যিক এল পি জিৰ বাবে চিকিৎসালয় আৰু শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হৈছে। তদুপৰি ঔষধ, তীখা, অটোম’বাইল, বীজ, কৃষি আদি খণ্ডকো অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰি ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চৰ গড় দৈনিক যোগানৰ ভিত্তিত প্ৰব্ৰজিত শ্ৰমিকসকলক ৫ কিলোগ্ৰাম এফটিএলৰ যোগান দুগুণ কৰা হৈছে।
- শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিংৰ ব্যৱধান ২১ দিন আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা, যোগানৰ বাবে অঞ্চলসমূহক অগ্ৰাধিকাৰ দিয়াকে ধৰি চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টা
- অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত ৰাজ্য চৰকাৰসমূহক যোগানৰ ওপৰত নিৰীক্ষণ আৰু জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে।
- পেট্ৰ’ল, ডিজেল, এল পি জিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰে প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব। ভাৰত চৰকাৰে কেইবাখনো চিঠি আৰু ভিডিঅ’ বাৰ্তাৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই কথা নিশ্চিত কৰিছে।
- নাগৰিকসকলক পৰ্যাপ্ত ইন্ধন উপলব্ধতাৰ সন্দৰ্ভত আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ আছে। এই প্ৰসংগত ০২.০৪.২০২৬ (পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবৰ অধ্যক্ষতাত) আৰু ০৬.০৪.২০২৬ তাৰিখে (পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবৰ অধ্যক্ষতাত, তথ্য আৰু সম্প্ৰচাৰ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিবসকলৰ সৈতে) বৈঠক অনুষ্ঠিত হয়, য’ত তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়:
⮚ দৈনিক সংবাদ বিবৃতি আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
⮚ ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি/ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু প্ৰতিহত কৰা।
⮚ জিলা প্ৰশাসনৰ দ্বাৰা দৈনিক বলৱৎকাৰী অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সমন্বয়ত অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা।
⮚ পিএনজিলৈ বিকল্প ইন্ধন গ্ৰহণ আৰু প্ৰচাৰ কৰা।
⮚ বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এল পি জিৰ যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিতিশীলতা নিশ্চিত কৰিবলৈ ৫ কিলোগ্ৰাম এফ টি এল চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰিত বিতৰণ গ্ৰহণ কৰা।
বলৱৎকাৰী আৰু নিৰীক্ষণ ব্যৱস্থা
- এল পি জি জমা আৰু ক’লা বিপণন ৰোধৰ বাবে সমগ্ৰ দেশতে বিধি বলৱৎকাৰী অভিযান অব্যাহত আছে। যোৱা তিনিদিনত সমগ্ৰ দেশত ৫ হাজাৰৰো অধিক অভিযান চলাইছিল।
- একেদৰে ৰাজহুৱা খণ্ডৰ অধীনস্থ (পিএছইউ)ৰ অ’এমচিৰ বিষয়াসকলৰ আকস্মিক পৰিদৰ্শনো চলি আছে, আৰু যোৱা তিনিদিনৰ ভিতৰত ৩,১০০ৰো অধিক আৰঅ’ আৰু এলপিজি বিতৰকত পৰিদৰ্শন কৰা হৈছে।
- পিএছইউৰ অ’এমচিসমূহে আকস্মিক পৰিদৰ্শন শক্তিশালী ৰূপত অব্যাহত ৰাখিছে আৰু ৪৬৩জন এলপিজি বিতৰকক জৰিমনা বিহাৰ লগতে কালিলৈকে ৮১জন এলপিজি বিতৰকক নিলম্বন কৰা হৈছে।
এল পি জি যোগান
ঘৰুৱা এল পি জি যোগানৰ অৱস্থা:
- সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে এল পি জি যোগানত প্ৰভাৱ পৰিছে।
- ঘৰুৱা ব্যৱহাৰৰ বাবে এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে।
- এল পি জি বিতৰকৰ পৰা কোনো ধৰণৰ যোগানত ব্যাঘাত জন্মা নাই।
- উদ্যোগটোৰ ভিত্তিত কালি অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং প্ৰায় ৯৯ শতাংশ বৃদ্ধি পাইছে।
- জালিয়াতি ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (ডি এ চি) ভিত্তিক ডেলিভাৰী প্ৰায় ৯৬ শতাংশ বৃদ্ধি পাইছে। গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত ডিএচি লাভ কৰা হয়।
- যোৱা তিনি দিনত প্ৰায় ১ কোটি ৩৪ লাখ এল পি জি বুকিঙৰ বিপৰীতে প্ৰায় ১ কোটি ৩২ লাখ এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হৈছে।
- কালি প্ৰায় ৪৫.৩৬ লাখ এল পি জি চিলিণ্ডাৰৰ বুকিং হোৱাৰ বিপৰীতে প্ৰায় ৪৭.৫১ লাখ এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হয়।
বাণিজ্যিক এল পি জি যোগান আৰু আবণ্টনৰ ব্যৱস্থা :
- সংস্কাৰৰ পূৰ্বৰ ১০ শতাংশ আবণ্টনকে ধৰি মুঠ বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ প্ৰায় ৭০ শতাংশলৈ বৃদ্ধি কৰা হৈছে।
- যোৱা ৩ দিনত প্ৰায় ১.৮৭ লাখ ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছিল।
- ২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা পিএছইউৰ অ’এমচিয়ে ৫ কেজি এফটিএল চিলিণ্ডাৰৰ বাবে ১৪,৫০০ৰো অধিক সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ২.৩৪ লাখতকৈ অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
- কালি প্ৰায় ৩৪৮টা শিবিৰৰ জৰিয়তে প্ৰায় ৪,৯১৯টা ৫ কেজিৰ এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হয়।
- আই অ’ চি এল, এইচ পি চি এল, আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকসকলে গঠিত তিনিজনীয়া সমিতিয়ে ৰাজ্যিক বিষয়া আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে আলোচনা কৰি ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত বাণিজ্যিক এল পি জি বিক্ৰীৰ পৰিকল্পনা চূড়ান্ত কৰে।
- ২৬ মে’ৰ পৰা মুঠ ১,৩২,৩৪১ মেট্ৰিক টন বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।
- যোৱা ৩ দিনত মুঠ ২৩,৫৮৮ মেট্ৰিক টন বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।
- যোৱা ৩ দিনত ৰাজহুৱা খণ্ডৰ আণ্ডাৰটেকিংছ (পিএছইউ) অ’এমচি কোম্পানীয়ে প্ৰায় ৯৬৩ মেট্ৰিক টন অটো এলপিজি বিক্ৰী কৰিছে।
প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ
- ডি-পিএনজি আৰু চিএনজি-ট্ৰেন্সপ’ৰ্টত ১০০% যোগান নিশ্চিত কৰি গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে।
- চিজিডি নেটৱৰ্কৰ জৰিয়তে যোগানকে ধৰি অন্যান্য ঔদ্যোগিক আৰু বাণিজ্যিক খণ্ডলৈ গেছৰ যোগান ৮০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে।
- চিজিডি সত্তাসমূহক বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সৈতে জড়িত উদ্বেগসমূহৰ সমাধানৰ বাবে তেওঁলোকৰ সকলো চৰকাৰী খণ্ডৰ হোটেল, ৰেষ্টুৰেণ্ট আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।
- ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন ক্ষিপ্ৰতাৰে কৰিবলৈ অনুৰোধ কৰা হৈছে।
- ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত ১০ শতাংশ বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ দিছে, যদিহে তেওঁলোকে এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত সহায় কৰিব পাৰে।
- ২২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।
- ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ ৰাজপত্ৰৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধাসমূহ বিস্তাৰ, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ জৰিয়তে) আদেশ, ২০২৬ অধিসূচনা কৰিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুশৃংখলিত আৰু সময়োপযোগী কাঠামো প্ৰদান কৰে, অনুমোদন আৰু ভূমি উপলব্ধতাৰ পলম দূৰ কৰে, আৰু আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত উন্নয়ন সক্ষম কৰে। ইয়াৰ দ্বাৰা প্ৰাকৃতিক গেছ নেটৱৰ্ক বিকাশ ত্বৰান্বিত হ’ব, শেষ মাইলৰ সংযোগ উন্নত হ’ব, আৰু স্বচ্ছ ইন্ধনলৈ পৰিৱৰ্তনত সহায় হ’ব, যাৰ ফলত শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতি উন্নত হ’ব।
- পিএনজিআৰবিয়ে চিজিডি সত্তাসমূহক ডি-পিএনজি সংযোগ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ৰাষ্ট্ৰীয় পিএনজি ড্ৰাইভ ২.০ ৩০.০৬.২০২৬ লৈ বৃদ্ধি কৰা হৈছে।
- স্বচ্ছ, অধিক সুৰক্ষিত, আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতৰ প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে আদৰ্শ ৰাজ্যিক বাণিজ্যিক গেছ (চিবিজি) নীতিৰ খচৰা প্ৰস্তুত কৰিছে। এই আৰ্হি নীতিৰ লক্ষ্য হৈছে ৰাজ্যসমূহে চিবিজি উন্নয়নৰ বাবে নিজৰ বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ আৰু ৰূপায়ণমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰিবলৈ এক বিস্তৃত, শক্তিশালী পথ প্ৰদৰ্শক কাঠামো প্ৰদান কৰা। এই নীতি গ্ৰহণ কৰা ৰাজ্যসমূহক অতিৰিক্ত বাণিজ্যিক এল পি জি আবণ্টনৰ পৰৱৰ্তী খণ্ডত অগ্ৰাধিকাৰ দিয়া হ’ব।
- ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা প্ৰায় ৭.৬৪ লাখ পিএনজি সংযোগ গেছীকৰণ কৰা হৈছে আৰু অতিৰিক্ত ২.৮১ লাখ সংযোগৰ বাবে আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে, যাৰ ফলত মুঠ সংযোগৰ সংখ্যা ১০.৪৫ লাখ হৈছে। ইয়াৰ উপৰি প্ৰায় ৭.৯৯ লাখ গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে।
- ২০.০৫.২০২৬ তাৰিখলৈকে ৫৮,৫০০ৰো অধিক পিএনজি গ্ৰাহকে এমৱাইপিএনজিডি.ইন ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ প্ৰত্যাহাৰ কৰিছে।
খাৰুৱা তেলৰ পৰিস্থিতি আৰু শোধনাগাৰৰ কাৰ্যকলাপ
- সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ মজুতৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
- ঘৰুৱা ব্যৱহাৰ পূৰণৰ বাবে শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
- ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টক যোগান নিশ্চিত কৰাৰ বাবে আন্তঃমন্ত্ৰালয়ৰ যুটীয়া কাৰ্যগোট (জেডব্লিউজি) গঠন কৰা হৈছে। ফলস্বৰূপে ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশৰ জৰিয়তে পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি তেল শোধনাগাৰ কোম্পানীসমূহক উচ্চ প্ৰযুক্তি কেন্দ্ৰই (চিএইচটি) চিনাক্ত কৰা জটিল খণ্ডসমূহলৈ নূন্যতম পৰিমাণৰ চি ৩ আৰু চি ৪ ধাৰা উপলব্ধ কৰাৰ অনুমতি প্ৰদান কৰিছে।
- ঔষধ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল বিভাগ (ডিচিপিচি), আৰু উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)ৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত এলপিজি পুলৰ পৰা প্ৰতিদিনে ১১২০ মেট্ৰিক টন চি ৩-চি৪ অণু ফাৰ্মা, ৰাসায়নিক, আৰু ৰং খণ্ডৰ কোম্পানীসমূহক যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।
- ২০২৬ চনৰ ১ মে’ৰ পৰা মুম্বাই, কোচি, বিজাগ, চেন্নাই, মথুৰা আৰু গুজৰাট শোধনাগাৰে কেমিকেল, ফাৰ্মা আৰু পেইণ্ট ইণ্ডাষ্ট্ৰীক প্ৰায় ১০৬০০ মেট্ৰিক চি ৩-চি৪ অণু (প্ৰ’পাইলিন আৰু বুটাইলিনকে ধৰি) আৰু প্ৰায় ৩৯৪০ মেট্ৰিক বুটাইল এক্ৰিলেট বিক্ৰী কৰিছে।
খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণ ব্যৱস্থা
- সমগ্ৰ দেশৰ সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।
- মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। এই প্ৰভাৱৰ পৰা গ্ৰাহকক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰি এই বোজাৰ এটা অংশ বহন কৰাৰ সিদ্ধান্ত লৈছে।
- ১৫.০৫.২০২৬ তাৰিখৰ গেজেট অধিসূচনাৰ জৰিয়তে ভাৰত চৰকাৰে ডিজেলৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২৩ টকাৰ পৰা প্ৰতি লিটাৰত ১৬.৫০ টকালৈ আৰু এটিএফৰ ওপৰত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৩৩ টকাৰ পৰা ১৬ টকালৈ হ্ৰাস কৰিছে। ইয়াৰ উপৰি পেট্ৰ’লৰ ওপৰত ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৩ টকালৈ হ্ৰাস কৰা হৈছে।
- সমগ্ৰ দেশৰ সকলো পেট্ৰ’ল পাম্পতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত উপলব্ধ।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচলৰ কাৰ্যকলাপ
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰ্চী উপসাগৰৰ বৰ্তমানৰ সামুদ্ৰিক পৰিস্থিতিৰ বিষয়ে এক আপডেট প্ৰদান কৰে, য’ত অঞ্চলটোত ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিশদ বিৱৰণ দিয়া হয়। ইয়াত উল্লেখ কৰা আছিল :
- বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় দূতাবাস, আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে নাৱিকসকলৰ কল্যাণ আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্যকলাপ নিশ্চিত কৰিব পৰা যায়।
- অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ, আৰু যোৱা ৭২ ঘণ্টাত ভাৰতৰ পতাকা থকা জাহাজ বা ভাৰতীয় ক্ৰু থকা বিদেশী জাহাজৰ সৈতে জড়িত কোনো কাণ্ড সংঘটিত হোৱা নাই।
- সক্ৰিয় হোৱাৰ পিছৰে পৰা জাহাজ সঞ্চালকালয় (ডি জি শ্বিপিং) নিয়ন্ত্ৰণ কক্ষই ১০,১০৬টা কল আৰু ২২,২১৫টাতকৈও অধিক ইমেইল লাভ কৰিছে। যোৱা ৭২ ঘণ্টাত নাৱিক, তেওঁলোকৰ পৰিয়াল আৰু সামুদ্ৰিক অংশীদাৰসকলৰ পৰা মুঠ ৪০৪টা ফোন আৰু ৯০৩টা ইমেইল লাভ কৰা হৈছে।
- মন্ত্ৰালয়ে জাহাজ পৰিবহণ সঞ্চালকালয়ৰ জৰিয়তে এতিয়ালৈকে যোৱা ৭২ ঘণ্টাত উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা ৯৯ জন নাৱিককে ধৰি ৩,৩১৬ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে উভতি অহাৰ সুবিধা প্ৰদান কৰিছে।
- সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিকভাৱে অব্যাহত আছে আৰু কোনো ধৰণৰ আবদ্ধ হৈ থকাৰ খবৰ পোৱা নাই।
***
TM/KD
(रिलीज़ आईडी: 2263914)
आगंतुक पटल : 52
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam