প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰৰ প্ৰতি সেৱা উন্নত ভাৰতৰ ভেটি বুলি উল্লেখ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
21 APR 2026 11:54AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি কয় যে ৰাষ্ট্ৰৰ প্ৰতি সেৱা হৈছে 'উন্নত ভাৰত' ৰ ভেটি। শ্ৰী মোদীয়ে মন্তব্য কৰে যে অসামৰিক সেৱা দিৱসৰ গৌৰৱোজ্জ্বল ক্ষণ উপলক্ষে, আমি প্ৰান্তীয় অঞ্চলৰ ব্যক্তিসকলকো উন্নয়নৰ মূলসুঁতিলৈ আনি এক শক্তিশালী, সমৃদ্ধিশালী আৰু সহানুভূতিশীল ভাৰত গঢ়ি তোলাৰ বাবে আমাৰ সংকল্পক দোহাৰিছো।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে -
"शीलं परहितासक्तिः अनुत्सेकः क्षमा धृतिः।
अलोभश्चेति विद्यायाः परिपाकोञ्चलं फलम्॥"
এই হিতোপদেশটোত প্ৰকাশ কৰা হৈছে যে শালীনতা, দয়া, নম্রতা, ক্ষমা, ধৈৰ্য্য আৰু নিৰ্লোভ ভাৱনা, এই সকলোবোৰ জ্ঞানৰ পৰিপূৰ্ণতাৰ উজ্জ্বল পৰিণাম।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"ৰাষ্ট্ৰৰ প্ৰতি সেৱা হৈছে এক 'উন্নত ভাৰত"ৰ ভেটি। অসামৰিক সেৱা দিৱসৰ এই গৌৰৱোজ্জ্বল ক্ষণ উপলক্ষে আমি উন্নয়নৰ মূলসুঁতিৰ সৈতে প্ৰান্তীয় জনসাধাৰণক সংযোগ কৰি এক শক্তিশালী, সমৃদ্ধিশালী আৰু সংবেদনশীল ভাৰত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি লওঁ আহক।
शीलं परहितासक्तिः अनुत्सेकः क्षमा धृतिः।
अलोभश्चेति विद्यायाः परिपाकोञ्चलं फलम्॥"
***
MJPS/VJ/DD
(ৰিলিজ আই ডি : 2254081)
অতিথি কক্ষ : 14