গৃহ মন্ত্ৰালয়
ভাৰতৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্তই দিল্লীত লোকপিয়লৰ সজাগতাৰ বাবে ছখন এল ই ডি মোবাইল ভেন উদ্বোধন কৰে
সজাগতা ভেনসমূহে সমগ্ৰ দিল্লী ভ্ৰমণ কৰিব আৰু লোকপিয়লত অংশগ্ৰহণ, স্বগণনাৰ (এছ ই) সুবিধা তথা ২০২৭ চনৰ লোকপিয়লৰ মূল বৈশিষ্ট্যসমূহৰ বিষয়ে বাৰ্তা কঢ়িয়াব
দিল্লী এনচিটিৰ এমচিডি এলেকাত হাউছলিষ্টিং অপাৰেচন (এইচএলঅ’)ৰ বাবে স্বগণনা (এছই) অব্যাহত আছে
দিল্লীৰ এন ডি এম চি আৰু কেণ্টনমেণ্ট ব’ৰ্ড এলেকাত ঘৰে ঘৰে ক্ষেত্ৰ পৰিদৰ্শন অব্যাহত আছে
আজিৰে পৰা উত্তৰ প্ৰদেশত আৰম্ভ হৈছে স্বগণনা (এছই)ৰ সুবিধা
২৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৯২ লাখ পৰিয়ালে স্বগণনা (এছই) সম্পূৰ্ণ কৰিলে
লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা সকলো তথ্য লোকপিয়ল আইন, ১৯৪৮ৰ অধীনত কঠোৰভাৱে গোপনীয় হৈ থাকিব আৰু ইয়াক কেৱল পৰিসংখ্যাগত উদ্দেশ্য তথা উন্নয়ন পৰিকল্পনাৰ বাবেহে ব্যৱহাৰ কৰা হ’ব
পোষ্ট কৰা হৈছে:
07 MAY 2026 4:48PM by PIB Guwahati
ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তই (আৰজি আৰু চিচিআই) আজি নতুন দিল্লীৰ লোকপিয়ল ভৱনৰ পৰা ছখন সজাগতা ভেন উদ্বোধন কৰে। এই পদক্ষেপ ২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায়, অৰ্থাত হাউছ লিষ্টিং আৰু গৃহ জৰীপ (এইচএলঅ’)ৰ বাবে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত ৰাজহুৱা প্ৰচাৰাভিযানৰ অংশ হিচাপে লোৱা হৈছে।
লোকপিয়লৰ এই সজাগতা ভেনসমূহে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিব আৰু লোকপিয়লত অংশগ্ৰহণ, স্বগণনা (এছ ই) সুবিধা, ২০২৭ চনৰ লোকপিয়লৰ মূল বৈশিষ্ট্যসমূহ তথা ক্ষেত্ৰ ভ্ৰমণৰ সময়ত গণনাকাৰীসকলৰ সৈতে জনসাধাৰণৰ সহযোগিতাৰ গুৰুত্বৰ সৈতে জড়িত বাৰ্তাসমূহ প্ৰচাৰ কৰিব। এই অভিযানৰ উদ্দেশ্য হৈছে তথ্যৰ ব্যাপক প্ৰচাৰ নিশ্চিত কৰা, জনসচেতনতা বৃদ্ধি কৰা আৰু দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত লোকপিয়লৰ কাম-কাজ সুচাৰুৰূপে চলাটো নিশ্চিত কৰা।
দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত বৰ্তমান হাউছ লিষ্টিং আৰু গৃহ জৰীপ (এইচএলঅ)ৰ কাম চলি আছে। ২০২৬ চনৰ ১৫ এপ্ৰিলত এনডিএমচি আৰু কেণ্টনমেণ্ট ব’ৰ্ড এলেকাত এইচএলঅ’ স্বগণনা (এছ ই) সম্পূৰ্ণ হোৱাৰ পিছত, ঘৰে ঘৰে গণনাকাৰীৰ ক্ষেত্ৰ ভ্ৰমণ ২০২৬ চনৰ ১৬ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু ২০২৬ চনৰ ১৫ মে’ৰ ভিতৰত এয়া সম্পূৰ্ণ হ’ব।
বৰ্তমান দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ (এমচিডি এলেকা)ত স্বগণনা (এছ ই)ৰ কাম চলি আছে। স্থানীয় বাসিন্দাসকলে ২০২৬ চনৰ ১ মে’ৰ পৰা ১৫ মে’লৈকে নিৰ্ধাৰিত সময়ছোৱাত চৰকাৰী লোকপিয়ল পৰ্টেল (https://se.census.gov.in)ৰ জৰিয়তে স্বগণনা (এছই) কৰিব পাৰিব।
স্বগণনা সম্পূৰ্ণ কৰা বাসিন্দাসকলক অনুৰোধ কৰা হৈছে যে তেওঁলোকে নিজৰ স্বগণনা আই ডি সাজু কৰি ৰাখক আৰু গৃহ জৰীপ সম্পূৰ্ণ হলে গণনাকাৰীসকল আহিলে তেওঁলোকৰ সৈতে সেয়া শ্বেয়াৰ কৰক।
২০২৭ চনৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা স্বগণনা (এছই) সুবিধাই জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে। এতিয়ালৈকে ২৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৯২ লাখ পৰিয়ালে চৰকাৰী পৰ্টেলৰ জৰিয়তে এছ ই সফলতাৰে সম্পন্ন কৰিছে।
২০২৭ চনৰ লোকপিয়লৰ গৃহ তালিকাভুক্তকৰণ আৰু গৃহ জৰীপ পৰ্যায়ত ঘৰুৱা সবিশেষ, গৃহৰ অৱস্থা, উপলব্ধ সুবিধা আৰু পৰিয়ালৰ মালিকানাধীন সম্পত্তিৰ সৈতে জড়িত ৩৩টা নিৰ্ধাৰিত প্ৰশ্নৰে গঠিত এক গাঁথনিগত প্ৰশ্নাৱলীৰ জৰিয়তে তথ্য সংগ্ৰহ কৰাটো জড়িত হৈ থাকে। সংগৃহীত এই তথ্যই চৰকাৰী পৰিকল্পনা, নীতি প্ৰণয়ন আৰু ফলপ্ৰসূভাৱে ৰাজহুৱা সেৱা প্ৰদানৰ বাবে অপৰিহাৰ্য আধাৰ সৃষ্টি কৰে।
ইয়াৰ উপৰি উত্তৰ প্ৰদেশত আজিৰ পৰা আৰম্ভ হৈছে হাউছ লিষ্টিং আৰু হাউছিং চেঞ্চাছ পৰ্যায়। উত্তৰ প্ৰদেশৰ বাসিন্দাসকলে ২০২৬ চনৰ ৭ মে’ৰ পৰা ২১ মে’লৈকে নিৰ্ধাৰিত সময়ছোৱাত চৰকাৰী পৰ্টেলৰ জৰিয়তে স্বগণনা (এছ ই) কৰিব পাৰিব। ইয়াৰ পিছত ২০২৬ চনৰ ২২ মে’ৰ পৰা ২০ জুনলৈকে ঘৰে ঘৰে গৈ ক্ষেত্ৰভিত্তিক জৰীপ চলোৱা হ’ব।
বৰ্তমান তেলেংগানা, পঞ্জাব, ৰাজস্থান, দিল্লী (এমচিডি), মহাৰাষ্ট্ৰ, মেঘালয় আৰু ঝাৰখণ্ডত স্বগণনা আৰু গৃহ জৰীপ অব্যাহত আছে।
নিৰ্ধাৰিত সূচী অনুসৰি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, বিহাৰ, চণ্ডীগড়, ছত্তীশগড়, দাদৰ আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, দিল্লী (এনডিএমচি আৰু দিল্লী কণ্টনমেণ্ট ব’ৰ্ড এলেকা), গোৱা, হাৰিয়ানা, কৰ্ণাটক, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, মিজোৰাম, ওড়িশা, ছিকিম আৰু উত্তৰাখণ্ডত ঘৰে ঘৰে গণনাকাৰী গৈ কামকাজ চলাই আছে।
১৯৪৮ চনৰ লোকপিয়ল আইন অনুসৰি লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা সকলো তথ্য কঠোৰভাৱে গোপনীয় আৰু কেৱল পৰিসংখ্যাগত উদ্দেশ্য তথা উন্নয়ন পৰিকল্পনাৰ বাবেহে ইয়াক ব্যৱহাৰ কৰা হ’ব। অধিসূচনা জাৰি কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাসিন্দাসকলক হাউছ লিষ্টিং কাৰ্যকলাপৰ সময়ত গণনাকাৰীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আৰু এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।




****
RK / RR / PS / KD
(ৰিলিজ আই ডি : 2258775)
অতিথি কক্ষ : 7