প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বেংগালুৰুত দ্য আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক জয়ন্তী উদযাপনৰ সময়ত দিয়া ভাষণৰ উল্লেখযোগ্য দিশসমূহ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
10 MAY 2026 3:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুত দ্য আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সময়ত তেওঁৰ ভাষণত আলোকপাত কৰে।
এক্সৰ এক ধাৰাবাহিক পোষ্টত শ্ৰী মোদীয়ে কয়;
"সেৱাই হল আমাৰ সমাজৰ অন্তৰ্নিহিত চৰিত্ৰ। ই আমাক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অনুপ্ৰাণিত আৰু শক্তিশালী কৰি আহিছে। এই মনোভাব দ্য আৰ্ট অব লিভিঙৰ প্ৰতিটো প্ৰচেষ্টাতে প্ৰতিফলিত হৈছে।"
“সদায় মই এই বিশ্বাস কৰি আহিছোঁ যে যিকোনো চৰকাৰে তেতিয়াহে সফল হ’ব পাৰে যেতিয়া সমাজে নিজেই ৰাষ্ট্ৰ গঠনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। স্বচ্ছ ভাৰত অভিযানৰ দৰে কাৰ্যসূচী ইয়াৰ অন্যতম উদাহৰণ।”
“দেশৰ বহু কৃতিত্বত আমাৰ যুৱক-যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মই আনন্দিত যে দ্য আৰ্ট অব্ লিভিঙে তেওঁলোকক আধুনিক যুগৰ প্ৰত্যাহ্বানসমূহৰ সমাধান বিচাৰি উলিওৱাত সহায় কৰি আছে।”
“ভাৰতৰ সামগ্ৰিক বিকাশৰ বাবে বহু স্তৰত সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। দ্য আৰ্ট অব লিভিঙৰ দৰে সংগঠন এই পৰিৱৰ্তনৰ ক্ষেত্ৰত আৰু অধিক শক্তিশালী ৰক্ষক হ’ব পাৰে।”
***
MJPS/SS/ST/KD
(ৰিলিজ আই ডি : 2259614)
অতিথি কক্ষ : 6