ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

২০২৬ চনৰ ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

নাৰ্ছসকলে সেৱা প্ৰদানৰ সৰ্বোচ্চ মানদণ্ড প্ৰদৰ্শন কৰাৰ লগতে গুণমানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 12 MAY 2026 12:58PM by PIB Guwahati

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১২ মে', ২০২৬) ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত একাংশ নাৰ্ছক ২০২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্লোৰেন্স নাইটিংগেল বঁটা প্ৰদান কৰে।

২০২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল বঁটা প্ৰদান অনুষ্ঠানত আগবঢ়োৱা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, 'এই অনুষ্ঠান নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ অমূল্য অৱদানৰ বাবে এক উপযুক্ত শ্ৰদ্ধাঞ্জলি, যিসকলে দেশখনক সহানুভূতি আৰু অটল নিষ্ঠাৰে সেৱা আগবঢ়ায়। নাৰ্ছসকলে সেৱা প্ৰদানৰ সৰ্বোচ্চ মানদণ্ডৰ উদাহৰণ দাঙি ধৰে আৰু প্ৰায়েই অতিশয় প্ৰত্যাহ্বানমূলক পৰিস্থিতিত উন্নত মানৰ স্বাস্থ্যসেৱা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই সকলো বঁটাপ্ৰাপকক তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি অনুপ্ৰেৰণামুলক ভক্তি আৰু ৰোগীৰ যতনৰ সৰ্বোচ্চ মানদণ্ড বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ নিৰলস প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰিছো।

১৯৭৩ চনত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নাৰ্ছসকলে সমাজলৈ আগবঢ়োৱা সন্মানীয় সেৱাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল বঁটা প্ৰতিষ্ঠা কৰা হৈছিল।

 

Please click here to see the list of awardees

***

MJPS/SS/PRK/DB
 


(ৰিলিজ আই ডি : 2260616) অতিথি কক্ষ : 5