উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

তিনিদিনীয়া ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত কেন্দ্ৰীয় ড’নাৰ সচিব শ্ৰী সঞ্জয় জাজু

উনাকোটী ঐতিহ্য ক্ষেত্ৰৰ স্থাপত্য আৰু ভাস্কৰ্যত মন্ত্ৰমুগ্ধ ড’নাৰ সচিব শ্ৰী সঞ্জয় জাজু

উত্তৰ ত্ৰিপুৰা জিলাৰ ফুলবাৰীৰ আগৰ খেতি গাঁও পৰিদৰ্শন কেন্দ্ৰীয় ড’নাৰ সচিব শ্ৰী সঞ্জয় জাজুৰ

পোষ্ট কৰা হৈছে: 25 APR 2026 10:10PM by PIB Guwahati

উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ (ড’নাৰ) সচিব সঞ্জয় জাজুৱে আজি দুপৰীয়া তিনিদিনীয়া ত্ৰিপুৰা ভ্ৰমণসূচীৰে আগৰতলাত উপস্থিত হয়। দুপৰীয়া তেওঁ কৈলাশহৰত অৱস্থিত পুৰাতাত্ত্বিক আৰু পৰ্যটনস্থলী উনাকোটী পৰিদৰ্শন কৰে। তেওঁ পাহাৰৰ ঢালবোৰত খোদিত উল্লেখযোগ্য শিল-কটা স্থাপত্য আৰু ভাস্কৰ্যবোৰ অন্বেষণ কৰে আৰু এই স্থানৰ ইতিহাস, ঐতিহ্যৰ গুৰুত্ব আৰু ইয়াৰ লগত জড়িত কিংবদন্তিৰ বিষয়ে তেওঁক অৱগত কৰোৱা হয়। তেওঁ উনাকোটীৰ উন্নতিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰো পৰ্যালোচনা কৰে আৰু ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ দ্বাৰা কৰা কামসমূহৰ বিষয়ে অৱগত হয়।

 

এই ভ্ৰমণকালত তেওঁৰ সৈতে ড’নাৰ সঞ্চালক বিবেক গোৱেল, ৰাজ্যিক পৰিকল্পনা বিভাগৰ সচিব এল টি ডাৰলং আৰু উনাকোটি জিলা ন্যায়াধীশ ড০ তমাল মজূমদাৰ উপস্থিত আছিল। উনাকোটীত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে তেওঁক আদৰণি জনায়।

 

শৈৱ তীৰ্থস্থান উনাকোটী পৰিদৰ্শন কৰাৰ পিছত শ্ৰী জাজুৱে কয় যে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে চলি থকা আৰু সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে তেওঁৰ তিনিদিনীয়া ত্ৰিপুৰা ভ্ৰমণ আৰম্ভ হৈছে। তেওঁ উনাকোটীৰ স্থাপত্য আৰু ভাস্কৰ্য ঐতিহ্যত বিস্ময় প্ৰকাশ কৰে।

 

পিছত শ্ৰী জাজুৱে উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ মহকুমাৰ ফুলবাৰীত থকা এখন আগৰ খেতিৰ গাওঁ পৰিদৰ্শন কৰে। তেওঁ আগৰ খেতি কৰা লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু ৰাজ্যখনত আগৰ খেতিৰ বিশাল সম্ভাৱনাৰ কথা উল্লেখ কৰে। তেওঁ আগৰ কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ টাস্ক ফ’ৰ্চ গঠনৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে টাস্ক ফ’ৰ্চৰ পৰামৰ্শৰ ভিত্তিত আগৰ খেতি সম্প্ৰসাৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

দেওবাৰে শ্ৰী জাজুৱে ছেপাহিজালা বন্যপ্ৰাণী অভয়াৰণ্য পৰিদৰ্শন কৰিব আৰু বিশ্ৰামগঞ্জত পিএম-ডিভাইন প্ৰকল্প পৰিদৰ্শন কৰিব। তাৰ পিছত তেওঁ নীৰমহল হৈ মাতাবৰীৰ ত্ৰিপুৰা সুন্দৰী মন্দিৰ দৰ্শন কৰিব। কাইলৈ তেওঁ মহাৰাণী বান্ধ পৰিদৰ্শন কৰিব আৰু চাবিমুৰা আৰু ডাম্বুৰৰ নাৰিকল বাগিচালৈ যাব।

 

***


PS/PKS/KMD/HS


(ৰিলিজ আই ডি : 2255870) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Bengali-TR , Manipuri