আয়ুষ
azadi ka amrit mahotsav

আন্তঃৰাষ্ট্ৰীয় যোগ মহোসৱলৈ ৫০ দিন থকাৰ উপলক্ষে যোগ মহোৎসৱত ৬০০০তকৈ অধিক লোকে একেলগে ভূজংগাসন পৰিবেশনেৰে ৰচিলে এছিয়া অভিলেখ

যোগ মহোৎসৱত গোলকীয় অংশগ্ৰহণ: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ ৫০ দিনীয়া কাউণ্টডাউনত যোগদান ২০তকৈ অধিক ৰাষ্ট্ৰ

“যোগ- ২০৪৭ চনৰ ভিতৰত সুস্থ আৰু অনুশাসিত বিকশিত ভাৰত গঢ়ি তোলাৰ চাবিকাঠি”: কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডী

“হায়দৰাবাদে যোগাসন আৰু সুস্থতাৰ বাবে গ্ল’বেল হাব হিচাপে আত্মপ্ৰকাশ কৰা উচিত”: শ্ৰী ৰেড্ডী

“যোগে সুস্থতা আৰু স্বাস্থ্যসেৱাৰ বাবে গ্ল’বেল হাব হিচাপে ভাৰতৰ পৰিচয় শক্তিশালী কৰে”: কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱ

“যোগ ৩৬৫ অভিযানে নাগৰিকক যোগক দৈনন্দিন অনুশীলন হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত কৰে”: শ্ৰী প্ৰতাপৰাও যাদৱ

পোষ্ট কৰা হৈছে: 02 MAY 2026 1:15PM by PIB Guwahati

‘মুকুতাৰ চহৰ’ হায়দৰাবাদত দেখা গ’ল এক বৰ্ণাঢ্য যোগাসন কাৰ্যসূচী। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ ৫০ দিনীয়া কাউণ্টডাউন আৰম্ভ হোৱাৰ উপলক্ষে আয়োজন কৰা ‘যোগ মহোৎসৱ’ত সহস্ৰাধিক যোগপ্ৰেমী লোক সমবেত হয়।

আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ ‘মোৰাৰৰ্জী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান’ৰ উদ্যোগত আধ্যাত্মিক কেন্দ্ৰ ‘কানহা শান্তি বনাম’ত আয়োজন কৰা এই যোগ অধিবেশন।

কানহা শান্তি বনামত ৬ হাজাৰৰো অধিক লোকে ভূজংগাসন পৰিবেশন কৰি এক ঐতিহাসিক অভিলেখ সৃষ্টি কৰে। এই সমুহীয়া যোগাসন পৰ্ব ‘এছিয়া বুক অৱ ৰেকৰ্ডছ’ত স্থান লাভ কৰিছে, যিয়ে এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰিছে।

অনুষ্ঠানত কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত থাকে।

সভাত উপস্থিত লোকসকলক সম্বোধন কৰি শ্ৰী ৰেড্ডীয়ে কয়- যোগাসন কেৱল ভাৰতৰ এক প্ৰাচীন পৰম্পৰা নহয়, বৰঞ্চ মানৱ জাতিৰ বাবেও এক অমূল্য উপহাৰ।আজি সমগ্ৰ বিশ্বৰ লোকসকলে যোগাভ্যাসৰ দ্বাৰা উপকৃত হৈছে।”

আয়ুয বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত যোগ সামগ্ৰিক মংগলৰ বাবে এক বিশ্ব আন্দোলনত পৰিণত হৈছে, যিয়ে শাৰীৰিক সুস্থতা, মানসিক স্পষ্টতা আৰু আৱেগিক ভাৰসাম্যতাক প্ৰসাৰিত কৰে।”

এক লাখৰো অধিক লোকৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে ২১ জুনলৈকে ১০০ দিনীয়া বিনামূলীয়া যোগ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, স্থাপত্য শৈলী আৰু সুস্থ জীৱনশৈলীৰ পৰম্পৰাৰ এক অনন্য মিশ্ৰণ প্ৰদৰ্শন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ ২৫ দিনীয়া কাউণ্টডাউন আৰম্ভ হোৱাৰ উপলক্ষে মধ্যপ্ৰদেশৰ খাজুৰাহোত পৰৱৰ্তী ‘যোগ মহোৎসৱ’ অনুষ্ঠিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

এই ‘যোগ মহোৎসৱ’ৰ অন্যতম প্ৰধান আকৰ্ষণ আছিল কমন যোগ প্ৰট’কল (CYP)ৰ সামূহিক অনুশীলন বা গণ প্ৰদৰ্শন।

২১ জুনত উদযাপন হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ প্ৰস্তুতিৰ বাবে সমগ্ৰ দেশতে আয়োজন কৰা কাৰ্যসূচীৰ ইতিহাসত এক অতি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব এই অনুষ্ঠান।

কাজাখাস্তান, লেচোথো, বুলগেৰিয়া, কিউবা, নামিবিয়া, যুক্তৰাজ্য, কানাডা আৰু অষ্ট্ৰেলিয়াকে ধৰি ২০খনতকৈও অধিক দেশৰ দূতাবাস, কনছুলেট আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিশিষ্ট ব্যক্তি আৰু প্ৰতিনিধিয়ে ৫০ দিনীয়া কাউণ্টডাউন অনুষ্ঠানত অংশগ্ৰহণ কৰে।

***

SR/SV/SG/DB


(ৰিলিজ আই ডি : 2257561) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: Urdu , Marathi , Gujarati , English , Bengali , हिन्दी , Kannada