প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গেংটক অৰ্কিডেৰিয়াম ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীৰ ছিকিমৰ অসাধাৰণ জৈৱ বৈচিত্ৰ্যৰ প্ৰশংসা
পোষ্ট কৰা হৈছে:
28 APR 2026 3:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকৰ অৰ্কিডেৰিয়াম ভ্ৰমণ কৰে আৰু ইয়াৰ সৌন্দৰ্য তথা ৰাজ্যখনৰ অসাধাৰণ জৈৱ বৈচিত্ৰ্যৰ ভূয়সী প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অৰ্কিডেৰিয়াম ভ্ৰমণক এক মন্ত্ৰমুগ্ধ অভিজ্ঞতা বুলি বৰ্ণনা কৰে। শ্ৰী মোদীয়ে কয় যে এনে সংৰক্ষণ প্ৰচেষ্টাই প্ৰাকৃতিক জগতৰ সৈতে গভীৰভাৱে জড়িত আমাৰ সম্প্রীতিক নিখুঁতভাৱে প্ৰতিফলিত কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই পদক্ষেপসমূহে নাগৰিকসকলৰ সংৰক্ষণ আৰু বহনক্ষম জীৱন ধাৰণৰ বাবে গুৰুত্বপূৰ্ণ অনুপ্ৰেৰণা হিচাপে কাম কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ
‘গেংটকৰ অৰ্কিডেৰিয়াম পৰিদৰ্শন কৰিলো আৰু ইয়াৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হৈ পৰিলো। ছিকিমৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সঁচাকৈয়ে অসাধাৰণ। এনে প্ৰচেষ্টাই প্ৰকৃতিৰ সৈতে থকা আমাৰ গভীৰ সম্প্রীতিক প্ৰতিফলিত কৰে। এইসমূহে সংৰক্ষণ আৰু বহনক্ষম জীৱনৰ দিশতো আমাক অনুপ্ৰাণিত কৰে।’
***
MJPS/PRK/NB
(ৰিলিজ আই ডি : 2256282)
অতিথি কক্ষ : 10