গৃহ মন্ত্ৰালয়
তুৰ্কীৰ পৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ চেলিম ডোলাক ঘূৰাই অনাৰ ক্ষেত্ৰত এক বৃহৎ সফলতা লাভ নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৰ
নাৰ্কো ছিণ্ডিকেটৰ বিৰুদ্ধে শূন্য সহনশীলতা
পলাতক চেলিম ডোলাক গ্ৰেপ্তাৰ কৰা ঘটনাই সকলো পলায়নকাৰী ড্ৰাগছ মাফিয়া আৰু সংগঠিত অপৰাধ ছিণ্ডিকেটৰ সদস্যক ন্যায় আওতালৈ অনাৰ বাবে মোডী চৰকাৰৰ দৃঢ় সংকল্প প্ৰতিফলিত কৰিছে
য’তেই লুকাই নাথাকক কিয়, এতিয়া কোনো ঠাই ড্ৰাগছ মাফিয়াৰ বাবে নিৰাপদ নহয়
আমাৰ ড্ৰাগছ বিৰোধী সংস্থাসমূহে সীমান্তৰ সিপাৰেও এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিছে
পোষ্ট কৰা হৈছে:
28 APR 2026 2:03PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোডী চৰকাৰৰ নাৰ্কো ছিণ্ডিকেটৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতিৰে এনচিবিয়ে আজি তুৰ্কীৰ পৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ চেলিম ডোলাক ঘূৰাই অনাত এক বৃহৎ সফলতা লাভ কৰিছে।
এক্স প্লেটফৰ্মত এটা পোষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মোডী চৰকাৰৰ নাৰ্কো ছিণ্ডিকেটৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিৰ অংশ হিচাপে আজি এনচিবিয়ে তুৰ্কীৰ পৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ চেলিম ডোলাক ঘূৰাই অনাত এক বৃহৎ সফলতা লাভ কৰিছে। তেওঁ লগতে কয় যে মোডী চৰকাৰৰ ড্ৰাগছ নেটৱৰ্ক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ অভিযানৰ অংশ হিচাপে আমাৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহে বিশ্বব্যাপী বিভিন্ন সংস্থাৰ সৈতে গঢ়ি তোলা এক শক্তিশালী নেটৱৰ্ক এতিয়া সীমান্তৰ সিপাৰেও ব্যাপকভাৱে সম্প্ৰসাৰণ কৰিছে। শ্ৰী শ্বাহে কয় যে ড্ৰাগছ মাফিয়াবোৰৰ বাবে এতিয়া কোনো ঠাই নিৰাপদ নহয়, সিঁহতে যি ঠাইতেই লুকাই নাথাকক কিয়।
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত চেলিম ডোলাৰ প্ৰত্যাৱৰ্তনে সকলো পলাতক ড্ৰাগছ অপৰাধী আৰু সংগঠিত অপৰাধ ছিণ্ডিকেটৰ সদস্যক ন্যায়ৰ দুৱাৰদলিলৈ লৈ অহাৰ বাবে চৰকাৰৰ দৃঢ় সংকল্প প্ৰতিফলিত কৰে।
এনচিবিয়ে আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সহযোগত অপাৰেচন গ্ল’বেল-হাণ্টৰ অংশ হিচাপে তুৰ্কীৰ পৰা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মহম্মদ চেলিম ডোলাক সফলতাৰে ঘূৰাই আনিছে। আজি পুৱা নতুন দিল্লীৰ আই জি আই বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে মাফিয়াটোক এন চি বিয়ে জিম্মাত লৈ যায়।
ভাৰতৰ অনুৰোধত ২০২৪ চনৰ মাৰ্চ মাহত চেলিম ডোলা (৫৯, মুম্বাইৰ বাসিন্দা)ৰ বিৰুদ্ধে INTERPOL Red Notice জাৰি কৰা হৈছিল। ভাৰতৰ কেইবাটাও ড্ৰাগছ সৰবৰাহৰ গোচৰত বিচাৰৰ বাবে মাফিয়াটোক বিচাৰি থকা হৈছিল আৰু ভাৰতীয় আইন প্ৰয়োগকাৰী সংস্থাৰ হাতৰ মুঠিৰ পৰা আঁতৰি আছিল। বছৰ বছৰ ধৰি মহম্মদ চেলিম ড’লাই সমগ্ৰ মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু ইউৰোপত এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্ক গঢ়ি তুলিছিল। বিগত ২০ বছৰত ড’লাৰ অপৰাধজনিত ঘটনাৰ ভিতৰত মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ দৰে ৰাজ্যত হেৰ’ইন, চৰাছ, মেফেড্ৰন, মেণ্ড্ৰাক্স, মেথামফেটামাইনৰ দৰে কেইবাটাও বৃহৎ ড্ৰাগছ জব্দ অন্যতম। তেওঁ মূলতঃ বাল্ক চাপ্লাইয়াৰ হিচাপে কাম কৰিছিল, ভাৰতৰ ভিতৰত বিতৰণ নেটৱৰ্কলৈ ড্ৰাগছ যোগান ধৰিছিল। লগতে অপৰাধীটোক এ টি এছ গুজৰাট আৰু মুম্বাই আৰক্ষীয়েও বিচাৰি আছিল। ইয়াৰ পূৰ্বে ২০২৫ চনত ইউ এ ইৰ পৰা বিতাড়িত/প্ৰত্যাৰ্পণ কৰাৰ পিছত তেওঁৰ পুত্ৰ তাহিল চেলিম ডোলাক অন্যান্য সহযোগীসকলৰ সৈতে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এই অভিযানে তুৰ্কী, ইণ্টাৰপ’ল, আৰু ভাৰতীয় সংস্থাসমূহৰ কৰ্তৃপক্ষৰ মাজত শক্তিশালী সমন্বয় আৰু সহযোগিতাক পুনৰবাৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে।
**********
RK / RR / PR / PS
(ৰিলিজ আই ডি : 2257596)
অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Punjabi
,
Gujarati
,
Odia
,
Odia
,
Telugu
,
Kannada