প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰীত প্ৰধানমন্ত্ৰীৰ ভাষণ

পোষ্ট কৰা হৈছে: 18 MAY 2026 5:00AM by PIB Guwahati

মাননীয়, প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰছন,

মাননীয়া উৰছুলা জী,

মাননীয় ৰাজ কুঁৱৰী,

ভলভো গ্ৰুপৰ অধ্যক্ষ আৰু চিইঅ’,

ইউৰোপিয়ান ৰাউণ্ড টেবুলৰ অধ্যক্ষ,

ইয়াত উপস্থিত থকা ইউৰোপৰ বাণিজ্য ক্ষেত্ৰৰ আগশাৰীৰ নেতৃবৃন্দ,

ভদ্রমহিলা আৰু মহোদয়সকল,

নমস্কাৰ!

সৰ্বপ্ৰথমে, মোক এই ৰাউণ্ড টেবুললৈ আমন্ত্ৰণ জনোৱাৰ বাবে মই প্ৰধানমন্ত্ৰী ক্ৰিষ্টাৰছনৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। মই সুখী যে এই বৈঠকখন "গোথেনবাৰ্গ"ত অনুষ্ঠিত হৈছে। ই হৈছে এনে এখন চহৰ যি উদ্ভাৱনৰ লগতে ইউৰোপৰ উৎপাদন মনোভাৱৰ এক উজ্জীৱিত প্ৰতীক।

বন্ধুসকল,

উদ্যোগৰ বাবে ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰীৰ দৰে এক সন্মানীয় মঞ্চক সম্বোধন কৰাটো মোৰ বাবে এক সন্মানৰ বিষয়।

মই আপোনালোকৰ কিছুসংখ্যকক আগতে লগ পাইছো। কিছু সংখ্যকক মই আজি প্ৰথমবাৰৰ বাবে লগ পাইছো। কিন্তু এটা কথা নিশ্চিত যে আপোনালোক সকলোৱে কিবা নহয় কিবা ধৰণে ভাৰতৰ সৈতে সম্পৰ্কিত হৈ আছে।

কাৰোবাৰ উৎপাদন ভাৰতত হয়। কাৰোবাৰ গৱেষণা আৰু উন্নয়ন ভাৰতত আছে। কাৰোবাৰ প্ৰতিভাৰ ভেটি ভাৰতত আছে।

কাৰোবাৰ যোগান শৃংখল ভাৰতৰ সৈতে সংযুক্ত। আৰু কোনোবাই ভাৰতত বৃহৎ বিনিয়োগ কৰি আছে। আজিৰ বৈঠকখন এই অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ এক সুযোগ।

বন্ধুসকল,

আজি ভাৰত আৰু ইউৰোপৰ মাজৰ সম্পৰ্ক এক নতুন সন্ধিক্ষণত উপনীত হৈছে। চৰকাৰৰ পৰ্যায়ত আমি এক উচ্চাকাংক্ষী আৰু কৌশলগত কাৰ্যসূচী নিৰ্ধাৰণ কৰিছো।

ভাৰত-ইউৰোপীয় ইউনিয়নৰ মাজত মুক্ত বাণিজ্য চুক্তিত সহমত হৈছে। উৰছুলাই কোৱাৰ দৰে, ই প্ৰকৃততে "সকলো চুক্তিৰ মাতৃ"। আমি ইয়াক যিমান সোনকালে সম্ভৱ ৰূপায়ণ কৰাৰ চেষ্টা কৰি আছো।

নিৰাপত্তা আৰু প্ৰতিৰক্ষা অংশীদাৰিত্ব আৰু গতিশীলতা চুক্তিয়েও আমাৰ সহযোগিতাক এক নতুন দিশ প্ৰদান কৰিছে। ভাৰত-ইউৰোপীয় ইউনিয়ন বাণিজ্য আৰু প্ৰযুক্তি পৰিষদে আমাৰ অংশীদাৰিত্বক নতুন প্ৰাতিষ্ঠানিক শক্তি প্ৰদান কৰিছে। ভাৰত আৰু ইউৰোপে ডিজিটেল প্ৰযুক্তি, যোগান শৃংখলা আৰু উদ্ভাৱনৰ এই সকলোবোৰ ক্ষেত্ৰত একেলগে কাম কৰি আছে।

ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ দৰে ঐতিহাসিক পদক্ষেপসমূহে সংযোগ আৰু অৰ্থনৈতিক একত্ৰীকৰণক নতুন গতি প্ৰদান কৰিছে। আমি সেউজ পৰিৱৰ্তন আৰু বহনক্ষম বিকাশৰ বাবে একে দৃষ্টিভংগী আৰু অগ্ৰাধিকাৰৰ অংশীদাৰ।

অৰ্থাৎ, যদি আমি বৃহৎ দৃশ্যপটৰ প্ৰতি চকু দিও তেন্তে আমাৰ মাজত গভীৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু কৌশলগত সমন্বয় আছে। ভাৰত আৰু ইউৰোপ হৈছে এক সন্তুলিত, সুৰক্ষিত আৰু বহনক্ষম বিশ্বৰ বাবে কৌশলগত অংশীদাৰ।

কিন্তু বন্ধুসকল,

চৰকাৰে কেৱল পৰিকাঠামো, পৰিকাঠামো সমৰ্থন আৰু নীতি নিৰ্দেশনাহে দিব পাৰে। আপোনালোক সকলোৰে প্ৰচেষ্টাৰ দ্বাৰাহে বাস্তৱ পৰিৱৰ্তন সম্ভৱ হ’ব। সেয়েহে আজি মই আপোনালোকক ভাৰতৰ সৈতে একেলগে কাম কৰিবলৈ আমন্ত্ৰণ জনাবলৈ আহিছো।

দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি হিচাপে ভাৰতে আজি এক নতুন আত্মবিশ্বাসেৰে আগবাঢ়ি আছে। ভাৰত হৈছে ১৪০ কোটি লোকৰ আকাংক্ষাৰ দেশ। আমাৰ যুৱ জনসংখ্যা, সম্প্ৰসাৰিত মধ্যবিত্ত শ্ৰেণী আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণে ভাৰতৰ বিকাশত নতুন গতি প্ৰদান কৰিছে।

যোৱা বাৰ বছৰত ভাৰতে সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মন্ত্ৰ অনুসৰণ কৰিছে। আৰু চৰকাৰৰ ৰাজনৈতিক ইচ্ছাশক্তিৰে এই সংস্কাৰ এক্সপ্ৰেছ সম্পূৰ্ণ গতিত আগবাঢ়িছে।

 

 

সামগ্ৰী আৰু সেৱা কৰে ভাৰতক এক ৰাষ্ট্ৰ, এক কৰ, এক বজাৰৰ দিশে আগুৱাই লৈ গৈছিল।

ইনচলভেন্সি এণ্ড বেংকৰাপচি কোডে ব্যৱসায়িক সংস্কৃতিত দায়বদ্ধতা কঢ়িয়াই আনিছে। কৰ্পোৰেট কৰ সংস্কাৰে উৎপাদনক প্ৰতিযোগিতামূলক কৰি তুলিছে। শ্ৰম সংহিতাসমূহে অনুপালনক সৰল আৰু স্বচ্ছ কৰাৰ নিৰ্দেশনা দিছে।

এফডিআই সংস্কাৰে বহুতো খণ্ডক বিশ্ব মূলধনৰ বাবে মুকলি কৰি দিছিল। পি এল আই আঁচনিসমূহে ইলেক্ট্ৰনিকছ, ঔষধ, যানবাহনৰ যন্ত্ৰাংশ, সৌৰ মডিউল, টেলিকম, বস্ত্ৰৰ দৰে বহুতো খণ্ডত উৎপাদনক গতি প্ৰদান কৰিছে।

আমি অনুপালনৰ বোজা হ্ৰাস কৰিছো। পুৰণি হাজাৰ নিয়মাৱলী বিলুপ্ত কৰা হৈছে। ব্যৱসায় কৰাৰ সূচলতা প্ৰশাসনৰ এক অংশ হৈ পৰিছে। ডিজিটেল ইণ্ডিয়াই ৰাজহুৱা সেৱাসমূহ অধিক স্বচ্ছ, দক্ষ আৰু সুলভ কৰি তুলিছে।

ভাৰতত আজি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ আছে। আমাৰ ষ্টাৰ্টআপসমূহে কৃত্ৰিম  বুদ্ধিমত্তা, ফিনটেক, মহাকাশ, ড্ৰোন, জৈৱ-প্ৰযুক্তি, জলবায়ু প্ৰযুক্তি আৰু গতিশীলতাৰ ক্ষেত্ৰত বিশ্বব্যাপী সমাধান সৃষ্টি কৰি আছে।

আজি ভাৰতত প্ৰতিভা, পৰিসৰ, চাহিদা, স্থিৰতা আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ভাৰতত ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তি আছে। সেয়েহে এতিয়া অভিপ্ৰায়ৰ পৰা বিনিয়োগলৈ যোৱাৰ সময়।

এই সন্দৰ্ভত মই আপোনালোকক পাঁচটা পৰামৰ্শ দিব বিচাৰো।

প্ৰথমতেঃ টেলিকম আৰু ডিজিটেল আন্তঃগাঁথনি। ভোডাফোন, এৰিকছন, নোকিয়া, অৰেঞ্জ আদিৰ দৰে কোম্পানীসমূহৰ ভাৰতত বিশাল অভিজ্ঞতা আছে।৫জিৰ পৰা ৬জি পৰিৱৰ্তন, এআই-সক্ষম নেটৱৰ্ক, সুৰক্ষিত সংযোগ, আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ভাৰত এক ডাঙৰ অংশীদাৰ হ’ব পাৰে। আপোনালোক সকলোৱে ভাৰতক বিশ্বৰ গৱেষণা আৰু উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত অৰিহণা যোগাব পাৰে।

দ্বিতীয়তেঃ এআই, ছেমিকণ্ডাক্টৰ, ইলেক্ট্ৰনিকছ আৰু ডিপ-টেক মেনুফেক্সাৰিং। আজি ইয়াত এ এছ এম এল, এন এক্স পি, এছ এ পি, কেপজেমিনিৰ দৰে নেতাসকল উপস্থিত আছে। মই আপোনালোকক ভাৰতৰ দ্ৰুতগতিত বিকশিত হোৱা এণ্ড-টু-এণ্ড প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰৰ অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনাইছো।

ভাৰতৰ দৃষ্টিভংগী স্পষ্টঃ প্ৰযুক্তি উদ্ভাৱনৰ পৰৱৰ্তী ঢৌ ভাৰতত সহ-সৃষ্টি কৰিব লাগিব।

তৃতীয়তেঃ সেউজ পৰিৱৰ্তন আৰু পৰিষ্কাৰ শক্তি। এক অনিশ্চিত গোলকীয় পৰিৱেশ, ভাৰতে শক্তি সুৰক্ষা আৰু পৰিষ্কাৰ শক্তি ক্ষমতা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইঞ্জিন, টোটেল এনাৰ্জী, শ্বেল, উমিকোৰৰ দৰে কোম্পানীবোৰ পৰিষ্কাৰ শক্তি, হাইড্ৰ’জেন, শক্তি সংৰক্ষণ, ই ভি আৰু ডিকাৰ্বনাইজেচনৰ ক্ষেত্ৰত অগ্ৰণী। আপোনালোকে ভাৰতত বৃহৎ পৰিমাণে বিনিয়োগ কৰিব পাৰে।

চতুৰ্থতেঃ আন্তঃগাঁথনি, গতিশীলতা আৰু নগৰীয়া ৰূপান্তৰ। ভলভো, মাৰ্স্ক, এয়াৰবাছ, চাব, আৰ্চেলৰ মিট্টাল আৰু হাইডেলবাৰ্গ। তেওঁলোক সকলোৰে দক্ষতা ভাৰতৰ পৰিৱৰ্তনৰ সৈতে পোনপটীয়াকৈ জড়িত। বহনক্ষম চিমেণ্ট, সেউজ ইস্পাত, গতিশীলতা, লজিষ্টিক, এৰ’স্পেচ, প্ৰতিৰক্ষা এই ক্ষেত্ৰসমূহত ভাৰত আৰু ইউৰোপৰ অংশীদাৰিত্বই বিশ্বমানৰ ফলাফল প্ৰদান কৰিব পাৰে।

পঞ্চমতেঃ স্বাস্থ্যসেৱা আৰু জীৱন-বিজ্ঞান। এষ্ট্ৰাজেনেকা, ৰোচ, মাৰ্ক, ফিলিপছ, নেছলে আৰু ইউনিলিভাৰৰ দৰে কোম্পানীসমূহৰ ভাৰতৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। এতিয়া আমি এই অংশীদাৰিত্বক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব লাগিব।

প্ৰতিষেধক, কৰ্কট ৰোগৰ যত্ন, ডিজিটেল স্বাস্থ্য, পুষ্টি আৰু চিকিৎসা সঁজুলিৰ এক বিশাল পৰিসৰ আছে। আপোনালোকে ডিজাইন ফৰ ইণ্ডিয়া, মেক ইন ইণ্ডিয়া আৰু ভাৰতৰ পৰা ৰপ্তানিৰ আৰ্হিলৈ আগবাঢ়িব পাৰে।

সময়ৰ সীমাবদ্ধতাৰ বাবে মই ইয়াত উপস্থিত থকা সকলো কোম্পানীৰ নাম উল্লেখ কৰিব নোৱাৰিলো, কিন্তু ভাৰতৰ সুযোগ সকলোৰে বাবে আৰু মোৰ আমন্ত্ৰণো আপোনালোক সকলোৰে বাবে।

বন্ধুসকল,

এই পৰামৰ্শবোৰৰ পিছত মই আপোনালোকৰ সন্মুখত এটা প্ৰত্যাহ্বানো ৰাখিব বিচাৰো। ইয়াৰ প্ৰতিটো কোম্পানীয়ে ভাৰতৰ প্ৰতি এক নতুন ডাঙৰ প্ৰতিশ্ৰুতি দিব পাৰিবনে? আমি অহা পাঁচ বছৰৰ ভিতৰত ভাৰতত আৰম্ভ হ’বলগীয়া মুখ্য প্ৰকল্পসমূহ চিনাক্ত কৰিব পাৰোঁনে?

ভাৰত চৰকাৰে এই সকলোবোৰ প্ৰকল্প সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাত আপোনালোকক সম্পূৰ্ণ সহায় কৰিব। আমি এই সকলোবোৰ প্ৰকল্প নিয়মিতভাৱে পৰ্যালোচনা কৰাৰ বাবে এক প্ৰাতিষ্ঠানিক ব্যৱস্থাও সৃষ্টি কৰিব পাৰোঁ।

বন্ধুসকল,

আমি বছৰত এবাৰ ভাৰত-ইউৰোপ চিইঅ’ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰিব পাৰো। ভাৰত আৰু ইউৰোপৰ উদ্যোগ সংস্থাসমূহ ইয়াত যোগ দিব পাৰে। খণ্ড-নিৰ্দিষ্ট কৰ্মগোষ্ঠীও সৃষ্টি কৰিব পাৰি।

মই এইটোও পৰামৰ্শ দিম যে ই আৰ টি-য়ে এটা ইণ্ডিয়া ডেস্ক বা ইণ্ডিয়া একচন গ্ৰুপ সৃষ্টি কৰক। ইয়াৰ উদ্দেশ্যে সৰলঃ ভাৰতত থকা কোম্পানীসমূহৰ সম্প্ৰসাৰণক সমৰ্থন কৰা; ভাৰতলৈ আহিব বিচৰা নতুন কোম্পানীসমূহৰ প্ৰৱেশ সহজ কৰি তোলা আৰু ব্যৱসায়িক সমস্যাবোৰ সক্ৰিয়ভাৱে সমাধান কৰা।

বন্ধুসকল,

ভাৰত-ইউৰোপৰ অংশীদাৰিত্ব কেৱল অৰ্থনৈতিক তথ্যতে সীমাবদ্ধ নহয়। ই হৈছে অংশীদাৰী মূল্যবোধৰ অংশীদাৰিত্ব। এয়া গণতন্ত্র আৰু বৈচিত্ৰ্যৰ অংশীদাৰিত্ব। ই হৈছে বিশ্বাস আৰু স্বচ্ছতাৰ অংশীদাৰিত্ব। ই হৈছে উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ অংশীদাৰিত্ব।

আজিৰ বিশ্বত অনিশ্চয়তা আছে, যোগান শৃংখল চাপৰ সন্মুখীন হৈছে, প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰতিযোগিতা বৃদ্ধি পাইছে, শক্তি সুৰক্ষা আৰু জলবায়ু পদক্ষেপ দুয়োটাকে প্ৰত্যাহ্বান জনোৱা হৈছে, এনে পৰিস্থিতিত ভাৰত আৰু ইউৰোপে একেলগে স্থিৰতা, বহনক্ষমতা আৰু অংশীদাৰী সমৃদ্ধিৰ শক্তিশালী স্তম্ভ হ' ব পাৰে।

এই মনোভাৱেৰে মই আপোনালোক সকলোকে ভাৰতৰ উন্নয়ন যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো। মই আত্মবিশ্বাসী যে আজি "গোথেনবাৰ্গ"ৰ পৰা আৰম্ভ হোৱা এই আলোচনাই অনাগত বছৰবোৰত ভাৰত আৰু ইউৰোপৰ ঔদ্যোগিক অংশীদাৰিত্বৰ এক নতুন অধ্যায় সূচনা কৰিব।

আপোনালোক ইমান বৃহৎ সংখ্যাত উপস্থিত আছে। এই সন্মিলনে মোক আপোনালোকৰ সৈতে কথা পাতিবলৈ সুযোগ দিছে। ইয়াৰ বাবে মই আপোনালোক সকলোৰে ওচৰত বিশেষভাৱে কৃতজ্ঞ।


বহুত ধন্যবাদ।

 

***

MJPS/SS/VJ/HS


(ৰিলিজ আই ডি : 2262370) অতিথি কক্ষ : 8