স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শ্ৰেষ্ঠ অনুশীলনৰ ৰাষ্ট্ৰীয় সন্মিলনত মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ বাবে জননী মঞ্চ মুকলি

জননী হৈছে এক সেৱা ভিত্তিক ডিজিটেল মঞ্চ যাক প্ৰজননৰ সময়ত মহিলাসকলৰ ডিজিটেল স্বাস্থ্য ৰেকৰ্ডসমূহ ব্যাপকভাৱে নিৰীক্ষণ আৰু ৰক্ষণাবেক্ষণৰ বাবে ডিজাইন কৰা হৈছে

বৰ্তমানৰ আৰ চি এইচ প’ৰ্টেলৰ এক উন্নত সংস্কৰণ হিচাপে বিকশিত এই মঞ্চই যত্নৰ ধাৰাবাহিকতাৰ ভিতৰত মূল সেৱা প্ৰদানৰ সেৱাসমূহ অন্তৰ্গত কৰি এক দীৰ্ঘস্থায়ী স্বাস্থ্য অভিলেখ সৃষ্টি কৰে

এতিয়ালৈকে জননীয়ে ১ কোটি ৩৪ লাখ হিতাধিকাৰীৰ পঞ্জীয়ন, ৩০ লাখতকৈও অধিক গৰ্ভৱতী মহিলাৰ পঞ্জীয়ন, ৩০ লাখতকৈও অধিক এমচিএইচ কাৰ্ড সৃষ্টি আৰু ১ লাখতকৈও অধিক বায়োমেট্রিক প্ৰমাণীকৰণ লাভ কৰিছে

পোষ্ট কৰা হৈছে: 07 MAY 2026 12:14PM by PIB Guwahati

দেশত মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শেহতীয়াকৈ সমাপ্ত হোৱা ৰাষ্ট্ৰীয় সন্মিলনত উদ্ভাৱন আৰু অন্তৰ্ভুক্তি-ভাৰতৰ স্বাস্থ্য ভৱিষ্যত গঠন কৰা শ্ৰেষ্ঠ অনুশীলনৰ ওপৰত ননী (প্ৰসৱপূৰ্ব, প্ৰসৱোত্তৰ আৰু নৱজাতক সংহত যত্নৰ যাত্ৰা)আৰম্ভ কৰিছে।

জননী হৈছে এক সেৱা ভিত্তিক ডিজিটেল ম়়ঞ্চ যাক প্ৰজননৰ সময়ত মহিলাসকলৰ ডিজিটেল স্বাস্থ্য ৰেকৰ্ডসমূহ ব্যাপকভাৱে নিৰীক্ষণ আৰু ৰক্ষণাবেক্ষণৰ বাবে ডিজাইন কৰা হৈছে। বৰ্তমানৰ আৰ চি এইচ প’ৰ্টেলৰ এক উন্নত সংস্কৰণ হিচাপে বিকশিত হোৱা এই মঞ্চই যত্নৰ ধাৰাবাহিকতাৰ ভিতৰত মূল সেৱা প্ৰদানৰ অনুষ্ঠানবোৰ অন্তৰ্ভুক্ত কৰি এক দীৰ্ঘস্থায়ী স্বাস্থ্য ৰেকৰ্ডৰ সৃষ্টি কৰে।

এই মঞ্চৰ লক্ষ্য হৈছে প্ৰসৱৰ পূৰ্বে যত্ন, প্ৰসৱৰ প্ৰস্তুতি, প্ৰসৱৰ পাছত যত্ন, নৱজাতকৰ যত্ন, গৃহভিত্তিক নৱজাতক আৰু শিশুৰ যত্ন আৰু পৰিয়াল পৰিকল্পনা সামৰি মাতৃ তথা শিশুৰ স্বাস্থ্য সেৱাৰ নিৰবিচ্ছিন্ন ট্ৰেকিং নিশ্চিত কৰা। নিৰন্তৰ নিৰীক্ষণ আৰু সময়োপযোগী হস্তক্ষেপ সক্ষম কৰি, জননীয়ে সেৱা প্ৰদান শক্তিশালী কৰে আৰু প্ৰতিটো পৰ্যায়ত যত্নৰ ধাৰাবাহিকতা নিশ্চিত কৰে।

জননীৰ এটা মূল বৈশিষ্ট্য হৈছে কিউআৰ-সক্ষম ডিজিটেল মাতৃ আৰু শিশু স্বাস্থ্য (এমচিএইচ) কাৰ্ডৰ প্ৰৱৰ্তন, যাৰ ফলত বহনযোগ্যতা আৰু স্বাস্থ্য ৰেকৰ্ডসমূহৰ সহজ প্ৰৱেশাধিকাৰ সম্ভৱ হয়। এই মঞ্চত উচ্চ-বিপদাশংকাৰ গৰ্ভধাৰণৰ বাবে স্বয়ংক্ৰিয় সতৰ্কবাণী, নিৰীক্ষণমূলক পৰ্যালোচনাৰ বাবে ৰিয়েল-টাইম ডেশ্বব’ৰ্ড আৰু সময়োপযোগী ট্ৰেকিং, নিৰীক্ষণ তথা লক্ষ্যযুক্ত হস্তক্ষেপ সক্ষম কৰাৰ বাবে উপযুক্ত তালিকা প্ৰস্তুতকৰণ আদিও অন্তৰ্ভুক্ত কৰা হৈছে।

জননীক শক্তিশালী আন্তঃসংযোগকৰণ বৈশিষ্ট্যৰ সৈতে ডিজাইন কৰা হৈছে, যিয়ে ইউ-ৱিন আৰু পোষণৰ দৰে ৰাষ্ট্ৰীয় মঞ্চৰ সৈতে একত্ৰীকৰণ সক্ষম কৰে, যাৰ ফলত নিৰবিচ্ছিন্ন তথ্য বিনিময়, কাৰ্যসূচীসমূহত উন্নত সমন্বয় আৰু বিভিন্ন খণ্ডৰ হিতাধিকাৰীসকলৰ ব্যাপক নিৰীক্ষণৰ সুবিধা হয়।

এই মঞ্চই সমগ্ৰ ভাৰতৰ সন্ধান কাৰ্য্যকলাপৰ লগতে আভা (ABHA) আধাৰ (অটি পি আৰু বায়োমেট্রিক)আৰু মোবাইল নম্বৰৰ দৰে অনন্য চিনাক্তকৰণ ব্যৱহাৰ কৰি হিতাধিকাৰীসকলৰ পঞ্জীয়ন সক্ষম কৰে। ই প্ৰব্ৰজনকাৰী জনসংখ্যাৰ বাবে যত্নৰ ধাৰাবাহিকতা নিশ্চিত কৰে আৰু ৰেকৰ্ডৰ প্ৰতিলিপি প্ৰতিৰোধ কৰে। ই ৱেব আৰু মোবাইল প্লেটফৰ্মৰ জৰিয়তে স্ব-পঞ্জীয়ন সুবিধাও প্ৰদান কৰে, যাৰ ফলত হিতাধিকাৰীসকলক তেওঁলোকৰ স্বাস্থ্যসেৱাৰ যাত্ৰাত সক্ৰিয়ভাৱে জড়িত হ’বলৈ সক্ষম কৰে।

কোনো গুৰুত্বপূৰ্ণ স্বাস্থ্য মাইলৰ খুঁটি বাদ পৰি নোযোৱাটো নিশ্চিত কৰিবলৈ সতৰ্কবাণী আৰু ৰিমাইণ্ডাৰৰ লগতে প্ৰসৱৰ পূৰ্বে যত্নৰ সূচী আৰু টিকাকৰণৰ সময়সূচী তথা নিৰীক্ষণ সক্ষম কৰি জননীয়ে নাগৰিকসকলক সমৰ্থন কৰে। ই ডিজিটেল এমচিএইচ কাৰ্ড, ওচৰৰ স্বাস্থ্যসেৱা সুবিধাৰ তথ্য, প্ৰসৱৰ প্রত্যাশিত স্থান আৰু স্বাস্থ্য শিক্ষা তথা পুষ্টি নিৰ্দেশনাৰ জৰিয়তে তথ্যপূৰ্ণ সিদ্ধান্ত গ্ৰহণত সহায় কৰে। সামগ্ৰিকভাৱে, জননীয়ে ডিজিটেল প্ৰমাণীকৰণ, বাস্তৱ-সময় নিৰীক্ষণ আৰু আন্তঃক্ষেত্ৰীয় একত্ৰীকৰণৰ দ্বাৰা মাতৃ আৰু শিশু স্বাস্থ্য প্ৰশাসনত এক গাঁথনিগত সংস্কাৰ চিহ্নিত কৰে-যাৰ ফলত উন্নত সেৱা পৰিসীমা, দায়বদ্ধতা আৰু মাতৃ তথা শিশুৰ মৃত্যুৰ সূচকৰ দীৰ্ঘম্যাদী হ্ৰাসত অৰিহণা যোগায়।

এতিয়ালৈকে, জননীয়ে ১ কোটি ৩৪ লাখ হিতাধিকাৰীৰ পঞ্জীয়ন,৩০ লাখতকৈও অধিক গৰ্ভৱতী মহিলাৰ পঞ্জীয়ন,৩০  লাখতকৈও অধিক এমচিএইচ কাৰ্ড সৃষ্টি আৰু ১ লাখতকৈও অধিক বায়োমেট্রিক প্ৰমাণীকৰণ লাভ কৰিছে।

জননীৰ আৰম্ভণিয়ে ডিজিটেল সক্ষমতা, যত্নৰ ধাৰাবাহিকতা আৰু মাতৃ তথা শিশুৰ স্বাস্থ্যৰ ফলাফল উন্নত কৰাৰ ওপৰত গুৰুত্ব দি সুলভ, ন্যায়সংগত আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।

*****

SR/MK

HFW/Launch of JANINI/07 May 2026/1


(ৰিলিজ আই ডি : 2258689) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Punjabi , Kannada