গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা, কৰ্ণাটক, লাক্ষাদ্বীপ, মিজোৰাম, উৰিষ্যা, ছিকিম আৰু দিল্লীৰ এনডিএমচি আৰু দিল্লী কেণ্ট’নমেণ্ট ব’ৰ্ড অঞ্চলত কাইলৈৰ পৰা গৃহ তালিকাভুক্তি আৰু আবাসৰ পিয়ল আৰম্ভ হ’ব

লোকপিয়লত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা স্ব-গণনা (এছই) সুবিধাই উৎসাহজনক সঁহাৰি লাভ কৰিছে

২০২৭ চনৰ লোকপিয়লৰ বাবে গ্ৰহণ কৰা ডিজিটেল পদ্ধতিৰ অংশ হিচাপে, এতিয়ালৈকে প্ৰায় ১২ লাখ পৰিয়ালে সফলতাৰে স্ব-গণনাৰ সুবিধা গ্ৰহণ কৰিছে

স্ব-গণনা সম্পূৰ্ণ কৰা বাসিন্দাসকলে তেওঁলোকৰ স্ব-গণনা আই ডি (এছ ই আই ডি) সাজু ৰাখিব লাগে আৰু এইচ এল অ' প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ক্ষেত্ৰ ভ্ৰমণৰ সময়ত গণনাকাৰীৰ সৈতে ইয়াক শ্বেয়াৰ কৰিব লাগে

অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু চত্তিছগড়ত কাইলৈৰ পৰা স্ব-গণনাৰ সুবিধা আৰম্ভ হ’ব

বিহাৰত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ১৫ দিনীয়া স্ব-গণনা

১৯৪৮ চনৰ লোকপিয়ল আইনৰ অধীনত সংগ্ৰহ কৰা সকলো তথ্য কঠোৰভাৱে গোপনীয় আৰু কেৱল পৰিসাংখ্যিক উদ্দেশ্য আৰু উন্নয়ন পৰিকল্পনাৰ বাবে ব্যৱহাৰ কৰা হয়

অধিসূচিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাসিন্দাসকলক গৃহ তালিকাৰ কাম-কাজৰ সময়ত গণনাকাৰীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আৰু এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুশীলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে

प्रविष्टि तिथि: 15 APR 2026 7:05PM by PIB Guwahati

২০২৭ চনৰ লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু আবাস গণনা (এইচ এল অ') ৰ ক্ষেত্ৰভিত্তিক কাম-কাজ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা, কৰ্ণাটক, লাক্ষাদ্বীপ, মিজোৰাম, উৰিষ্যা আৰু ছিকিমৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ এন ডি এম চি অঞ্চল আৰু দিল্লী কেণ্ট‘নমেণ্ট ব’ৰ্ডত ১৫ দিনীয়া স্ব-গণনাৰ সময়সীমা সমাপ্ত হোৱাৰ পিছত দেশজোৰা লোকপিয়ল অনুশীলনৰ অংশ হিচাপে  ১৬ এপ্ৰিল, ২০২৬ ৰ পৰা আৰম্ভ হ’ব। এই অনুশীলন ১৫ মে’ ২০২৬লৈকে ৩০ দিনৰ সময়ছোৱাত সম্পন্ন কৰা হ’ব, য’ত প্ৰশিক্ষিত গণনাকাৰীসকলে তথ্য সংগ্ৰহৰ বাবে ঘৰে ঘৰে পৰিদৰ্শন কৰিব।

লোকপিয়লত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা স্ব-গণনা (এছই) সুবিধাই জনসাধাৰণৰ পৰা উৎসাহজনক সঁহাৰি লাভ কৰিছে। ২০২৭ চনৰ লোকপিয়লৰ বাবে গ্ৰহণ কৰা ডিজিটেল পদ্ধতিৰ অংশ হিচাপে, এতিয়ালৈকে প্ৰায় ১২লাখ পৰিয়ালে চৰকাৰী পৰ্টেল (se.census.gov.in) ৰ জৰিয়তে সফলতাৰে স্ব-গণনাৰ সুবিধা গ্ৰহণ কৰিছে।

এক সুৰক্ষিত আৰু ব্যৱহাৰকাৰী-অনুকূল ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে বাসিন্দাসকলে যাতে তেওঁলোকৰ বিৱৰণ অনলাইনত দাখিল কৰিব পাৰে তাৰ বাবে ক্ষেত্ৰ গণনাৰ সময়ৰ পূৰ্বে এই সুবিধা উপলব্ধ কৰা হৈছিল। এই পদক্ষেপে লোকপিয়লৰ কাম-কাজসমূহ ডিজিটেলাইজ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে আৰু নমনীয়তা, সুবিধা আৰু অংশগ্ৰহণৰ সূচলতা প্ৰদান কৰাৰ বাবে ইয়াক ব্যাপকভাৱে প্ৰশংসা কৰা হৈছে।

স্ব-গণনা সম্পূৰ্ণ কৰা বাসিন্দাসকলক তেওঁলোকৰ সৃষ্টি কৰা স্ব-গণনা আইডি (এছই আইডি) সাজু ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে আৰু এইচএলঅ’ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ক্ষেত্ৰ ভ্ৰমণৰ সময়ত গণনাকাৰীৰ সৈতে ইয়াক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। গণনাকাৰীসকলৰ ঘৰ-ঘৰ ভ্ৰমণৰ সময়ত যিবোৰ পৰিয়ালে স্ব-গণনাৰ বিকল্প বাছি লোৱা নাই তেওঁলোকক সামৰি লোৱা হ’ব।

প্ৰথমবাৰৰ বাবে ডিজিটেল সঁজুলি লোকপিয়লত ব্যৱহাৰ কৰাৰ সমান্তৰালভাবে ব্যাপক আৰু সঠিকভাবে সামৰি লোৱাটো নিশ্চিত কৰিবলৈ পৰম্পৰাগত ঘৰে ঘৰে গৈ গণনাৰ পৰিকাঠামো বৰ্তাই ৰখা হৈছে। উচ্চমানৰ সঠিক তথ্য আৰু দ্ৰুত প্ৰক্ৰিয়াকৰণ নিশ্চিত কৰিবলৈ, ডিজিটেলভাৱে তথ্য সংগ্ৰহ কৰিবলৈ ক্ষেত্ৰ ভ্ৰমণৰ সময়ত গণনাকাৰীসকলে এক সমৰ্পিত মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰিব।

গৃহ তালিকা আৰু আবাসৰ পিয়ল পৰ্য্যায়ৰ সময়ত গণনাকাৰীসকলে ৩৩টা অধিসূচিত প্ৰশ্নৰে গঠিত প্ৰশ্নাৱলীৰ জৰিয়তে গৃহৰ অৱস্থা, গৃহৰ সবিশেষ, উপলব্ধ সা-সুবিধা আৰু পৰিয়ালসমূহৰ হাতত থকা সম্পত্তি সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিব। লোকপিয়লৰ এই পৰ্য্যায়ে প্ৰমাণ-আধাৰিত পৰিকল্পনা আৰু কল্যাণমূলক আৰু উন্নয়নমূলক কাৰ্যসূচী প্ৰস্তুত কৰাৰ বাবে এক অত্যাৱশ্যকীয় ভেটি গঠন কৰে।

পৰৱৰ্তী পৰ্যায়ত অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু চত্তিছগড়ত ১৬ এপ্ৰিল, ২০২৬ ৰ পৰা স্ব-গণনাৰ সুবিধা আৰম্ভ হ’ব আৰু ৩০ এপ্ৰিল, ২০২৬ লৈকে এয়া উপলব্ধ থাকিব। এইসমূহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ঘৰে ঘৰে গৈ গৃহ তালিকাভুক্ত কৰা কাম ১ মে’ ৰ পৰা ৩০ মে’ ২০২৬  লৈ চলিব।

ইয়াৰ উপৰি বিহাৰত ১৫ দিনীয়া স্ব-গণনাৰ সময়সীমা ১৭ এপ্ৰিল, ২০২৬ ৰ পৰা আৰম্ভ হ’ব আৰু ১ মে’ ২০২৬ লৈকে অব্যাহত থাকিব, তাৰ পিছত ২ মে’ৰ পৰা ৩১ মে’ ২০২৬ লৈ ক্ষেত্ৰীয় কাম-কাজ চলি থাকিব।

১৯৪৮ চনৰ লোকপিয়ল আইনৰ অধীনত সংগ্ৰহ কৰা সকলো তথ্য কঠোৰভাৱে গোপনীয় হৈ থাকে আৰু কেৱল পৰিসাংখ্যিক উদ্দেশ্য আৰু উন্নয়ন পৰিকল্পনাৰ বাবে ব্যৱহাৰ কৰা হয়। অধিসূচিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাসিন্দাসকলক গৃহ তালিকাভুক্তি কাৰ্য্যকলাপৰ সময়ত গণনাকাৰীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আৰু এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুশীলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

*****

RK/RR/PR/PS/SK/HS


(रिलीज़ आईडी: 2258088) आगंतुक पटल : 40
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Punjabi , Gujarati , Telugu , Kannada