প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নীতি আয়োগৰ পুনৰ গঠনৰ বাবে শুভকামনা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
25 APR 2026 10:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিটি আয়োগৰ পুনৰ গঠনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে নীতি আয়োগে ভাৰতৰ নীতি নিৰ্ধাৰণৰ গাঁথনিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে সহযোগিতামূলক যুক্তৰাষ্ট্ৰক উৎসাহিত, গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন আৰু নাগৰিকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে। এই প্ৰতিষ্ঠানটোৱে বিভিন্ন খণ্ডত উদ্ভাৱন আৰু দীৰ্ঘম্যাদী কৌশলগত চিন্তাৰ এক গতিশীল মঞ্চ হিচাপে কাম কৰি আছে।
নিটি আয়োগৰ পুনৰ গঠন সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে শ্ৰী অশোক কুমাৰ লাহিড়ি জীক উপাধ্যক্ষ হিচাপে নিযুক্তিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে শ্ৰী ৰাজীৱ গাউবা জী, অধ্যাপক কে. ভি. ৰাজু জী, গোবৰ্ধন দাস জী, অধ্যাপক অভয় কাৰাণ্ডিকৰ জী আৰু ডঃ এম শ্ৰীনিবাস জীক পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়ঃ
"নিটি আয়োগে ভাৰতৰ নীতি নিৰ্ধাৰণৰ গাঁথনিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে, সহযোগিতামূলক যুক্তৰাষ্ট্ৰ, সংস্কাৰ আৰু জীৱন ধাৰণৰ সহজতা বৃদ্ধি কৰিছে। ই বিভিন্ন ক্ষেত্ৰৰ উদ্ভাৱন আৰু দীৰ্ঘম্যাদী কৌশলগত চিন্তাৰ এক গতিশীল মঞ্চ হিচাপে কাম কৰে।
চৰকাৰে নীতি আয়োগ পুনৰ গঠন কৰিছে। শ্ৰী অশোক কুমাৰ লাহিড়ীক উপাধ্যক্ষ পদত অধিষ্ঠিত হোৱাৰ বাবে মোৰ শুভেচ্ছা জনাইছো। শ্ৰী ৰাজীৱ গাউবা জী, অধ্যাপক কে. ভি. ৰাজু জী, গোবৰ্ধন দাস জী, অধ্যাপক অভয় কাৰাণ্ডিকৰ জী আৰু ডঃ এম শ্ৰীনিবাস জীক পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়াৰ বাবে তেওঁলোককো অভিনন্দন জনাইছো
সকলোকে এক ফলপ্ৰসূ আৰু প্ৰভাৱশালী কাৰ্যকালৰ শুভেচ্ছা জনালোঁ"।
@NITIAayog
******
MJPS/VJ/SS/DB
(ৰিলিজ আই ডি : 2255600)
অতিথি কক্ষ : 74
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam