গৃহ মন্ত্ৰালয়
আহমেদাবাদত নতুনকৈ নিৰ্মীয়মাণ 'মিলিয়ন মাইণ্ডছ টেক পাৰ্ক' আৰু 'গ্ৰেমি চিটি কেম্পাছ' উদ্বোধন কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
বিগত দশকত ভাৰতে বিশ্ব অৰ্থনীতিক গঢ় দিয়া এআই আৰু ডিপটেকৰ দৰে খণ্ডতনেতৃত্বৰ ৰূপত আত্মপ্ৰকাশ কৰিছে
মোদী চৰকাৰে ৰবটিক্স,কোৱাণ্টাম কম্পিউটিং, অৰ্ধপৰিবাহী, এআই, অটোমেচন, চাইবাৰ সুৰক্ষা, প্ৰতিৰক্ষা তথা মহাকাশ-প্ৰযুক্তি আদি খণ্ডক দ্ৰুতগতিত প্ৰসাৰ লাভ কৰিছে
মোদী চৰকাৰৰ নগৰীয়া পৰিকল্পনা সংস্কাৰে নগৰ পৰিকল্পনাৰ এক নতুন যুগৰ সূচনা কৰিছে
টেক-পাৰ্ক আৰু গ্ল’বেল কেপেবিলিটি চেণ্টাৰৰ উন্নয়নে গুজৰাটকে ধৰি সমগ্ৰ দেশতে সেৱা খণ্ডক শক্তিশালী কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে
প্ৰধানমন্ত্ৰী মোদীৰ সক্ৰিয় তথা দূৰদৰ্শী দৃষ্টিভংগীআৰু ভাইব্ৰেণ্ট গুজৰাটৰ দৰে প্লেটফৰ্মে গুজৰাটৰ ঔদ্যোগিক বিকাশক নতুন মাত্ৰা প্ৰদান কৰিছে
‘মিলিয়ন মাইণ্ডছ টেক পাৰ্ক’-এ ৯ হাজাৰ পেছাদাৰীৰ বাবে এক অত্যাধুনিক পৰিৱেশ প্ৰদান কৰাৰ লগতে অহা পাঁচ বছৰত ৬৩ হাজাৰৰো অধিক উচ্চ-মূল্যৰ চাকৰিৰ সৃষ্টি কৰিব
ৰিয়েল এষ্টেট খণ্ডত আধুনিক চিন্তাধাৰা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে “গ্ৰেমি”আৰম্ভ কৰা হৈছিল। ইয়াৰ নেতৃত্বৰ দক্ষতাক প্ৰসাৰিত কৰিলে ভৱিষ্যতৰ নগৰ পৰিকল্পনাক নতুন গতি প্ৰদান কৰা হ’ব
পোষ্ট কৰা হৈছে:
17 MAY 2026 4:43PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰীঅমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদত নতুনকৈ নিৰ্মিত 'মিলিয়ন মাইণ্ডছ টেক পাৰ্ক'আৰু 'গ্ৰেমি চিটী কেম্পাছ'উদ্বোধন কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু উপ-মুখ্যমন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি আমি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ভৱিষ্যতৰ বাবে কল্পনা কৰা সপোন পূৰণৰ ক্ষেত্ৰত এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিবলৈ ওলাইছোঁ। তেওঁ কয় যে মোদীজীৰ দৃষ্টিভংগী হৈছে প্ৰযুক্তি, উদ্ভাৱন, জ্ঞান, উদ্যোগীকৰণআৰু উচ্চ দক্ষতাসম্পন্ন উদ্যোগসমূহ গুজৰাটলৈ অনা। এইবোৰৰ ওপৰত ভিত্তি কৰি স্বাধীনতাৰ পিছৰে পৰা প্ৰতিটো ক্ষেত্ৰতে দেশক আগুৱাই যোৱা গুজৰাটে নতুন যুগৰ প্ৰযুক্তিৰ ক্ষেত্ৰতো দেশক আগুৱাই লৈ যোৱা উচিত। শ্ৰী শ্বাহে কয় যে সমগ্ৰ দেশ আৰু বিশ্বই জানে যে যিকোনো খণ্ডতে গুজৰাটে নিজকে শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছে, শীৰ্ষ তিনিটাস্থানত ঠাই লাভ কৰিবলৈ বেছি সময় নালাগে। এই ক্ষেত্ৰতো আমি ইতিহাসৰ পুনৰাবৃত্তি কৰিম বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে।
শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতাৰ পিছৰে পৰা গুজৰাটে দেশৰ ঔদ্যোগিক বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছে আৰু এয়াই আমাৰ ট্ৰেক ৰেকৰ্ড। কিন্তু মোদীজীয়ে গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ পাছত ইয়াক গাঁথনিগত ৰূপ দিবলৈ সদায় চেষ্টা চলাইছিল৷ ২০০২ চনৰ পৰা আজিলৈকে গুজৰাটৰ যাত্ৰাই ঔদ্যোগিক উন্নয়ন, আন্তঃগাঁথনি, ব্যৱসায়ত সহজতা,উদ্যোগীকৰণ ভিত্তিক উন্নয়নৰ ক্ষেত্ৰত এক গোলকীয় পৰিচয় গঢ়ি তোলাত অতি সফল হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে বহু ৰাজ্যই ঔদ্যোগিক অগ্ৰগতি লাভ কৰিছে, কিন্তু গাঁথনিগত উন্নয়নৰ আৰ্হিৰ বাবে গুজৰাট পৃথক হৈ আছে। তেওঁ কয় যে ইয়াৰ মৌলিক কাৰণ হ’ল গুজৰাটী জনসাধাৰণে পৰম্পৰাগতভাৱে উদ্যোগীকৰণ আৰু সাহসৰ গুণেৰে আগবাঢ়ি আহিছে আৰু ইয়াৰ বাবে অনুকূল আন্তঃগাঁথনি গঢ়ি তোলাত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰে উল্লেখযোগ্য ভূমিকা পালন কৰিছে৷ শ্ৰী শ্বাহে কয় যে আন্তঃগাঁথনিৰ অৰ্থ কেৱল ভৌতিক আন্তঃগাঁথনি নহয়, নীতিগত সহায়, বিত্তীয় ব্যৱস্থা, সক্ৰিয় প্ৰশাসন আৰু ভাইব্ৰেণ্ট গুজৰাটৰ দৰে পদক্ষেপেও বিশ্বজোৰা স্বীকৃতি লাভ কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে আমি উৎপাদন, অভিযান্ত্ৰিক, ঔষধ, বন্দৰ, লজিষ্টিক, সেউজ শক্তি, ঔদ্যোগিক আন্তঃগাঁথনি, আৰু বিনিয়োগ আদি খণ্ডত অতি ভাল কাম কৰিছোঁ। কিন্তু এতিয়া সেৱা খণ্ডতো গুজৰাটক শীৰ্ষ তিনিটা স্থানলৈ লৈ যোৱাৰ সময় আহি পৰিছে। এনে টেক পাৰ্ক সেৱা খণ্ডৰ শীৰ্ষ তিনিটাৰ ভিতৰত থাকিবলৈ আৰু বেংগালুৰু, হায়দৰাবাদ, পুনে, গুৰুগ্ৰামৰ সমপৰ্যায়ত আহমেদাবাদ প্ৰতিষ্ঠা কৰিবলৈ অতি গুৰুত্বপূৰ্ণ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে মোদীজীয়ে বিগত দুই-তিনি বছৰত টেক পাৰ্ক আৰু গ্ল’বেল কেপেবিলিটি চেণ্টাৰৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আমাৰ সকলো অৰ্থনৈতিক কাৰ্যকলাপৰ পৰিৱৰ্তন ঘটিছে। তেওঁ উল্লেখ কৰে যে আজি "মিলিয়ন মাইণ্ডছ টেক পাৰ্ক" উদ্বোধন কৰা হয়। প্ৰায় ১১০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা আৰু ১৩.৫ লাখ বৰ্গফুটত বিস্তৃত এই উদ্যানখনে কেৱল প্ৰথম পৰ্যায়তে ৯,০০০ উচ্চ দক্ষতাসম্পন্ন পেছাদাৰীৰ বাবে অনুকূল কৰ্ম পৰিৱেশৰ সৃষ্টি কৰিব। তেওঁ কয় যে পাঁচ বছৰত ৬৩,০০০ৰো অধিক উচ্চ মূল্যৰ চাকৰিৰ সৃষ্টি হ’ব আৰু ইয়াৰ বাবে সাতটা পৰ্যায়ত প্ৰায় ১৫,০০০ কোটি টকা খৰচ হ’ব। এই ৬৫ একৰ মাটিয়ে গুজৰাটত উচ্চ দক্ষতাসম্পন্ন চাকৰিৰ প্ৰসাৰত যথেষ্ট অৰিহণা যোগাব। কেম্পাছটো ৫০% বাণিজ্যিক হ’ব, মল-হোটেলআৰু আৱাসিক স্থানৰ পৰিকল্পনা থাকিব, যিএটা বিস্তৃত টেক পাৰ্কৰ পৰিকল্পনা প্ৰদৰ্শন কৰিব।
শ্ৰী অমিত শ্বাহে লগতে উল্লেখ কৰে যে আজি গণেশ ৰিয়েল এষ্টেট মেনেজমেণ্ট ইনষ্টিটিউট (GREMI) চৌহদো উদ্বোধন কৰা হয়। তেওঁ কয় যে ৰিয়েল এষ্টেট মেনেজমেণ্ট ইনষ্টিটিউট সমগ্ৰ দেশৰ বাবে এক অতি প্ৰয়োজনীয় পদক্ষেপ। ৰিয়েল এষ্টেট খণ্ডৰ বিষয়ে কেতিয়াও ব্যাপকভাৱে চিন্তা কৰা হোৱা নাই। পৰিৱেশ পৰিকল্পনা আৰু নগৰ পৰিকল্পনাকে ধৰি অসংখ্য বিষয় জড়িত হৈ আছে। সঠিক চহৰ পৰিকল্পনা অবিহনে ভাল চহৰ নিৰ্মাণ কৰিব নোৱাৰি। মোদী চৰকাৰৰ নগৰ পৰিকল্পনা সংস্কাৰে নগৰ পৰিকল্পনাৰ এক নতুন যুগৰ সূচনা কৰিছে। তেওঁ কয় যে ৩০ হাজাৰ বৰ্গফুটৰ এই কেম্পাছত প্ৰথমটো বেটছত ৩০০ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিব। প্ৰায় ৫০০ কোটি টকা ব্যয়সাপেক্ষে থল হ্ৰদৰ সমীপৰ ১০০ একৰ মাটিত নিৰ্মাণ হ’ব মূল চৌহদ। তেওঁ কয় যে এই প্ৰতিষ্ঠানটোৱে কেৱল গুজৰাটতে নহয়, সমগ্ৰ দেশতে ৰিয়েল এষ্টেট খণ্ডলৈ আধুনিক চিন্তা আৰু দক্ষ নেতৃত্ব প্ৰদান কৰিব।

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এআই আৰু ডিপটেক ভৱিষ্যতৰ অৰ্থনীতি। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত সমগ্ৰ বিশ্বৰ উদীয়মান খণ্ডসমূহৰ প্ৰতিষ্ঠাপক হৈ উঠিছে। উচ্চ প্ৰযুক্তিৰ যুৱক-যুৱতীসকলক ৰবটিক্স, কোৱাণ্টাম কম্পিউটিং, অৰ্ধপৰিবাহী, এআই, অটোমেচন ছিষ্টেম, চাইবাৰ সুৰক্ষা, প্ৰতিৰক্ষাআৰু মহাকাশ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহ অনুসৰণ কৰিবলৈ স্থান, পৰিৱেশআৰু অভিযোজন ক্ষমতা প্ৰদান কৰিব লাগিব। এই দুয়োটা পদক্ষেপে গুজৰাটক কেইবাখোজ আগুৱাই নিয়াত যথেষ্ট অৰিহণা যোগাব।
****
RK/PR/PS/SC/KD
(ৰিলিজ আই ডি : 2262186)
অতিথি কক্ষ : 5