গৃহ মন্ত্ৰালয়
মহান দেশপ্ৰেমিক তথা জাতীয়তাবাদী লেখক বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ক তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
মোগল আক্ৰমণকাৰী আৰু ব্ৰিটিছ শাসকসকলৰ শোষণ আৰু অন্যায়ৰ ফলত ক্ষতিগ্ৰস্ত ভাৰতীয়সকলৰ আত্মসন্মান জাগ্ৰত কৰাত ঋষি বঙ্কিম চন্দ্ৰই এক অবিস্মৰণীয় ভূমিকা পালন কৰিছিল
‘বন্দে মাতৰম’ৰ জৰিয়তে তেওঁ ভাষা, অঞ্চল আৰু প্ৰদেশসমূহৰ সীমা অতিক্ৰমী স্বাধীনতা সংগ্ৰামক একত্ৰিত কৰিছিল
যুৱপ্ৰজন্মক স্বাধীনতাৰ বাবে চেষ্টা কৰিবলৈ আৰু মাতৃভূমি সুৰক্ষিত কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে বঙ্কিম বাবুৰ ওচৰত এই ৰাষ্ট্ৰ, এই সভ্যতা আৰু এই মহান সংস্কৃতি চিৰদিনৰ বাবে ঋণী হৈ থাকিব
পোষ্ট কৰা হৈছে:
08 APR 2026 1:48PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মহান দেশপ্ৰেমিক তথা জাতীয়তাবাদী লেখক বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ প্ৰতি তেওঁৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
'এক্স'ত এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, 'মহান দেশপ্ৰেমিক আৰু জাতীয়তাবাদী সাহিত্যিক বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়লৈ শ্ৰদ্ধাঞ্জলি। মোগল আক্ৰমণকাৰী আৰু ব্ৰিটিছ শাসকসকলৰ শোষণ আৰু অন্যায়ৰ ফলত ক্ষতিগ্ৰস্ত ভাৰতীয়সকলৰ আত্মসন্মান জাগ্ৰত কৰাত ঋষি বঙ্কিম চন্দ্ৰই এক অবিস্মৰণীয় ভূমিকা পালন কৰিছিল। 'বন্দে মাতৰম'ৰ জৰিয়তে তেওঁ ভাষা, অঞ্চল আৰু প্ৰদেশসমূহৰ সীমা অতিক্ৰমী স্বাধীনতা সংগ্ৰামক একত্ৰিত কৰিছিল। তেওঁৰ আনন্দমঠে ভাৰত মাতাৰ মহান দৃষ্টিভংগীক প্ৰতিফলিত কৰি যুৱপ্ৰজন্মক মাতৃভূমিৰ স্বাধীনতা আৰু সুৰক্ষাৰ বাবে নিজকে উৎসৰ্গিত কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। এই ৰাষ্ট্ৰ, এই সভ্যতা আৰু এই মহান সংস্কৃতি ঋষি বঙ্কিম চন্দ্ৰৰ ওচৰত চিৰদিন দিনৰ বাবে ঋণী হৈ থাকিব।'
***
RK/PR/PS/SK/HS
(ৰিলিজ আই ডি : 2258083)
অতিথি কক্ষ : 26